ETV Bharat / bharat

পুনৰ ত্ৰিপুৰী সকলৰ বাবে 'পৃথক ৰাজ্য'ৰ দাবীত উত্তল হ’ব দিল্লী - প্ৰদ্যুত কিশোৰ মণিক্য দেববাৰ্মা

পুনৰ পৃথক টিপ্ৰালেণ্ড'ৰ দাবী উত্থাপিত হ’ব দিল্লীত ৷ ত্ৰিপুৰাৰ শাসনাধিষ্ঠিত বিজেপিৰ মিত্ৰজোঁটৰ অংশীদাৰ ইণ্ডিজেনাছ পিপলছ ফ্ৰণ্ট অৱ ত্ৰিপুৰা (আইপিএফটি)য়ে ৰাজ্যখনৰ খিলঞ্জীয়া লোকসকলৰ বাবে 'পৃথক ৰাজ্য'ৰ দাবীত নৱগঠিত 'টিপ্ৰা'ৰ সৈতে যুটীয়াভাৱে দিল্লীত সাব্যস্ত কৰিব প্ৰতিবাদ ৷

IPFT, TIPRA to hold joint movement in Delhi for 'Separate State' on November 17
পুনৰ ত্ৰিপুৰী সকলৰ বাবে 'পৃথক ৰাজ্য'ৰ দাবীত উত্তল হ’ব দিল্লী
author img

By

Published : Nov 7, 2021, 8:48 PM IST

আগৰতলা, 7 নবেম্বৰ : ত্ৰিপুৰাৰ শাসনাধিষ্ঠিত বিজেপিৰ মিত্ৰজোঁটৰ অংশীদাৰ ইণ্ডিজেনাছ পিপলছ ফ্ৰণ্ট অৱ ত্ৰিপুৰা (আইপিএফটি)য়ে ৰাজ্যখনৰ খিলঞ্জীয়া লোকসকলৰ বাবে 'পৃথক ৰাজ্য'ৰ দাবীত 'টিপ্ৰা'ৰ সৈতে যুটীয়াভাৱে দিল্লীত তেওঁলোকৰ গণ প্ৰদৰ্শন পুনৰ আৰম্ভ কৰিবলৈ সাজু হৈছে । যন্তৰ মন্তৰৰ সন্মুখত ১৭-১৮ নৱেম্বৰত এই গণ প্ৰদৰ্শন অনুষ্ঠিত হ'ব ৷

ত্ৰিপুৰাৰ ৰাজবংশী প্ৰদ্যুত কিশোৰ মণিক্য দেববাৰ্মাৰ নেতৃত্বত নতুনকৈ উঠি অহা আঞ্চলিক ৰাজনৈতিক দল টিপ্ৰাই শেহতীয়াকৈ অনুষ্ঠিত ত্ৰিপুৰা জনজাতীয় অঞ্চল স্বায়ত্তশাসিত জিলা পৰিষদৰ নিৰ্বাচনত জয়ী হৈছিল ৷ দেওবাৰে আবেলি এক সংবাদমেল সম্বোধন কৰি আইপিএফটিৰ সহকাৰী সাধাৰণ সম্পাদক মংগল দেববাৰ্মাই কয় যে, আইপিএফটিয়ে তেওঁলোকৰ আন্দোলন অব্যাহত ৰাখিব আৰু দিল্লীত 'টিপ্ৰালেণ্ড'ৰ দাবীত তেওঁলোকৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব ।

তেওঁ কয়, "যোৱা দুবছৰত আমি ক’ভিডৰ বাবে এই প্ৰদৰ্শন অনুষ্ঠিত কৰিব পৰা নাছিলো ৷ কিন্তু এই বছৰ যিহেতু পৰিস্থিতিউন্নত হৈছে, সেয়েহে আমি প্ৰায় ২০০ সমৰ্থক, কৰ্মী আৰু নেতাৰ সৈতে দিল্লীলৈ যাম । এই বছৰ আমাৰ প্ৰতিবাদ পৃথক ৰাজ্যৰ বাবে যুটীয়াভাৱে অনুষ্ঠিত হ'ব ।''

টিপ্ৰাৰ নেতা, কৰ্মী আৰু সমৰ্থকসকলেও তেওঁলোকৰ সৈতে যোগ দান কৰিব বুলি কয় দেববাৰ্মাই । যন্তৰ মন্তৰত ৪৮ ঘণ্টাৰ বাবে দুদিনৰ বাবে গণ প্ৰদৰ্শন অনুষ্ঠিত হ'ব । আইপিএফটি আৰু টিপ্ৰাৰ নেতাসকলে ইয়াত যুটীয়াভাৱে পৃথক ৰাজ্যৰ বাবে দিল্লীত মাত মাতিব বুলি কয় তেওঁ ৷ ইয়াৰ লগতে তেওঁ কয় যে, তেওঁলোকে তেওঁলোকৰ দাবী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখত ৰাখিব ।

লগতে পঢ়ক : সৃষ্টিৰ পদক্ষেপ : মানাহ অভয়াৰণ্যলৈ প্ৰেৰণ দীপাৱলীত ব্যৱহৃত কলগছ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.