ETV Bharat / bharat

জম্মু কাশ্মীৰত এনকাউণ্টাৰত লস্কৰ ই তৈবাৰ এটা সন্ত্ৰাসবাদী নিহত : এজন আৰক্ষী জোৱান শ্বহীদ - 1 জন আৰক্ষী জোৱান নিহত

জম্মু-কাশ্মীৰৰ শ্বপিয়ান জিলা দেওবাৰে সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘৰ্ষৰ ঘটনা সংঘটিত হয় (One militant killed in encounter)৷ এই গুলীয়াগুলীৰ ঘটনাত এটা লস্কৰ-ই-তৈবাৰ সন্ত্ৰাসবাদী নিহত হৈছে বুলি জানিব পৰা গৈছে (Encounter in Shopian) ৷ পুলৱামাত শ্বহীদ এজন আৰক্ষী জোৱান ৷

J&K: One militant killed in encounter in Shopian
জম্মু-কাশ্মীৰত এনকাউণ্টাৰত লস্কৰ ই তৈবাৰ এক সন্ত্ৰাসবাদী নিহত
author img

By

Published : Oct 2, 2022, 4:45 PM IST

নেশ্যনেল ডেস্ক, 2 অক্টোবৰ: জম্মু-কাশ্মীৰৰ শ্বপিয়ান জিলাৰ বাস্কুচান ইমামচাহিব অঞ্চলত দেওবাৰে সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘটিত হয় সংঘৰ্ষ (One militant killed in encounter)৷ এই গুলীয়াগুলীৰ ঘটনাত এটা লস্কৰ-ই-তৈবাৰ সন্ত্ৰাসবাদী নিহত হৈছে বুলি জানিব পৰা গৈছে (Encounter in Shopian)৷ কাশ্মীৰ জ’ন আৰক্ষীয়ে টুইটযোগে এই কথা সদৰী কৰে (Kashmir Zone Police)৷

আৰক্ষীয়ে জনোৱা অনুসৰি নিহত হোৱা সন্ত্ৰাসবাদীটো শ্বপিয়ানৰ নওপোৰা বাস্কুচানৰ নাছিৰ আহমেদ ভাট বুলি চিনাক্ত কৰা হৈছে ৷ নাছিৰ দীৰ্ঘদিনৰ পৰা লস্কৰ-ই-তৈবাৰ লগত জড়িত আছিল বুলি আৰক্ষীয়ে জনায় ৷ আৰক্ষীয়ে নাছিৰৰ পৰা এ কে ৰাইফলকে ধৰি বিভিন্ন আপত্তিজনক সামগ্ৰী, অস্ত্ৰ-শস্ত্ৰ আৰু গোলা বাৰুদ উদ্ধাৰ কৰিছে ৷

দেওবাৰে পুৱাই আৰক্ষীয়ে অঞ্চলটোত সন্ত্ৰাসবাদীৰ উপস্থিতিৰ বিষয়ে তথ্য লাভ কৰাৰ পিছতে অভিযান আৰম্ভ কৰিছিল ৷ এই তালাচী অভিযানৰ সময়ত সন্ত্ৰাসবাদীৰ দলটোৱে নিৰাপত্তাৰক্ষীৰ দলটোৰ ওপৰত গুলীচালনা কৰে ৷ তাৰ পিছতে সুৰক্ষাবাহিনী আৰু উগ্ৰপন্থীৰ মাজত ভয়ংকৰ গুলীচালনাৰ ঘটনা সংঘটিত হয় ৷

আনহাতে, দেওবাৰে দিনৰ ভাগত জম্মু কাশ্মীৰৰ পুলৱামাৰ পিংলানাত চিআৰপিএফ আৰু আৰক্ষীৰ যুটীয়া নাকা পাৰ্টিৰ ওপৰত সন্ত্ৰাসবাদীৰ এটা দলে গুলীচালনা কৰাৰ ঘটনা পোহৰলৈ আহিছে (Terrorists fired upon joint naka party)৷ এই সংঘৰ্ষত 1 জন আৰক্ষী জোৱান শ্বহীদ (Police personnel died) হোৱাৰ লগতে 1 জন চি আৰ পি এফ জোৱান আহত (CRPF personnel got injured) হয় বুলি আৰক্ষীয়ে প্ৰকাশ কৰে ৷ ঘটনা সন্দৰ্ভত এতিয়ালৈ অধিক তথ্য জানিব পৰা হোৱা নাই ৷

ইয়াৰ পূৰ্বে শুকুৰবাৰে বাৰামুলাত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ সংঘৰ্ষত জৈইছ-ই-মহম্মদৰ সৈতে সম্পৰ্ক থকা দুটা সন্ত্ৰাসবাদী নিহত হয় ৷ জম্মু আৰু কাশ্মীৰ আৰক্ষীয়ে বাৰামুলা জিলাৰ পাট্টান অঞ্চলৰ য়েদিপোৰা গাঁৱত সন্ত্ৰাসবাদীৰ উপস্থিতিৰ বিষয়ে তথ্য লাভ কৰাৰ পিছতে অঞ্চলটোত আৰক্ষী, সেনা আৰু সশস্ত্ৰ সীমা বল (এছএছবি)ৰ দ্বাৰা এক যুটীয়া অনুসন্ধান অভিযান আৰম্ভ হৈছিল ৷

তালাচী অভিযানৰ সময়ে সন্ত্ৰাসবাদীৰ দলটোৱে নিৰাপত্তাৰক্ষীৰ ওপৰত নিৰ্বিচাৰভাৱে গুলীচালনা কৰে ৷ তাৰ পিছতেই দুযোপক্ষৰ মাজত তুমুল গুলীচালনাৰ ঘটনা সংঘটিত হয় ৷

লগতে পঢ়ক: এটা চৰকাৰী পদক লৈ 10,000 প্ৰাৰ্থীৰ খোৱা কামোৰা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.