ETV Bharat / bharat

১৫ আগষ্টৰ লালকিল্লাৰ কাৰ্যসূচীত বিশেষ অতিথি হ'ব ভাৰতীয় অলিম্পিক দল - প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

স্বাধীনতা দিৱসৰ দিনটোত ভাৰতীয় খেলুৱৈৰ দলটোক বিশেষ অতিথি হিচাপে নিমন্ত্ৰণ জনাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । অংশগ্ৰহণকাৰীসকলে টকিঅ'ৰ পৰা উভতি অহাৰ পিছতে তেওঁলোকক প্ৰধানমন্ত্ৰীৰ তৰফৰ পৰা নিমন্ত্ৰণী পত্ৰ প্ৰেৰণ কৰা হ'ব ।

special guests on August 15
১৫ আগষ্টৰ লালকিল্লাৰ কাৰ্যসূচীত বিশেষ অতিথি হ'ব ভাৰতীয় অলিম্পিক দল
author img

By

Published : Aug 3, 2021, 6:39 PM IST

নেশ্যনেল ডেস্ক,৩ আগষ্ট: টকিঅ' অলিম্পিকত (Tokyo Olympic) ভাৰতৰ প্ৰদৰ্শন এতিয়ালৈ আশা কৰা ধৰণে হোৱা নাই । প্ৰতিযোগিতাখনৰ ১২ দিনৰ অন্তত দেশখনে মাত্ৰ দুটা পদক লাভ কৰিছে । এটা ৰূপৰ পদক লাভ কৰিছে ভাৰোত্তোলক মীৰাবাঈ চানু (Mirabai Chanu) আৰু আনটো ব্ৰঞ্জৰ পদক লাভ কৰিছে বেডমিণ্টন খেলুৱৈ পি ভি সিন্ধুৱে (P.V Sindhu) ।

বহু কেইটা প্ৰতিযোগিতাত পদকৰ দাবীদাৰ খেলুৱৈয়ে একপ্ৰকাৰ নিৰাশ কৰিছে ভাৰতীয়ক । অৱশ্যে এতিয়াও ভাৰতে কেইবাটাও শিতানত পদক লাভৰ আশাত আছে । ভাৰতীয় খেলুৱৈৰ দ্বাৰা নিৰাশাজনক ফলাফলৰ পাছতো কিন্তু টকিঅ'লৈ যোৱা ভাৰতীয় দলটোক উৎসাহিত কৰি আহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে (Prime minister Narendra Modi) । টুইটযোগে ভাৰতীয় খেলুৱৈসকলক উৎসাহিত কৰাৰ লগতে শুভেচ্ছা জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী ।

জানিব পৰা মতে স্বাধীনতা দিৱসৰ (Independence Day) দিনটোত ভাৰতীয় খেলুৱৈৰ দলটোক বিশেষ অতিথি হিচাপে নিমন্ত্ৰণ জনাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । লালকিল্লাত কেন্দ্ৰীয়ভাৱে আয়োজন হ'বলগীয়া স্বাধীনতা দিৱসৰ কাৰ্যসূচীৰ বাবে অলিম্পিকত অংশ লোৱা আটাইকেইগৰাকী খেলুৱৈক নিমন্ত্ৰণ জনাব প্ৰধানমন্ত্ৰীয়ে ।

প্ৰধানমন্ত্ৰী মোডীয়ে সেই সময়ত খেলুৱৈসকলক ব্যক্তিগতভাৱে লগ কৰিব আৰু উৎসাহিত কৰিব । উল্লেখ্য যে ভাৰতে এইবাৰ অলিম্পিকলৈ সৰ্বাধিক ১২৭ গৰাকী খেলুৱৈক প্ৰেৰণ কৰিছে । অংশগ্ৰহণকাৰীসকলে টকিঅ'ৰ পৰা উভতি অহাৰ পিছতে তেওঁলোকক প্ৰধানমন্ত্ৰীৰ তৰফৰ পৰা নিমন্ত্ৰণী পত্ৰও প্ৰেৰণ কৰা হ'ব ।

লগতে পঢ়ক :CBSE ৰ দশম শ্ৰেণীৰ ফলাফল: ৯৯.০৪ শতাংশ শিক্ষাৰ্থী উত্তীৰ্ণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.