ETV Bharat / bharat

MHA annual report: ২০২১ চনৰ পৰা নিয়ন্ত্ৰণত আছে ভাৰতৰ আভ্যন্তৰীণ নিৰাপত্তা - internal security remained under control in 2021

পূৰ্বৰ তুলনাত 2021 চনৰ পৰা ভাৰতৰ আভ্যন্তৰীণ নিৰাপত্তা নিয়ন্ত্ৰণত আছে ৷ শেহতীয়াকৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ (Union Home Ministry) এক প্ৰতিবেদনত প্ৰকাশিত হৈছে এই তথ্য ৷

India's internal security remained under control in 2021: MHA
Union Home Ministry annual report: ২০২১ চনৰ পৰা ভাৰতৰ আভ্যন্তৰীণ নিৰাপত্তা নিয়ন্ত্ৰণত আছে: কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়
author img

By

Published : Nov 7, 2022, 9:49 PM IST

নেশ্যেনেল ডেস্ক, 7 নৱেম্বৰ: "পূৰ্বৰ তুলনাত 2021 চনৰ পৰা ভাৰতৰ আভ্যন্তৰীণ নিৰাপত্তা নিয়ন্ত্ৰণত আছে ৷ আনহাতে জম্মু কাশ্মীৰৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত বিদ্ৰোহৰ লগত মোকাবিলা কৰিব পৰাকৈ আভ্যন্তৰীণ নিৰাপত্তা পৰিস্থিতি উন্নত কৰাৰ লগতে বাওঁপন্থী সন্ত্ৰাসবাদৰ (Left Wing Extremism) বিৰুদ্ধে যুঁজ দিয়াত অধিক শক্তিশালী কৰি তুলিছে ৷" শেহতীয়াকৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ (Union Home Ministry) এক প্ৰতিবেদনত প্ৰকাশিত হৈছে এই তথ্য ৷

সোমবাৰে গৃহ মন্ত্ৰালয়ৰ ২০২১-২২ বৰ্ষৰ বাৰ্ষিক (Home Ministrys annual report) প্ৰতিবেদনত প্ৰকাশ হোৱা আভ্যন্তৰীণ নিৰাপত্তাকে ধৰি দেশৰ ভিতৰুৱা অঞ্চলত সন্ত্ৰাসবাদ, কিছু অঞ্চলত বাঁওপন্থীৰ সন্ত্ৰাসবাদ, উত্তৰ-পূবৰ ৰাজ্যসমূহত বিদ্ৰোহ আৰু জম্মু আৰু কাশ্মীৰত সীমান্তত সন্ত্ৰাসবাদকে ধৰি চাৰিটা খণ্ডত শ্ৰেণীবদ্ধ কৰা হৈছে ৷

এই প্ৰতিবেদনত কোৱা অনুসৰি আইন প্ৰৱৰ্তনকাৰী সংস্থাসমূহে দেশৰ নিৰাপত্তা, শান্তি আৰু ৰাজহুৱা প্ৰশান্তিৰ ওপৰত প্ৰভাৱ পেলোৱা মৌলবাদী সংগঠন আৰু গোটবোৰৰ কাৰ্যকলাপৰ ওপৰত তীক্ষ্ণ নজৰ ৰখাৰ লগতে আইন অনুসৰি সকলো ব্যৱস্থা গ্ৰহণ কৰিছে বুলি জানিবলৈ দিয়ে ৷

এই প্ৰতিবেদন অনুসৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে নেটগ্ৰীড প্ৰকল্প ৰূপায়ণৰ বাবে ১০০২.৯৭ কোটি টকা মঞ্জুৰ কৰাৰ উপৰিও, সন্ত্ৰাসবাদী পুঁজি আৰু জাল মুদ্ৰাৰ গোচৰৰ কেন্দ্ৰীভূত তদন্তৰ বাবে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাত (এনআইএ) (National Investigation Agency) এক সন্ত্ৰাসবাদী পুঁজি আৰু জাল মুদ্ৰা কোষ স্থাপন কৰিছে ৷

ইতিমধ্যে গৃহ মন্ত্ৰালয়ে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ ধৰ্মীয় স্থানসমূহৰ নিৰাপত্তা শক্তিশালী কৰাৰ বাবে পৰামৰ্শ আৰু সতৰ্কবাণীও জাৰি কৰিছে ৷ এই প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি 2013 চনৰ তুলনাত 2021 চনত হিংসাত্মক ঘটনা (1136 ৰ পৰা 509) আৰু 63 শতাংশ হ্ৰাস (387 ৰ পৰা 147) হৈছে ।

2020 চনৰ তুলনাত, 2021 বৰ্ষত হিংসাত্মক ঘটনাত 24 শতাংশ (665 ৰ পৰা 509) হ্ৰাস হৈছিল আৰু ইয়াৰ ফলত মৃত্যুৰ হাৰ 20 শতাংশ (183 ৰ পৰা 147) হ্ৰাস হৈছিল ৷ বাওঁপস্থীৰ সন্ত্ৰাসবাদ নিয়ন্ত্ৰণ কৰিবলৈ যোৱা তিনি বছৰত বাঁওপন্থীৰ প্ৰভাৱিত জিলাসমূহত দুবাৰকৈ তালিকা সংশোধন কৰা হৈছে ৷

২০১৮ চনৰ এপ্ৰিলত বাওঁপন্থী প্ৰভাৱিত জিলাৰ সংখ্যা ৯০ লৈ হ্ৰাস হোৱাৰ বিপৰীকে ২০২১ চনৰ জুলাইত ৭০ লৈ হ্ৰাস হৈছিল ৷ উল্লেখ্য যে 2021 চনত 8 খন ৰাজ্যৰ 46 খন জিলাৰ 191 খন আৰক্ষী থানাত বাওঁপন্থী গোটে হিংসাত্মক কাৰ্যকলাপ সংঘটিত কৰিছিল ৷ ইফালে 2013 চনত 10 খন ৰাজ্যৰ 76 খন জিলাৰ 330 খন আৰক্ষী থানাত বাওঁপন্থী গোট আৰু নিৰাপত্তা বাহিনীৰ অভিযানত আইইডি বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছিল ৷

লগতে পঢ়ক: Girl Molestation Case: এচিড আক্ৰমণৰ ভয়ত দুবছৰ ধৰি ঘৰতে আৱদ্ধ হৈ আছে এগৰাকী ছাত্ৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.