ETV Bharat / bharat

Indigo flight emergency landing: বিমানৰ ভিতৰতে যাত্ৰীৰ তেজ বমি; জৰুৰী অৱতৰণৰ পাচত মৃত্যু - পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী

নাগপুৰ বিমানবন্দৰত ইণ্ডিগো বিমানৰ জৰুৰীকালীন অৱতৰণ ৷ এগৰাকী যাত্ৰীয়ে শাৰীৰিক অসুস্থতাত ভোগাত জৰুৰী অৱতৰণ কৰে বিমানখনে ৷

Indigo flight emergency landing
বিমানৰ ভিতৰতে যাত্ৰীৰ তেজ বমি
author img

By

Published : Aug 22, 2023, 10:14 AM IST

নেশ্যনেল ডেস্ক, 22 আগষ্ট: উৰন্ত বিমানত অঘটন ৷ ইণ্ডিগোৰ এখন বিমানে নাগপুৰ বিমানবন্দৰত জৰুৰীকালীনভাৱে অৱতৰণ কৰিবলগীয়া হয় ৷ বিমানখনত থকা এজন যাত্ৰীৰ স্বাস্থ্যৰ অৱস্থা হঠাৎ অৱনতি ঘটাৰ ফলত বিমানখনে জৰুৰীভাৱে অৱতৰণ কৰে ৷ জানিব পৰা মতে বিমান যাত্ৰীগৰাকীৰ স্বাস্থ্যৰ বিমানৰ ভিতৰতে অধিক জটিলতাই দেখা দিয়ে । মুম্বাইৰ পৰা ৰাঁচীলৈ যোৱা বিমানখনৰ যাত্ৰীগৰাকীয়ে তেজ বমি কৰিবলৈ আৰম্ভ কৰাৰ পিচত জৰুৰীকালীন অৱতৰণ কৰাটো প্ৰয়োজনীয় হৈ পৰে ।

যাত্ৰীগৰাকীৰ নাম দেৱানন্দ তিৱাৰী বুলি জানিব পৰা গৈছে ৷ পিছত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাতে তেওঁৰ মৃত্যু ঘটে । সোমবাৰৰ নিশা সংঘটিত হৈছিল এই মৰ্মান্তিক ঘটনাটো । মুম্বাইৰ পৰা ৰাঁচীলৈ গৈ থকা 6E 5093 নম্বৰৰ বিমানখনৰ ভিতৰত সংঘটিত হয় এই অঘটন ৷ 62 বছৰীয়া যাত্ৰী দেৱানন্দ তিৱাৰীয়ে বিমান যাত্ৰাৰ সময়তে গুৰুতৰভাৱে অসুস্থ আছিল ৷ তেজ বমি হোৱাৰ বাবে নিশাৰ ভাগত বিমানখন নাগপুৰ বিমানবন্দৰলৈ ডাইভাৰ্ট কৰা হয় । বিমানখন নাগপুৰ বিমানবন্দৰত অৱতৰণ কৰি ততাতৈয়াকৈ চিকিৎসাৰ বাবে তিৱাৰীক ব্যক্তিগত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসাৰ সময়তে তেওঁৰ মৃত্যু ঘটে ।

চলিত বৰ্ষৰ জুন মাহত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক কঢ়িয়াই অনা এখন হেলিকপ্টাৰো জৰুৰীভাৱে অৱতৰণ কৰিবলগীয়াত পৰিছিল ৷ মেঘৰ বাবে চেভ’ক বিমান ঘাটিত জৰুৰীকালীনভাৱে অৱতৰণ কৰিবলগীয়া হৈছিল পশ্চিমবংগৰ মুখ্যমন্ত্ৰীক কঢ়িওৱা হেলিকপ্টাৰখন । বতৰ বিজ্ঞান বিভাগে প্ৰচণ্ড বৰষুণ আৰু ধুমুহাৰ ভৱিষ্যদ্বাণী কৰাৰ বাবেই এই অৱতৰণৰ পথ বাছি লৈছিল হেলিকপ্টাৰখনৰ পৰিচালকে ।

আনহাতে, 4 জুলাইৰ দিনা অসমৰ কেইবাগৰাকীও ৰাজনৈতিক নেতাক কঢ়িওৱা এখন ইণ্ডিগ’ বিমান কাৰিকৰী বিজুতিৰ বাবে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত জৰুৰী অৱতৰণ কৰিবলৈ বাধ্য হয় । কেবিনেট মন্ত্ৰী বিমল বৰা, ৰণজিৎ কুমাৰ দাসৰ লগতে বিধায়ক নৱ কুমাৰ দ’লেক বিমানখন কঢ়িয়াই লৈ গৈছিল ।

লগতে পঢ়ক: Raksha Bandhan 2023: মোদীক ৰাখী বান্ধিবলৈ দিল্লীলৈ আহিছে পাকিস্তান মূলৰ ভগ্নী মহচিন শ্বেইখ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.