ETV Bharat / bharat

Indian worker dead in Singapore : ছিংগাপুৰত শ্বাসৰুদ্ধকৰ অভিযানৰ অন্তত উদ্ধাৰ ভাৰতীয় শ্ৰমিকৰ মৃতদেহ - Fuji Xerox Towers building collapsed

ছিংগাপুৰত এটা অট্টালিকাৰ ধ্বংসস্তুপৰ মাজত আৱদ্ধ শ্ৰমিক । প্ৰায় ৬ ঘণ্টা ধৰি চলা অভিযানৰ অন্তত শ্ৰমিকজনৰ মৃতদেহ উদ্ধাৰ । শ্ৰমিকজন ভাৰতীয়মূলৰ বুলি জানিব পৰা গৈছে ।

Indian worker dead in Singapore
ছিংগাপুৰত শ্বাসৰুদ্ধকৰ অভিযানৰ অন্তত উদ্ধাৰ ভাৰতীয় শ্ৰমিকৰ মৃতদহে
author img

By

Published : Jun 16, 2023, 12:12 PM IST

Updated : Jun 16, 2023, 5:32 PM IST

নেশ্যনেল ডেস্ক,১৬ জুন : প্ৰায় ৬ ঘণ্টা ধৰি চলা অভিযানৰ অন্তত উদ্ধাৰ এগৰাকী ভাৰতীয় শ্ৰমিকৰ মৃতদেহ । অট্টালিকাৰ ধ্বংসাৱশেষৰ তলত সোমাই মৃত্যু হৈছিল ২০ বছৰীয়া শ্ৰমিকজনৰ । এই ঘটনা ছিংগাপুৰৰ ।

জানিব পৰা মতে তানজং পাগাৰৰ ফুজি জেৰক্স টাৱাৰচ ভৱনৰ কিছু অংশ ধ্বংস কৰা হৈছিল । য'ত শ্ৰমিকসকলে ধ্বংসৰ কাম কৰি আছিল । কিন্তু বৃহস্পতিবাৰে হঠাৎ সেই ধ্বংস কাৰ্য চলি থাকোতে এক দুৰ্ঘটনা সংঘটিত হয় । ধ্বংসস্তুপৰ মাজত সোমাই পৰে এগৰাকী শ্ৰমিক । প্ৰায় ২ মিটাৰ গভীৰ ধ্বংসাৱশেষৰ তলত সোমাই যায় ভাৰতীয় শ্ৰমিকজন ।

দুপৰীয়া প্ৰায় ২ মান বজাত ঘটনাটোৰ বিষয়ে গম পোৱাৰ পাছতে ছিংগাপুৰ অসামৰিক প্ৰতিৰক্ষা বাহিনীৰ বিষয়াসকল ঘটনাস্থলীত উপস্থিত হয় । অগ্নিনিৰ্বাপক বাহিনী, উদ্ধাৰকাৰী দল আৰু জৰুৰীকালীন চিকিৎসা কৰ্মীকে ধৰি কৰ্মীজনক বিচাৰি উলিওৱাৰ বাবে প্ৰায় ১১ খন জৰুৰীকালীন বাহন আৰু ৭০ গৰাকী বিষয়া মোতায়েন কৰা হয় । ধ্বংসস্তুপত সোমাই যোৱা লোকজন আইক চান নামৰ প্ৰতিষ্ঠানটোৰ কৰ্মচাৰী আছিল বুলি জানিব পৰা গৈছে ।

ইফালে কংক্ৰিটৰ শ্লেবৰ ওজন অতি কমেও ৫০ টন হ'ব বুলি অনুমান কৰা হৈছে । যাৰ বাবে উদ্ধাৰ অভিযান অতি জটিল হৈ পৰিছিল । উদ্ধাৰকাৰী দলে ধ্বংসস্তূপ কটাৰ লগতে ভাঙি আৰু খনন কৰিবলগীয়াও হয় । ৬ ঘণ্টাৰো অধিক সময় ধৰি চলা এই অভিযানৰ অন্তত নিশা প্ৰায় ৯.৪৫ মান বজাত শ্ৰমিকজনক মৃত অৱস্থাত উদ্ধাৰ কৰা হয় । ছিংগাপুৰ অসামৰিক প্ৰতিৰক্ষা বাহিনীয়ে দিয়া এক বিবৃতি অনুসৰি অতি জটিল অভিযানৰ অন্তত নিশা শ্ৰমিকজনক মৃত অৱস্থাত উদ্ধাৰ কৰা হয় । বিবৃতিত উল্লেখ কৰা মতে এক শক্তিশালী কংক্ৰিটৰ তলত আৱদ্ধ হৈ পৰিছিল শ্ৰমিকজন ।

ইফালে আইক চানৰ এগৰাকী প্ৰতিনিধিয়ে সংবাদমাধ্যমক জনোৱা মতে কি কাৰণত এই দুৰ্ঘটনাটো হ'ল সেয়া সঠিকভাৱে জানিব পৰা হোৱা নাই । অট্টালিতা নিৰ্মাণ কৰ্তৃপক্ষই বৃহস্পতিবাৰে নিশা এক বিবৃতিত কয় যে দ্বিতীয় মহলাৰ পৰা প্ৰায় ১০ মিটাৰ দীঘল আৰু ৩.৮ মিটাৰ ওখ এক শক্তিশালী কংক্ৰিটৰ দেৱাল ধ্বংসৰ সময়ত খহি পৰে ।

আনহাতে এই ঘটনাৰ পাছতে বিভাগীয় কৰ্তৃপক্ষক সকলো নিৰ্মাণৰ কাৰ্যকলাপ বন্ধ কৰিবলৈ নিৰ্দেশ দিছে আৰু অনুসন্ধান চলি থকাৰ সময়ত সকলো কামৰ বাবে অনুমতি প্ৰত্যাহাৰ কৰা হ'ব ।

লগতে পঢ়ক :Wrestler Protest : প্ৰতিশ্ৰুতিমতে কাম নহ'লে মল্লযুঁজাৰুসকলে ল'ব পৰৱৰ্তী পদক্ষেপ

Last Updated : Jun 16, 2023, 5:32 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.