নেশ্যনেল ডেস্ক,১৮ ছেপ্টেম্বৰ : জম্মু-কাশ্মীৰৰ অনন্তনাগত সন্ত্ৰাসবাদী আৰু নিৰাপত্তা বাহিনীৰ সংঘৰ্ষ অব্যাহত আছে । সন্ত্ৰাসবাদীসকলে আত্মগোপনৰ বাবে ব্যৱহাৰ কৰা অনন্তনাগৰ গভীৰ অৰণ্য আৰু দুৰ্গম অঞ্চলবোৰ একপ্ৰকাৰ সন্ত্ৰাসবাদীৰ দুৰ্গ হৈ পৰিছে । কিয়নো এই সংঘৰ্ষত এতিয়ালৈ ৪ জন সুৰক্ষা কৰ্মীয়ে প্ৰাণ হেৰুৱাইছে । ইফালে নিৰাপত্তা বাহিনীৰ অনুসন্ধান অভিযান দেওবাৰে পঞ্চম দিনত প্ৰৱেশ কৰিছে । যোৱা ১০০ ঘণ্টা ধৰি নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসাবাদীৰ মাজত ড্ৰোণ আৰু গধুৰ আৰ্টিলাৰীৰ নিখুঁত আক্ৰমণ চলি আছে ।
অনন্তনাগৰ পাহাৰীয়া অঞ্চলত আত্মগোপন কৰা সন্ত্ৰাসবাদীসকলৰ অৱস্থান নিৰ্ধাৰণ কৰিবলৈ ড্ৰোণৰ জৰিয়তে অভিযান চলোনা হৈছে । ইয়াৰ মাজতে শনিবাৰে নিৰাপত্তা বাহিনীয়ে জম্মু-কাশ্মীৰৰ বাৰামুলা জিলাত নিয়ন্ত্ৰণ ৰেখা অতিক্ৰম কৰিবলৈ চেষ্টা কৰা ৩ সন্ত্ৰাসবাদীক গুলীয়াই হত্যা কৰে । পাকিস্তানী সেনাই এটা সন্ত্ৰাসবাদীক পলাই যোৱাত সহায় কৰিবলৈ কভাৰ ফায়াৰ কৰিছিল বুলি জানিব পৰা গৈছে ।
জম্মু-কাশ্মীৰৰ অনন্তনাগ জিলাত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত চলি থকা সংঘৰ্ষৰ মাজতে লেফটেনেণ্ট গৱৰ্ণৰ মনোজ সিনহাই কয় যে, দুগৰাকী জ্যেষ্ঠ বিষয়াকে ধৰি সৈনিকসকলৰ মৃত্যুৰ প্ৰতিশোধ লোৱা হ'ব ।
শ্ৰীনগৰৰ এছকেআইচিচিত 'হাম চাব এক হে' শীৰ্ষক অনুষ্ঠানত ভাষণ দি লেফটেনেণ্ট গৱৰ্ণৰে কয় যে প্ৰশাসন অঞ্চলটোত স্থায়ী শান্তি বজাই ৰাখিবলৈ প্ৰতিশ্ৰুতিবদ্ধ আৰু জম্মু-কাশ্মীৰৰ জনসাধাৰণেও সন্ত্ৰাসবাদৰ পৰা মুক্ত হ'ব বিচাৰে ।
অনুষ্ঠানটোত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দেও অংশগ্ৰহণ কৰে । পাকিস্তানী সন্ত্ৰাসবাদীৰ কাৰ্যকলাপ সন্দৰ্ভত লেফটেনেণ্ট গৱৰ্ণৰে কয় যে, সৈনিকসকলৰ মৃত্যুৰ প্ৰতিশোধ লোৱা হ'ব । ইয়াত জড়িতসকলক উপযুক্ত উত্তৰ দিয়া হ'ব আৰু তেওঁলোকে যথেষ্ট মূল্য পৰিশোধ কৰিব লাগিব । তেওঁ কোৱা মতে সমগ্ৰ দেশ আজি দেশৰ সাহসী সৈনিকসকলৰ সৈতে থিয় হৈ আছে ।
তেওঁ লগতে কয় যে, সকলোৱে অঞ্চলটোত সন্ত্ৰাসবাদক পৰাস্ত কৰিবলৈ আৰু নিৰাপত্তাৰ প্ৰতি প্ৰত্যাহ্বানৰ মোকাবিলা কৰাৰ প্ৰতিশ্ৰুতি লোৱা উচিত । উন্নত ভাৰত গঢ়ি তোলাৰ ক্ষেত্ৰত এই অঞ্চলৰ অৱদান আন কোনো ৰাজ্যতকৈ কম নহয় বুলিও তেওঁ দাবী কৰে ।
লগতে পঢ়ক :Terrorist killed at Uri : বাৰামুলাৰ উৰিত সংঘৰ্ষত নিহত তিনি সন্ত্ৰাসবাদী