ETV Bharat / bharat

Chandrayaan 3 preparation : চন্দ্ৰ অভিযানৰ পূৰ্বে ভগৱানৰ ওচৰত প্ৰাৰ্থনা ইছৰোৰ বিজ্ঞানীৰ

author img

By

Published : Jul 13, 2023, 12:28 PM IST

কাইলৈ অৰ্থাৎ শুকুৰবাৰে চন্দ্ৰযান-৩ উৎক্ষেপণ কৰা হ'ব । তাৰ পূৰ্বে ইছৰোৰ বিজ্ঞানীৰ এটা দলে প্ৰখ্যাত তিৰুপতি ভেংকটচলপতি মন্দিৰত আশীষ ল'লে । চন্দ্ৰযান-৩ৰ সফল উৎক্ষেপণৰ বাবে প্ৰাৰ্থনা জনালে ।

Chandrayaan 3 preparation
চন্দ্ৰ অভিযানৰ পূৰ্বে ভগৱানৰ ওচৰত প্ৰাৰ্থনা ইছৰোৰ বিজ্ঞানীৰ

নেশ্যনেল ডেস্ক,১৩ জুলাই : তৃতীয়টো চন্দ্ৰ অভিযানৰ বাবে সম্পূৰ্ণ সাজু হৈ উঠিছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৰ বিজ্ঞানীসকল । শুকুৰবাৰে বহু প্ৰত্যাশিত চন্দ্ৰযান-৩ক মহাকাশলৈ উৎক্ষেপণ কৰা হ'ব । তাৰ প্ৰাকক্ষণত ইছৰোৰ বিজ্ঞানীৰ এটা দলে বৃহস্পতিবাৰে পুৱা চন্দ্ৰযান-৩ৰ এটা ক্ষুদ্ৰ আৰ্হি লৈ প্ৰখ্যাত তিৰুপতি ভেংকটচলপতি মন্দিৰত উপস্থিত হয় আৰু ইয়াৰ সফল উৎক্ষেপণৰ বাবে প্ৰাৰ্থনা কৰে ।

ইছৰোৰ বৈজ্ঞানিক সচিব শান্তনু ভাটৱাদেকাৰৰ নেতৃত্বৰ দলটোৱে মন্দিৰটো পৰিদৰ্শন কৰে আৰু প্ৰাৰ্থনা কৰে । প্ৰাৰ্থনাৰ পাছত ইছৰোৰ এগৰাকী বিজ্ঞানীয়ে সাংবাদিকক কয় যে এয়া চন্দ্ৰযান অভিযান আৰু সকলো পৰিকল্পনাৰ বাবে কৰা হৈছে । ইয়াৰ পূৰ্বে ইছৰোৱে চন্দ্ৰযান-৩ অভিযান সন্দৰ্ভত আনুষ্ঠানিক ঘোষণা কৰিছে আৰু সকলো বিৱৰণ প্ৰকাশ কৰিছে ।

২০১৯ চনত চন্দ্ৰ অভিযানৰ প্ৰচেষ্টা বিফল হোৱাৰ পাছত ইছৰোৱে এই অভিযান সফল হ'ব বুলি আশা কৰিছে । সংস্থাটোৱে নিশ্চিত কৰিছে যে অভিযানটো ১৪ জুলাইত আবেলি ২:৩৫ বজাত আৰম্ভ হ'ব । চন্দ্ৰযান-৩ৰ উদ্দেশ্য হৈছে চন্দ্ৰপৃষ্ঠত এক সুৰক্ষিত আৰু ছফ্ট লেণ্ডিং অৰ্থাৎ কোনো অসুবিধা অবিহনে অৱতৰণ কৰা । অৱতৰণ ২৩ আগষ্টৰ পৰা ২৪ আগষ্টৰ ভিতৰত হ'ব বুলি আশা কৰা হৈছে ।

ইছৰোৰ অধ্যক্ষ এছ. সোমনাথে এই অভিযানৰ তাৎপৰ্য ব্যক্ত কৰি কয় যে চন্দ্ৰত 'ছফ্ট লেণ্ডিং' কৰাৰ লক্ষ্য আগত ৰখা হৈছে । এই প্ৰচেষ্টাই ভাৰতৰ দ্ৰুত গতিত আগবাঢ়ি অহা মহাকাশ খণ্ডৰ বাবে এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে চিহ্নিত কৰিব । এই অভিযানৰ অংশস্বৰূপে ইছৰোৱে শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰত উৎক্ষেপণ বাহন মাৰ্ক-৩ (এলভিএম৩)ৰ সৈতে চন্দ্ৰযান-৩ মহাকাশযানক সফলতাৰে একত্ৰিত কৰি এক গুৰুত্বপূৰ্ণ কাম সম্পন্ন কৰিছে । উৎক্ষেপণস্থলীত ইতিমধ্যে সকলো ব্যৱস্থাও কৰা হৈছে । এতিয়া চন্দ্ৰযান-৩ৰ সফল উৎক্ষেপণৰ বাবে সকলোৱে অপেক্ষা কৰি আছে ।

লগতে পঢ়ক :ISRO Third Lunar Mission : তৃতীয় চন্দ্ৰ অভিযানৰ বাবে সাজু ইছৰো; ভাৰতৰ দৃষ্টি বিৰল কৃতিত্বৰ দিশে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.