ETV Bharat / bharat

Indian origin soldier killed : গাজাত নিহত ভাৰতীয় মূলৰ জোৱান

author img

By ETV Bharat Assamese Team

Published : Nov 1, 2023, 10:41 PM IST

গাজাত যুদ্ধৰ সময়ত নিহত ইজৰাইলী যুঁজাৰুসকলৰ ভিতৰত এজন 20 বছৰীয়া ভাৰতীয় মূলৰ ইজৰাইলী জোৱানো আছে বুলি চহৰখনৰ মেয়ৰে বুধবাৰে প্ৰকাশ কৰে ৷ নিহত ষ্টাফ-চাৰ্জেণ্ট হালেল চলোমন ইজৰাইলৰ দক্ষিণৰ ডিমোনা চহৰৰ আছিল ৷

Indian origin soldier killed
গাজাত নিহত ভাৰতীয় মূলৰ জোৱান

নিউজ ডেস্ক, 1 নৱেম্বৰ : গাজাত যুদ্ধৰ সময়ত নিহত ইজৰাইলী যুঁজাৰুসকলৰ ভিতৰত এজন 20 বছৰীয়া ভাৰতীয় মূলৰ ইজৰাইলী জোৱানো আছে বুলি চহৰখনৰ মেয়ৰে বুধবাৰে প্ৰকাশ কৰে ৷ ষ্টাফ-চাৰ্জেণ্ট হালেল চলোমন ইজৰাইলৰ দক্ষিণৰ ডিমোনা চহৰৰ আছিল ৷

ডিমোনাৰ মেয়ৰ বেনি বিটনে বুধবাৰে এক ফেচবুক পোষ্টত কয় যে "গাজাৰ যুদ্ধত আমি ডিমোনাৰ এজন পুত্ৰ হালেল চলোমনৰ মৃত্যুৰ কথা অত্যন্ত দুখেৰে সৈতে ঘোষণা কৰিছো ৷ আমি পিতৃ-মাতৃ, ৰনিত আৰু মৰ্ডেচা আৰু তেওঁৰ ভগ্নী য়াচমিন, হিলা, ভাৰেড, আৰু শ্বেকডৰ দুখত সমভাগী হৈছো ৷ হালেলে এক অৰ্থপূৰ্ণ সেৱা কৰিবলৈ আকাংক্ষা কৰিছিল আৰু গিভাটি (ব্ৰিগেড)ত তালিকাভুক্ত হৈছিল ৷ হালেল এজন নিষ্ঠাৱান পুত্ৰ আছিল আৰু তেওঁৰ চকুত সদায় তেওঁৰ পিতৃ-মাতৃৰ প্ৰতি সন্মান আছিল ৷ অপৰিসীম ভাল গুণৰ অধিকাৰী হৈ তেওঁ অন্তহীন দান, শালীনতা আৰু নম্ৰতাত বিশ্বাস কৰিছিল ৷" বিটনে লিখিছিল, গোটেই ডিমনা চহৰখনে তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰিছে ৷

ইজৰাইলৰ দক্ষিণ অংশৰ এখন চহৰ ডিমোনা ইজৰাইলৰ পাৰমাণৱিক ৰিয়েক্টৰৰ সৈতে চিনাক্ত কৰা হৈছে যদিও চহৰখনত ভাৰতৰ পৰা অহা ইহুদীৰ বৃহৎ ঘনত্বৰ প্ৰতি লক্ষ্য ৰাখি কিছুমানে ইয়াক সৰু ভাৰত বুলিও বৰ্ণনা কৰিছে ৷ ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলে পিটিআইক জনাইছে যে তেওঁ এজন অতি উজ্জ্বল ভৱিষ্যতৰ যুৱক আছিল ৷ তেওঁৰ মৃত্যুত আৰু ইজৰাইলৰ অস্তিত্বৰ বাবে ন্যায়সংগত যুদ্ধত যুঁজি থকা আন ইজৰাইলী যুৱক-যুৱতীসকলৰ মৃত্যুত তেওঁলোকে দুখ প্ৰকাশ কৰে ৷

ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে বেদনাদায়ক লোকচানৰ সৈতে কঠিন যুদ্ধ বুলি অভিহিত কৰা যুদ্ধত গাজাত কমেও 11 জন ইজৰাইলী সৈন্য নিহত হৈছে যদিও বিজয়ৰ নোপোৱালৈকে এই যুদ্ধ চলি থাকিব বুলি প্ৰতিশ্ৰুতি দিছিল ৷

ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে কয় যে "আমি জানো যে আমাৰ প্ৰতিজন সৈনিকেই এখন সম্পূৰ্ণ পৃথিৱী ৷ সমগ্ৰ ইজৰায়েলৰ লোকসকলে আপোনালোকক, পৰিয়ালসমূহক আমাৰ হৃদয়ৰ গভীৰতাৰ পৰা আকোৱালি লৈছে ৷ আপোনাৰ গধুৰ দুখৰ সময়ত আমি সকলোৱে আপোনাৰ লগত আছো ৷ আমাৰ সৈন্যসকল অতি ন্যায়পৰায়ণ যুদ্ধত নামিছে ৷ মই ইজৰাইলৰ নাগৰিকসকলক প্ৰতিশ্ৰুতি দিছো-আমি বিজয়ৰ আগলৈকে চলি থকা কামটো সম্পূৰ্ণ কৰিম ৷"

7 অক্টোবৰত হামাছে ইজৰাইলৰ ওপৰত চলোৱা এক মাৰাত্মক আক্ৰমণত কমেও 1,400 ইজৰাইলী নিহত হৈছে ৷ সেই সময়ত তেওঁলোকে কমেও 240 জন লোকক পণবন্দী হিচাপেও লৈ গৈছিল ৷ আমেৰিকা আৰু আন কিছুমান পশ্চিমীয়া ৰাষ্ট্ৰৰ সমৰ্থনত ইজৰাইলে 2007 চনৰ পৰা গাজা ষ্ট্ৰিপ নিয়ন্ত্ৰণ কৰি অহা হামাছৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছিল আৰু দুটা উল্লেখিত লক্ষ্য আছিল - সন্ত্ৰাসবাদী সংগঠনটোক নিৰ্মূল কৰা আৰু পণবন্দীসকলক মুক্ত কৰা ৷

লগতে পঢ়ক : Israel Palestine War : ৰাফা সীমান্তৰে গাজাৰ পৰা ইজিপ্তলৈ ৰাওনা বিদেশী নাগৰিকৰ প্ৰথমটো দল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.