ETV Bharat / bharat

আইপিএলৰ বাবে চেন্নাইয়ে আৰম্ভ কৰিলে অনুশীলন

14 তম সংস্কৰণৰ বাবে আইপিএলৰ তিনিবাৰৰ চেম্পিয়ন চেন্নাই ছুপাৰ কিংছে চেন্নাইত আৰম্ভ কৰিছে অনুশীলন ৷ এম এছ ধোনীৰ বাবে ফিল্ডিং প্ৰশিক্ষকে আগবঢ়ালে গুৰুত্বপূৰ্ণ মন্তব্য ৷

author img

By

Published : Mar 16, 2021, 5:58 PM IST

আইপিএলৰ বাবে চেন্নাইয়ে আৰম্ভ কৰিলে অনুশীলন
আইপিএলৰ বাবে চেন্নাইয়ে আৰম্ভ কৰিলে অনুশীলন

নেচনেল ডেক্স,16 মাৰ্চঃ 14 তম সংস্কৰণৰ বাবে আই পি এলৰ তিনিবাৰৰ চেম্পিয়ন চেন্নাই ছুপাৰ কিংছে চেন্নাইত আৰম্ভ কৰিছে অনুশীলন ৷ এম এছ ধোনী, আম্বাতী ৰাইডুকে ধৰি আন বহুতো চিএছকে-ৰ খেলুৱৈ অনুশীলনত যোগদান কৰিছে ৷ ধোনীৰ ফিটনেচ সম্পৰ্কে চিএছকে-ৰ ফিল্ডিং প্ৰশিক্ষক ৰাজীৱ কুমাৰে কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় ৷ এম এছ ধোনী এজন অত্যন্ত স্মাৰ্ট খেলুৱৈ, তেওঁ নিজৰ শৰীৰক ভালকৈ বুজি পায় ৷ 40 বছৰীয়া খেলুৱৈয়ে বলটো ভালকৈ মূল্যায়ন কৰিব নোৱাৰে ৷

কিন্তু ধোনী ইয়াৰ সম্পূৰ্ণ ব্যতিক্ৰম ৷ আইপিএলৰ ১৪ তম সংস্কৰণৰ বাবে ধোনী তেওঁৰ খেলৰ পৰিকল্পনা লৈ ইতিমধ্যে সম্পূৰ্ণ কৰিছে ৷ উল্লেখ্য যে এমএছডিয়ে আইপিএল ২০২০ ত ১১৬.২৭ ৰ সাধাৰণ ষ্ট্ৰাইক হাৰত ২০০ ৰাণ সংগ্ৰহ কৰিছিল ৷

লগতে পঢ়কঃ বিলাসীপাৰাত অশোক কুমাৰ সিংঘীৰ মনোনয়ন দাখিল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.