ETV Bharat / bharat

ISRO chairman temple visit controversy: ঈশ্বৰ উপাসনা কোনো ভুল নহয়; এছ সোমনাথক সমৰ্থন ইছৰোৰ প্ৰাক্তন অধ্যক্ষৰ - scientists can follow there religious beliefs

চন্দ্ৰযান-৩ অভিযানৰ পাছতে ইছৰোৰ মুৰব্বী এছ সোমনাথে বিভিন্ন মন্দিৰ দৰ্শন কৰিছে । এগৰাকী বিজ্ঞানীয়ে ভগৱানক বিশ্বাস কৰাক লৈ বিভিন্ন মহলত বিতৰ্কও হৈছে । এই বিতৰ্কৰ মাজতে ইছৰোৰ প্ৰাক্তন অধ্যক্ষ জি মাধৱন নায়াৰে এছ সোমনাথক সমৰ্থন জনাই কয় যে উপাসনা কৰা কোনো ভুল নহয় ।

ISRO chairman temple visit controversy
এছ সোমনাথক সমৰ্থন ইছৰোৰ প্ৰাক্তন অধ্যক্ষৰ
author img

By ETV Bharat Assamese Team

Published : Aug 29, 2023, 12:32 PM IST

নেশ্যনেল ডেস্ক, ২৯ আগষ্ট : চন্দ্ৰযান-৩ উৎক্ষেপণৰ পূৰ্বে আৰু পাছত ইছৰোৰ মুৰব্বী এছ সোমনাথকে ধৰি বিজ্ঞানীসকলক বিভিন্ন মন্দিৰ দৰ্শন কৰা দেখা গৈছে । তাৰ পাছতে দেশত বিশ্বাস আৰু বিজ্ঞানক লৈ বিতৰ্ক আৰম্ভ হৈছে । এনে ৰাজহুৱা বিতৰ্কৰ মাজতে সোমবাৰে ইছৰোৰ প্ৰাক্তন অধ্যক্ষ জি মাধৱন নায়াৰে কয় যে, আনকি এলবাৰ্ট আইনষ্টাইনৰ দৰে এগৰাকী মহান বিজ্ঞানীয়েও পৃথিৱীৰ বাহিৰত কিবা আছে বুলি মত পোষণ কৰিছিল আৰু ইয়াক ঈশ্বৰ বা বিধাতা বুলি অভিহিত কৰিছিল । চন্দ্ৰযান-৩ অভিযান সন্দৰ্ভত ইছৰোৰ বিজ্ঞানীসকলে মন্দিৰ পৰিদৰ্শন কৰাক লৈ সামাজিক মাধ্যমত হোৱা বিতৰ্কৰ মাজতে ইছৰোৰ প্ৰাক্তন অধ্যক্ষ জি মাধৱন নায়াৰে কয় যে এয়া কোনো ভুল নহয় ।

ইছৰোৰ মুৰব্বী এছ সোমনাথৰ প্ৰতি সমৰ্থন জনাই নায়াৰে কয় যে বৈজ্ঞানিক অনুভূতিৰ লগতে ধৰ্মীয় বিশ্বাসক গুৰুত্ব দিয়াৰ ক্ষেত্ৰত তেওঁ ইছৰোৰ মুৰব্বীৰ সৈতে আছে । এইটো প্ৰকৃততে মৌলিক সত্য বিচাৰি উলিওৱাৰ প্ৰশ্ন । এজনে বাহিৰৰ পৃথিৱীখন আৱিষ্কাৰ কৰে আৰু ইয়াক বুজিবলৈ চেষ্টা কৰে । কিছুমান লোকে ভিতৰলৈ চায় আৰু বুজিবলৈ চেষ্টা কৰে যে আত্মা কি আৰু ই ক'ত বিলীন হয় । ইছৰোৰ মুৰব্বী সোমনাথে উপাসনাস্থলী ভ্ৰমণ কৰা আৰু প্ৰাৰ্থনা কৰাক চাপ কমাবলৈ কৰা উপায় বুলিও তেওঁ বৰ্ণনা কৰে ।

ইছৰোৰ মুৰব্বী এছ সোমনাথে এই সন্দৰ্ভত কয় যে মানসিক সন্তুষ্টিৰ বাবে তেওঁ প্ৰাৰ্থনা কৰে । যেতিয়া জটিল বৈজ্ঞানিক অভিযানত কাম কৰি থকা যায় তেতিয়া বহুতো বাধা আৰু সমস্যা আহে আৰু যিকোনো সময়তে খেলিমেলি হ'ব পাৰে । এনে পৰিস্থিতিত, প্ৰাৰ্থনা আৰু উপাসনাই মনটো শান্ত কৰি ৰখাত সহায় কৰে । ইছৰোৰ প্ৰাক্তন অধ্যক্ষ মাধৱন নায়াৰে কয় যে এই প্ৰাৰ্থনা আৰু বিশ্বাসবোৰ কেৱল কোনো নিৰ্দিষ্ট ধৰ্মতে সীমাবদ্ধ নহয় আৰু এজনে তেওঁলোকৰ নিজৰ উপাসনা পদ্ধতি অনুসৰণ কৰিব পাৰে ।

লগতে পঢ়ক :Chandrayaan3 rover faces crater : চন্দ্ৰপৃষ্ঠত প্ৰজ্ঞানৰ যাত্ৰাপথত গহ্বৰ; সুৰক্ষিতভাৱে নতুন পথত অগ্ৰসৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.