সাম্প্ৰতিক সময়ত স্বাস্থ্য সংক্ৰান্তীয় আলোচনাৰ আটাইতকৈ বেছি চৰ্চিত বিষয়টোৱেই হ'ল অত্যাধিক ওজন বা মেদবহুলতা ৷ মেদবহুলতাক সোঁচৰা ৰোগৰ শাৰীত ধৰা নহয় যদিও ইয়াক প্ৰায় সকলো গম্ভীৰ ৰোগৰে তীব্ৰতা বৃদ্ধিৰ অন্যতম কাৰক বুলিব পাৰি ৷
4 মাৰ্চত উদযাপন কৰা বিশ্ব মেদবহুলতা দিৱস উপলক্ষে “দ্য ৱৰ্ল্ড অ'বেছিটি ফেডাৰেছনে” প্ৰকাশ কৰা “দ্য ২০২১ এটলাছ ৰিপৰ্ট”ত স্পষ্টভাৱে কোৱা হৈছে যে, মেদবহুলতা হৈছে মাৰাত্মক কৰ'ণা ৰোগৰ তীব্ৰতা বৃদ্ধিৰ আঁৰত থকা কাৰণসমূহৰ ভিতৰত অন্যতম ৷ তদুপৰি অত্যাধিক ওজন থকা শৰীৰৰ অধিকাৰী লোকৰ হাৰ বেছি থকা দেশসমূহত মেদবহুলতাৰ হাৰ কম থকা দেশসমূহৰ তুলনাত মৃত্যুৰ হাৰ বেছি আছিল ৷
পৰিসংখ্যাই কি কয় ?
“দ্য ২০২১ এটলাছ ৰিপৰ্ট”ৰ অনুসৰি, ২০২১ চনৰ ফেব্ৰুৱাৰী মাহৰ শেষলৈকে কৰ'ণা আক্ৰান্তসকলৰ ভিতৰত মুঠ ২৫ লাখ লোকৰ মৃত্যু ঘটিছে ৷ ইয়াৰে ২২ লাখ লোকেই হৈছে সেই সমূহ দেশৰ, যাৰ মুঠ জনসংখ্যাৰ অৰ্ধেক সংখ্যকেই অত্যাধিক ওজনৰ বুলি শ্ৰেণীবদ্ধ কৰা হৈছে ৷ ইউনাইটেড কিংডমৰ তথ্য অনুসৰি জানিব পৰা গৈছে যে, মুঠ ক'ভিড-১৯ আক্ৰান্ত ৰোগীসকলৰ ৩৬ শতাংশকেই বিনা শাৰীৰিক পৰিশ্ৰম আৰু শৰীৰৰ অত্যাধিক ওজনৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ৷
“ফেন এট অলে (২০২০) অনুমান কৰিছে যে, ক'ভিড-১৯ ৰ পৰীক্ষণৰ ১০.৫ শতাংশ ইতিবাচক ফলাফল মেদবহুলতাৰ বাবে হৈছিল ৷ এই তথ্য ২০২০ চনৰ পহিলা মাৰ্চৰ পৰা ১৪ মে’ৰ ভিতৰত মাৰ্কিন যুক্তৰাষ্ট্ৰৰ এক জনসংখ্যা প্ৰতিবেদনত প্ৰকাশিত হৈছিল ৷ আন্তৰাষ্ট্ৰীয় মুদ্ৰা নিধি (আই এম এফ)ৰ মতে, “ক'ভিড-১৯ ৰ ফলত ২০২০-২০২১ চনৰ সময়চোৱাত সমগ্ৰ বিশ্বৰ উৎপাদনৰ ক্ষেত্ৰখনে সৰ্বমুঠ দহ ট্ৰিলিয়ন ড'লাৰৰ লোকচান ভৰিবলগীয়া হ'ব আৰু এই সংখ্যা ২০২০-২০২৫ চনৰ সময়চোৱাত ২২ ট্ৰিলিয়ন ড'লাৰ হ'বগৈ” ৷
ইয়াৰ উপৰিও অনুমান কৰা হৈছে যে, মেদবহুলতাৰ ফলত তীব্ৰতৰ হোৱা ৰোগবোৰৰ বাবে এই ব্যয় ৬-৭ ট্ৰিলিয়নলৈকে বৃদ্ধি হ’ব পাৰে ৷ ভাৰতবৰ্ষত এতিয়াও বিএমআই আদৰ্শ হিচাপে পৰিগণিত হোৱা নাই দেশৰ সামগ্ৰিক পৰিস্থিতি, ইয়াৰ নাগৰিকসকলৰ আনুমানিক বয়স, স্বাস্থ্য সম্পৰ্কীয় বিকাশ আৰু অনান্য বহু কাৰকক সামৰি বিভিন্ন দেশত গৱেষণা চলোৱা হৈছিল আৰু এই প্ৰতিবেদনবোৰত আমাৰ দেশৰ বিষয়ে যি তথ্য পোৱা গৈছিল; ই আছিল অতি চিন্তনীয় ৷ প্ৰতিবেদন অনুসৰি, আমাৰ দেশত প্ৰাপ্তবয়স্কসকলে ‘বডী মাছ ইনডেক্স’ অৰ্থাৎ বিএমআইক খুব এটা গুৰুত্ব সহকাৰে লোৱা নাই ৷
যি সকল লোকক লৈ এই গৱেষণা সম্পন্ন কৰা হৈছিল তাৰে ১৯.৭ শতাংশ লোক আছিল অত্যাধিক ওজনৰ ৷ আনহাতে ৩.৯ শতাংশ আছিল স্থূলকায় শৰীৰৰ অধিকাৰী ৷ ভাৰতবৰ্ষত সম্ভৱতঃ ২০১০ চনৰ পৰা ২০২৫ চনলৈকে মেদবহুল লোকৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাব ৷ ২০১০ চনত প্ৰায় ২ শতাংশ লোকে মেদবহুল সমস্যা সম্পৰ্কে আপত্তি দৰ্শাইছিল আৰু এই সংখ্যা ২০২৫ চনত ৫.৩ শতাংশলৈ বৃদ্ধি হ'বগৈ বুলি ঠাৱৰ কৰা হৈছে ৷ আমি যদি সংখ্যালৈ লক্ষ্য কৰো; অনুমান কৰা হৈছে যে, ২০২৫ চনৰ ভিতৰত ২৬,৩২১.৮ জন পুৰুষ মেদবহুলতাৰ স্বীকাৰ হ'বগৈ ৷
ঠিক একে সময়তে মহিলাসকলৰ ক্ষেত্ৰত দেখা গৈছে যে ২০১০ চনত মেদবহুলতাত ভূগি থকা মহিলাৰ সংখ্যা আছিল ৪ শতাংশ আৰু এই পৰিসংখ্যা ২০২৫ চনত ৮.৪ শতাংশলৈ বৃদ্ধি হৈ ৩৯,৬০৪.৭ গৰাকী হ’বগৈ ৷ সম্প্ৰতি শিশুসকলৰ মাজতো মেদবহুলতাৰ সমস্যা বৃদ্ধি পোৱাৰ ঘটনা দেখিবলৈ পোৱা গৈছে ৷ এই সংক্ৰান্তত শিশুসকলৰ সম্পৰ্কত যথেষ্ট উদ্বেগজনক তথ্য প্ৰকাশ পাইছে ৷ ২০১০ চনত ৫ বছৰৰ পৰা ১৯ বছৰ বয়সীয়া শিশু আৰু কিশোৰ-কিশোৰীসকলৰ মাজত মেদবহুলতাৰ স্বীকাৰ হোৱাৰ সংখ্যা আছিল ১ শতাংশ ৷
কিন্তু এই সংখ্যা ২০২৫ চনত ৫.১ শতাংশলৈ বৃদ্ধি হৈ ১৮,২৯৪.১ জন হ'বগৈ বুলি ঠাৱৰ কৰা হৈছে ৷ মৃত্যুৰ হাৰ বৃদ্ধি কৰাত খাদ্যৰো ভূমিকা আছে আৰু মেদবহুলতাক উদগনি দিয়া খাদ্য সামগ্ৰীবোৰৰ ওপৰতো গৱেষণা চলোৱা হৈছিল ৷ ইয়াক দুটা ভাগত শ্ৰেণীবদ্ধ কৰা হৈছিল- সু-স্বাস্থ্যকৰ খাদ্য যেনে দালি জাতীয় শস্যসমূহকে ধৰি শিপামূল যুক্ত সেউজীয়া শাক-পাচলি আদি আৰু শক্তি সমৃদ্ধ খাদ্য যেনে আমিষ আহাৰ, ৰিফাইণ্ড তেল আৰু শৰ্কৰাযুক্ত আহাৰ তথা চেনী ৷
ক'ভিড-১৯ ৰ ফলত মৃত্যু হোৱাসকলৰ তথ্যৰ পৰা স্পষ্টকৈ জানিব পৰা গৈছে যে, যিসকল লোকে আমিষ আহাৰ বা শৰ্কৰাযুক্ত আহাৰ বেছিকৈ গ্রহণ কৰিছিল আৰু মেদবহুলতাত ভূগি আছিল; সেই সকলৰ তুলনাত যিসকল লোকে নিয়মিত ৰূপত স্বাস্থ্যকৰ খাদ্য গ্ৰহণ কৰিছিল তেওঁলোকৰ মৃত্যুৰ হাৰ কম আছিল ৷
সেয়ে মেদবহুলতা কিছু সময় ধৰি চিন্তাৰ কাৰণ হৈ আহিছে আৰু এয়াই হৈছে উপযুক্ত সময় আমাৰ জীৱন ধাৰণ তথা খাদ্যাভাসৰ ওপৰত ধ্যান দিয়াৰ ৷ মেদবহুলতা একাধিক আনুষংগিক ৰোগৰ বাটকটীয়াও হৈ পৰিব পাৰে আৰু আনকি আমাৰ শাৰীৰিক অৱস্থা অতি শোচনীয় কৰিও তুলিব পাৰে ৷ সেয়ে আমি সুস্থ আৰু সবল হৈ থকাৰ ক্ষেত্ৰত গুৰুত্ব দিয়া উচিত ৷