ETV Bharat / bharat

International Panic Day 2021 : শৰীৰক বিৰাম দিয়াৰ উপায়

মানসিক চাপ বা শৰীৰক শংকা ৰোগ(Panic Diseases)ৰ পৰা পৰিত্ৰাণ কৰাৰ উৎকৃষ্ট উপায় হৈছে শৰীৰ চৰ্চা ৷ বৰ্তমান সমগ্ৰ দেশত ক’ভিডত ত্ৰস্তমান হৈছে সমগ্ৰ বিশ্ব ৷ যাৰ বাবে মানুহ অধিক শংকা ৰোগ(Panic Diseases)ত আক্ৰান্ত হৈছে ৷ এই ৰোগৰ পৰা অৰ্থাৎ শংকা ৰোগ(Panic Diseases)ৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰতি বছৰে 18 জুন তাৰিখে পালন কৰা হয় আন্তৰ্জাতিক শংকা দিৱস(International Panic Day) পালন কৰা হয় ।

আন্তৰ্জাতিক শংকা দিৱস 2021: শৰীৰক বিৰাম দিয়াৰ উপায়

author img

By

Published : Jun 18, 2021, 6:35 PM IST

নেশ্যনেল ডেস্ক, 18 জুন : এজন মানুহৰ মানসিক চাপ বা মানসিক অশান্তিয়ে ব্যক্তি গৰাকীৰ মনক প্ৰভাৱিত কৰিব পাৰে ৷ যিয়ে কোনো এজন ব্যক্তিক মনে পোনপটিয়াকৈ ভবা বা চিন্তা কৰাত বাধা প্ৰদান কৰে ৷ কেতিয়াবা কেতিয়াবা এই মানসিক অশান্তিয়ে এক ৰোগৰো ৰূপ ল’ব পাৰে ৷ সেয়ে এই ক্ষেত্ৰত সজাগতা বৃদ্ধি কৰিবলৈ লগতে উপযুক্ত বিশ্ৰাম আৰু নিজকে চাপমুক্ত কৰাৰ উপৰিও সুস্থিৰ বাতাবৰণ সৃষ্টি কৰাৰ উদ্দেশ্যে প্ৰতি বছৰে 18 জুন তাৰিখে পালন কৰা হয় আন্তৰ্জাতিক শংকা দিৱস(International Panic Day) পালন কৰা হয় ।

শংকা লক্ষণ আৰু কাৰক সমূহ-

যেতিয়া কোনো এজন ব্যক্তিৰ মনত ভয় বা শংকাৰ উদ্বেগ হয়, তেতিয়াই শংকা(Panic)ই শৰীৰত বাহৰ পাতে ৷ যাক এক প্ৰকাৰে শংকা(Panic) ৰোগৰ দ্বাৰা আক্ৰান্ত(Panic attack) হোৱা বুলি ক’ব পাৰি ৷

ইয়াৰ ফলত এজন ব্যক্তিয়ে অসহায় অনুভৱ কৰাৰ লগতে আৰু অন্যান্য শাৰীৰিক লক্ষণ যেনে হৃদস্পন্দনৰ হাৰ দ্ৰুত হোৱা, উশাহ লোৱাত কিছু সমস্যা, ঘাম ওলোৱা ইত্যাদি কাৰকে শৰীৰত দেখা দিব পাৰে ৷

যেতিয়া এই শংকাৰ লক্ষণৰ(Panic attack)ৰ পুনৰাবৃত্তি হয়, তেতিয়া এজন ব্যক্তি Panic Disorderৰ চিকাৰ হ'ব পাৰে ।

আতংকৰ লক্ষণবোৰ হৈছে:

1. হৃদস্পন্দনৰ গতি বৃদ্ধি বা অনিয়মীয়া হৃদস্পন্দন(Pounding heart or irregular heartbeat)

2. অতিমাত্ৰাত শৰীৰৰ পৰা ঘাম বাহিৰ হোৱা(Sweating)

3. বুকুৰ বিষ আৰু অস্বস্তিত ভোগা(Chest pain and discomfort)

4. বিনা কাৰণত শৰীৰত কঁপনিৰ অনুভূত হোৱা(Shaking or trembling)

5. শৰীৰত ঠাণ্ডা অনুভূত হোৱা(Chills)

6. বমিৰ অনুভূত হোৱা আৰু পেটৰ সমস্যাত ভোগা(Nausea and upset stomach)

7. শাৰীৰিক দুৰ্বলতা অনুভৱ হোৱাৰ লগতে মূৰ ঘূৰোৱা(Lightheadedness, dizziness)

8. উশাহ-নিশাহত সমস্যা সৃষ্টি হোৱা(Difficulty in breathing)

9. শৰীৰত জঠৰতা আৰু জিনজিননিৰ অনুভূত হোৱা(Numbness, tingling)

10. মৃত্যুৰ শংকাত ত্ৰস্তমান হোৱা(Fear of dying)

11. বাস্তৱতাৰ পৰা বিচ্ছিন্ন অনুভৱ কৰা(Feeling detached from the reality)

12. শ্বাসৰুদ্ধ হোৱা(Choking)

শংকা আক্ৰমণ বা শংকা ৰোগৰ প্ৰতিকাৰৰ উপায়-

1. নিয়মিত ব্যায়াম

দৈনিক দিনপঞ্জীত শৰীৰ চৰ্চা বিষয়টো অন্তৰ্ভুক্ত কৰক ৷ ই কেৱল চাপ আৰু উদ্বেগ হ্ৰাস কৰাই নহয়, শৰীৰ শিথিল কৰাৰ লগতে, ই শংকা আক্ৰমণৰ পৰাও ৰক্ষা কৰিব ৷

2. শ্বাস-প্ৰশ্বাসৰ নিয়মিত অভ্যাস কৰক

যদি সঘনে মনত ভয় বা শংকাৰ অনুভূত হয়, তেন্তে শ্বাস-প্ৰশ্বাসৰ নিয়মিত অভ্যাস কৰাটো অতি প্ৰয়োজন ৷ এই প্ৰাণায়ম অনুশীলনে শৰীৰক শংকাৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিব পাৰে ৷

3. সুষম আহাৰ গ্ৰহণ

পৰ্যাপ্ত পৰিমাণে সুষম আহাৰ গ্ৰহণ কৰিব লাগে ৷ সুৰা, ধপাত, পৰিশোধিত চেনী, মন’ছ’ডিয়াম গ্লুটামেট (MSG) থকা খাদ্য পৰিহাৰ কৰিব লাগে ।

4. পৰ্যাপ্ত পৰিমাণৰ নিদ্ৰা

শাৰীৰিক বা মানসিক অৱস্থা বা ৰোগ যিয়েই নহওক কিয়, সকলো চিকিৎসকে উচিত মানদণ্ডৰ টোপনিৰ যোৱাৰ পৰামৰ্শ প্ৰদান কৰে । পৰ্যাপ্ত টোপনিয়ে মন শান্ত কৰাৰ লগতে মন আৰু শৰীৰ দুয়োকে শিথিল কৰাত সহায়ক হয় ৷ যিয়ে শংকা আক্ৰমণ হোৱাৰ সম্ভাৱনা হ্ৰাস কৰে ৷

লগতে পঢ়ক : ৰবিজিতা-জিৰছং থিয়েটাৰ আৰু এজাক শিশু...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.