ETV Bharat / bharat

ISRO য়ে উৎক্ষেপণ কৰিলে PSLV C51

author img

By

Published : Feb 28, 2021, 2:06 PM IST

দেওবাৰে Polar Satellite Launch Vehicle (PSLV) C51 উৎক্ষেপণ কৰে ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠানে ৷ এই PSLV C51 ব্ৰাজিলৰ Amazonia-1, 18 আৰু অন্যান্য কৃত্ৰিম উপগ্ৰহ কঢ়িয়াই নিছে ৷

isro-launches-pslv-c51-carrying-amazonia-1-and-18-other-satellites
ISRO এ উৎক্ষেপন কৰিলে PSLV C51

নেশ্যনেল ডেস্ক,28 ফেব্ৰুৱাৰী: ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠান চমুকৈ ISRO এ দেওবাৰে Polar Satellite Launch Vehicle (PSLV) C51 উৎক্ষেপণ কৰে ৷ দেওবাৰে পুৱা 10.28 বজাত অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ পৰা উৎক্ষেপিত এই PSLV C51 ব্ৰাজিলৰ Amazonia-1, 18 আৰু অন্যান্য কৃত্ৰিম উপগ্ৰহ কঢ়িয়াই নিছে ৷

এই উৎক্ষেপণৰ সময়ত সতীশ ধৱন মহাকাশ কেন্দ্ৰত এগৰাকী ব্ৰাজিলিয়ান প্ৰতিনিধি উপস্থিত আছিল ৷ উল্লেখ্য যে, PSLV-C51/Amazonia-1 হ’ল NewSpace India Limited (NSIL)ৰ প্ৰথমটো বাণিজ্যিক অভিযান ৷ এই প্ৰতিষ্ঠানটো হ’ল ভাৰতীয় মহাকাশ বিভাগৰ অধীনষ্ঠ এক চৰকাৰী প্ৰতিষ্ঠান ৷ NSIL এ এই অভিযান আমেৰিকা যুক্তৰাষ্ট্ৰ Spaceflight Inc. ৰ সৈতে বাণিজ্যিক চুক্তিৰ অধীনত আৰম্ভ কৰিছে ৷

Amazonia-1 হ’ল এক অপটিকেল আৰ্থ অৱজাৰভেশ্যন উপগ্ৰহ ৷ এই উপগ্ৰহই ব্ৰাজিলৰ অন্তৰ্গত বৈচিত্ৰ্যময় কৃষিৰ বিশ্লেষণ কৰাৰ লগতে আমাজনত চলি থকা অবাধ বন ধ্বংসৰ পৰ্যবেক্ষণ কৰি সংবেদনশীল তথ্য ব্যৱহাৰকাৰীক প্ৰদান কৰিব ৷ ইয়াৰ দ্বাৰা আমাজনৰ শেহতীয়া পৰিকাঠামো শক্তিশালী কৰাত সহায়ক হ’ব ৷ উল্লেখ্য যে, PSLV-C51, PSLVৰ 53 সংখ্যক অভিযান ৷

লগতে পঢ়ক-প্ৰেংক ভিডিঅ' আপলোড কৰি আটক তিনিজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.