ETV Bharat / bharat

Hiamchal election results: ষষ্ঠবাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত জয়ৰাম ঠাকুৰ - Himachal Pradesh assembly election

একেৰাহে ষষ্ঠবাৰৰ বাবে বিধানসভা নিৰ্বাচনত বিজয় সাব্যস্ত কৰিলে হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী জয়ৰাম ঠাকুৰে (Jairam Thakur elected for sixth times) । প্ৰায় 20,000 ভোটত জয়লাভ কৰিছে ঠাকুৰে ৷ ২০১৭ চনত কংগ্ৰেছৰ চেতৰামক ১১২৫৪ টা ভোটত পৰাস্ত কৰি হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী হয় নেতাগৰাকী ।

Hiamchal election results
Hiamchal election results
author img

By

Published : Dec 8, 2022, 12:31 PM IST

নিউজ ডেস্ক, 8 ডিচেম্বৰ: হিমাচলত জয় আৰু পৰাজয়ৰ পাৰ্থক্য বেছি নহয় বুলি কোৱা হয় যদিও, এই কথাটো ভুল বুলি প্ৰমাণ কৰিলে মুখ্যমন্ত্ৰী জয়ৰাম ঠাকুৰে (Jairam Thakur won election 2022)। সৰাজ বিধানসভা সমষ্টিৰ পৰা বিপুল ভোটেৰে জয়লাভ কৰিছে মুখ্যমন্ত্ৰী জয়ৰাম ঠাকুৰে । একেৰাহে ষষ্ঠবাৰৰ বাবে বিধানসভা নিৰ্বাচনত বিজয় সাব্যস্ত কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে (Jairam Thakur elected for sixth times) । প্ৰায় 20,000 ভোটত জয়লাভ কৰিছে ঠাকুৰে ৷

জয়ৰাম ঠাকুৰৰ জনসাধাৰণৰ সৈতে সম্পৰ্ক খুৱেই ভাল বুলি কোৱা হয় । সৰল গ্ৰাম্য পটভূমিৰ পৰা অহা জয়ৰাম ঠাকুৰৰ ৰাজনৈতিক জীৱন সংগ্ৰামেৰে ভৰা । ছাত্ৰ ৰাজনীতিৰ পৰা ওলাই অহা জয়ৰাম ঠাকুৰে সংগঠনতো সক্ৰিয়ভাৱে কাম কৰিছিল । এইবাৰ তেওঁ ষষ্ঠবাৰৰ বাবে নিৰ্বাচনত জয়লাভ কৰিছে (Himachal Pradesh assembly election) ।

২০১৮ বৰ্ষটো ৰাজনৈতিক দৃষ্টিকোণৰ পৰা চালে বহুতো গুৰুত্বপূৰ্ণ ঘটনা ঘটিছে । ইয়াত জয়ৰাম ঠাকুৰৰ ৰাজনৈতিক জীৱনক আটাইতকৈ গুৰুত্বপূৰ্ণ ঘটনা হিচাপে চোৱা হয় । মান্দি জিলাৰ দুৰ্গম অঞ্চলৰ অন্তৰ্গত জয়ৰাম ঠাকুৰ ছাত্ৰ জীৱনৰ পৰাই ৰাজনীতিৰ প্ৰতি আগ্ৰহী আছিল (Himachal Cm Jairam Thakur) । অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ পৰা ভাৰতীয় জনতা যুৱ মৰ্চা, দলৰ সভাপতি, নিৰ্বাচনী ৰাজনীতি, বিধায়ক, মন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ দায়িত্ব চম্ভালিছে জয়ৰাম ঠাকুৰে ।

১৯৬৫ চনৰ ৬ জানুৱাৰীত মান্দি জিলাত জন্মগ্ৰহণ কৰিছিল জয়ৰাম ঠাকুৰৰ । ছাত্ৰ সংগঠন এবিভিপিৰ জৰিয়তে ৰাজনীতিত প্ৰৱেশ কৰে তেওঁ । ১৯৮৬ চনত এবিভিপিৰ যুটীয়া ৰাজ্যিক সচিব হয় ঠাকুৰ । ১৯৮৯ চনৰ পৰা ১৯৯৩ চনলৈ জম্মু-কাশ্মীৰত সংগঠনটোৰ হৈ তেওঁ কাম কৰিছিল ।

১৯৯৩ চনৰ পৰা ১৯৯৫ চনলৈ তেওঁ ভাৰতীয় জনতা পাৰ্টি যুৱ মৰ্চাৰ ৰাজ্যিক সম্পাদক আৰু ৰাজ্যিক সভাপতিও আছিল । ২০০০ চনৰ পৰা ২০০৩ চনলৈ তেওঁ মান্দি জিলা বিজেপিৰ সভাপতি আৰু ২০০৩ চনৰ পৰা ২০০৫ চনলৈকে ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক উপ-সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । ২০০৬ চনত জয়ৰাম বিজেপিৰ ৰাজ্যিক সভাপতি হয় । ১৯৯৮ চনত তেওঁ প্ৰথমবাৰৰ বাবে চাচিয়োটৰ পৰা বিধায়ক নিৰ্বাচিত হয় আৰু তাৰ পিছত ২০০৩ আৰু ২০০৭ চনতো চাচিয়োটৰ বিধানসভা আসনৰ পৰা জয়লাভ কৰে ।

২০০৭ চনত বিজেপিৰ সভাপতি হিচাপে নিৰ্বাচনত জয়ী নোহোৱাৰ প্ৰবাদ ভংগ কৰি একেৰাহে তৃতীয়বাৰৰ বাবে জয়লাভ কৰি ধূমল চৰকাৰৰ পঞ্চায়তীৰাজ মন্ত্ৰী হয় জয়ৰাম ঠাকুৰ । ডি-লিমিটেচনৰ পিছত ২০১২ চনত সৰাজৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি কংগ্ৰেছৰ তাৰা ঠাকুৰক ৫৭৫২ ভোটত পৰাস্ত কৰে ঠাকুৰে । ২০১৭ চনত কংগ্ৰেছৰ চেতৰামক ১১২৫৪ টা ভোটত পৰাস্ত কৰি হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী হয় নেতাগৰাকী ।

পাঁচজন ভাই-ভনীৰ ভিতৰত চতুৰ্থ জয়ৰাম ঠাকুৰ । পূৰ্ণু দেৱী তেওঁৰ পৰিয়ালৰ জ্যেষ্ঠ ভগ্নী । পূৰ্ণু দেৱীৰ পিছতে ভাতৃদ্বয় অনন্তৰম আৰু বীৰ সিং। অন্তৰম আচবাব ব্যৱসায়ৰ সৈতে জড়িত হৈ থকাৰ বিপৰীতে বীৰ সিঙে ঠিকাদাৰী কাম কৰে । পৰিয়ালৰ চতুৰ্থ সন্তান জয়ৰাম ঠাকুৰ, যি এতিয়া ৰাজ্যখনৰ মুখ্যমন্ত্ৰী । সৰু ভগ্নী অনু অংগনবাদীত কৰ্মৰত । পৰিয়ালটোৰ জীৱন-যাপন প্ৰণালী অতি সাধাৰণ ।

মাতৃ ব্ৰিকমু দেৱী আৰু ভগ্নী অনুৰ মতে, পিতৃ জেথুৰামে নিজৰ পুত্ৰক উচ্চ পদত অধিষ্ঠিত হোৱা চাবলৈ বিচাৰিছিল । নিয়তিয়ে ২০১৭ চনৰ ২৫ ডিচেম্বৰতেই তেওঁক পৰিয়ালৰ পৰা কাঢ়ি লৈ ​​গৈছিল । অসুস্থ অৱস্থাতো পিতৃ জেথুৰামৰ একেই আশা আছিল যে, তেওঁ বিধানসভা নিৰ্বাচনত পুত্ৰৰ সপক্ষে ভোট দিব । তিনি দশকৰ ৰাজনৈতিক জীৱনত জয়ৰামে যি কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰে কাম কৰি আহিছে, তাত উন্নতি কৰিব বুলি তেওঁৰ সম্পূৰ্ণ আশা আছিল । এতিয়া জয়ৰাম ঠাকুৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী, কিন্তু তেওঁক এই ৰূপত চাবলৈ পিতৃ এই পৃথিৱীত নাই । জয়ৰাম ঠাকুৰৰ মনতো এই দুখ আজিও আছে ৷

লগতে পঢ়ক: Himachal Pradesh poll results: হিমাচল প্ৰদেশ বিধানসভা নিৰ্বাচনৰ ভোট গণনাৰ LIVE Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.