নেশ্যনেল ডেস্ক,১৩ অক্টোবৰ : ইজৰাইল আৰু হামাছৰ যুদ্ধক লৈ বিশ্ববাসী উদ্বিগ্ন হৈ পৰিছে । শান্তি প্ৰতিষ্ঠাৰ বাবে ইতিমধ্যে বিভিন্ন দেশে আহ্বানো জনাইছে । ইয়াৰ মাজতে ভাৰতে ইজৰাইলত আৱদ্ধ ভাৰতীয় নাগৰিকক উদ্ধাৰৰ বাবে ‘‘অপাৰেচন অজয়’’ আৰম্ভ কৰিছে । তাৰ অংশস্বৰূপে একাংশ ভাৰতীয় নাগৰিক তথা শিক্ষাৰ্থীক বৃহস্পতিবাৰে নিশা স্বদেশলৈ ঘূৰাই অনা হয় । ভাৰতত উপস্থিত হৈয়ে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক প্ৰশংসা কৰিছে লোকসকলে ।
ইজৰাইলত শিক্ষাগ্ৰহণ কৰি থকা বিশেষ আৰু হৰ্ষ নামৰ দুগৰাকী ছাত্ৰও প্ৰত্যাৱৰ্তন কৰা দলটোত আছিল । দুয়োগৰাকী ভাৰতীয় শিক্ষাৰ্থীয়ে যুদ্ধবিধ্বস্ত ইজৰাইলত তেওঁলোকৰ অভিজ্ঞতা উল্লেখ কৰাৰ লগতে আৰু অপাৰেচন অজয় অভিযান সম্পাদন কৰাৰ বাবে ভাৰত চৰকাৰক কৃতজ্ঞতা জ্ঞাপন কৰে ।
তেল আভিভৰ পৰা উভতি অহা বিশেশে অতি আৱেগিকভাৱে কয় যে তেওঁ এতিয়া বহুত সুখী । ইজৰাইলৰ যুদ্ধ অভিজ্ঞতা সঁচাকৈয়ে ভয়ানক আছিল বুলি তেওঁ উল্লেখ কৰে । তেওঁলোকক স্থানান্তৰ কৰাৰ বাবে বিশেশে ভাৰত চৰকাৰক ধন্যবাদো জনায় । একেদৰে তেল আভিভ বিশ্ববিদ্যালয়ৰ বৈদ্যুতিক অভিযান্ত্ৰিক বিভাগৰ স্নাতকোত্তৰ শিক্ষাৰ্থী হৰ্ষে কয় যে মোডী চৰকাৰে ‘‘অপাৰেচন অজয়’’ৰ জৰিয়তে শিক্ষাৰ্থীসকলক সমৰ্থন আগবঢ়াইছে । এনে পৰিস্থিতিৰ বাবে তেওঁৰ পৰিয়াল যথেষ্ট চিন্তিত আছিল আৰু এতিয়া তেওঁক সুস্থ অৱস্থাত দেখি তেওঁলোক সুখী হৈছে ।
উল্লেখ্য যে হামাছ আৰু ইজৰাইলৰ মাজত হোৱা যুদ্ধৰ মাজতে ইজৰাইলত আৱদ্ধ প্ৰায় ১৮,০০০ গৰাকী ভাৰতীয়ক ঘূৰাই অনাৰ বাবে ভাৰত চৰকাৰে ‘‘অপাৰেচন অজয়’’ আৰম্ভ কৰে । ভাৰতীয়সকলৰ প্ৰথম দলটো বৃহস্পতিবাৰে অপাৰেচন অজয়ৰ অধীনত তেল আভিভৰ পৰা ভাৰতলৈ ৰাওনা হৈছিল । ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে বিশেষ চাৰ্টাৰ্ড বিমানৰ জৰিয়তে ভাৰতীয়সকলক ঘূৰাই অনা হৈছে ।
এই বিশেষ মুহূৰ্তত ইজৰাইলত ভাৰতীয় ৰাষ্ট্ৰদূত সঞ্জীৱ চিংলাই কয় যে ইজৰাইলত থকা ভাৰতীয় দূতাবাসে যুদ্ধবিধ্বস্ত ইজৰাইলত ভাৰতীয় নাগৰিকসকলৰ কল্যাণ নিশ্চিত কৰাৰ বাবে কাম কৰি আছে আৰু অপাৰেচন অজয়ৰ অধীনত দূতাবাসে ভাৰতলৈ উভতি আহিব বিচৰা ভাৰতীয়সকলক সহায় কৰিব ৷
তেওঁ জনোৱা মতে ভাৰতলৈ ৰাওনা হোৱা প্ৰথমটো দলত প্ৰায় ২০০ গৰাকী ভাৰতীয় আছে । য'ত শিক্ষাৰ্থী, পৰিচৰ্যাকাৰী আৰু ব্যৱসায়িক পেছাদাৰী আছে । কেৱল এখন বিমানে নহয় আৰু কেইবাখনো বিমান পৰিচালনা কৰা হ'ব বুলি তেওঁ উল্লেখ কৰে । ইফালে ইজৰাইলত থকা ভাৰতীয় দূতাবাসে ভাৰতীয় কোম্পানীসমূহক সহায় আগবঢ়াই আছে আৰু সহায়ৰ প্ৰয়োজনত ভাৰতীয় নাগৰিকৰ বাবে হেল্পলাইন নম্বৰো মুকলি কৰিছে ।
লগতে পঢ়ক : Israel Hamas War : সংকটত গাজা, বিশ্ববাসীৰ ওচৰত সহায় ভিক্ষা হামাছৰ