ETV Bharat / bharat

ভাৰতত COVID-১৯ত আক্ৰান্তৰ সংখ্যা ১,০৫,৯৫,৬৬০ জনলৈ বৃদ্ধি - আক্ৰান্তৰ সংখ্যা ৩ লাখত কৈ হ্ৰাস

দেশত COVID-১৯ৰ টীকাকৰণ প্ৰক্ৰিয়া অব্যাহত থকাৰ সমান্তৰলাকৈ প্ৰতিদিনে ১০ হাজাৰৰো অধিক লোক আক্ৰান্ত হৈছে কালৰূপী মহামাৰীত । বুধবাৰে ভাৰতত COVID-১৯ত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে ১,০৫,৯৫,৬৬০ জনলৈ । আৰোগ্য হাৰ ৯৬.৭০ শতাংশ ।

ভাৰতত COVID-১৯ত আক্ৰান্তৰ সংখ্যা ১,০৫,৯৫,৬৬০ জনলৈ বৃদ্ধি

author img

By

Published : Jan 20, 2021, 1:37 PM IST

নেশ্যনেল ডেস্ক, ২০ জানুৱাৰী: দেশত ২৪ ঘণ্টাত নতুনকৈ কৰ'ণা মহামাৰীৰ কবলত পৰিছে ১৩,৮২৩ জন লোক । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে বুধবাৰে প্ৰকাশ কৰা তথ্য অনুসৰি, ভাৰতত কৰ'ণা মহামাৰীত আক্ৰান্তৰ সংখ্যা ১,০৫,৯৫,৬৬০ জনলৈ বৃদ্ধি পাইছে । সমান্তৰালকৈ ১,০২,৪৫,৭৪১ গৰাকী লোক আৰোগ্য হৈ উঠিছে । আনহাতে, নতুনকৈ মৃত্যু হোৱা ১৬২ জন লোকসহ এতিয়ালৈকে দেশত ১,৫২,৭১৮ জন লোকে প্ৰাণ হেৰুৱাইছে ।

ভাৰতত COVID-১৯ত আক্ৰান্তৰ মৃত্যুৰ হাৰ ১.৪৪ শতাংশ হোৱাৰ বিপৰীতে ৰাষ্ট্ৰীয় আৰোগ্য হাৰ ৯৬.৭০ শতাংশ । দেশত সক্ৰিয় আক্ৰান্তৰ সংখ্যা ৩ লাখত কৈ হ্ৰাস পাইছে আৰু বৰ্তমান দেশত ১,৯৭,২০১টা আক্ৰান্তৰ ঘটনা সক্ৰিয় হৈ আছে । লক্ষণীয়ভাৱে, যোৱা ৭ আগষ্টত ভাৰতত COVID-১৯ত আক্ৰান্তৰ সংখ্যাই ২০ লাখ, ২৩ আগষ্টত ৩০ লাখ, ৫ ছেপ্টেম্বৰত ৪০ লাখ, ২৮ ছেপ্টেম্বৰত ৬০ লাখ, ১১ অক্টোবৰত ৭০ লাখ, ২০ নৱেম্বৰত ৯০ লাখ আৰু ১৯ ডিচেম্বৰত ১ কোটিৰ ঘৰ অতিক্ৰম কৰে ।

ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চে প্ৰকাশ কৰা তথ্য মতে, মঙলবাৰে পৰীক্ষা কৰা ৭,৬৪,১২০টা নমুনাসহ যোৱা ১৯ জানুৱাৰী পৰ্যন্ত মুঠ ১৮,৮৫,৬৬,৯৪৭টা নমুনাৰ পৰীক্ষণ সম্পন্ন হৈছে ।

লগতে পঢ়ক:ভাৰতে ভূটানলৈ উপহাৰ হিচাপে দিলে 1.5 লাখ ক’ভিডছিল্ড

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.