নেশ্যনেল ডেস্ক, ১ জানুৱাৰী : মূল্যবৃদ্ধিয়ে দেশবাসীক জুৰুলা কৰাৰ সময়তে ২০২২ চনৰ প্ৰথম দিনটোতে আহিল সুখবৰ । ইণ্ডিয়ান অইলে হ্ৰাস কৰিছে বাণিজ্যিক এল পি জি চিলিণ্ডাৰৰ মূল্য (Commercial lpg cylinder price reduced) । অৱশ্যে ঘৰুৱা ব্যৱহাৰ্য ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য অপৰিৱৰ্তিত হৈয়ে আছে ।
ইণ্ডিয়ান অইলে প্ৰকাশ কৰা মতে, ২০২২ চনৰ ১ জানুৱাৰীত দিল্লীত বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ১০২ টকা হ্ৰাস কৰা হৈছে (LPG Cylinder Price 1st January 2022) ।
ৰাজধানী দিল্লীত বৰ্তমান ১৯ কিল'গ্ৰাম ওজনৰ গেছ চিলিণ্ডাৰৰ মূল্য হৈছে ১৯৯৮.৫ টকা । চেন্নাইত গ্ৰাহকে বাণিজ্যিক এল পি জি চিলিণ্ডাৰ ২১৩১ টকাত আৰু মুম্বাইত ১৯৪৮.৫০ টকা দৰত লাভ কৰিব । নতুন বছৰত কলকাতাত ২০৭৬ টকাত উপলব্ধ হ'ব ১৯ কিল'গ্ৰাম ওজনৰ প্ৰতিটো গেছ চিলিণ্ডাৰ ।
উল্লেখ্য যে, বিগত বৰ্ষৰ ডিচেম্বৰ মাহৰ আৰম্ভণিতে বাণিজ্যিক এল পি জি চিলিণ্ডাৰৰ মূল্য ১০০ টকা বৃদ্ধি কৰা হৈছিল । আনহাতে, ১৪.২ কিল'গ্ৰাম ওজনৰ ঘৰুৱা চিলিণ্ডাৰৰ মূল্যৰ ক্ষেত্ৰত কোন হ্ৰাস-বৃদ্ধি হোৱা নাই । ঘৰুৱা চিলিণ্ডাৰৰ মূল্য যোৱা বছৰৰ অক্টোবৰ মাহত বৃদ্ধি কৰা হৈছিল ।
ইণ্ডিয়ান অইলৰ মতে, নতুন বছৰত দিল্লী আৰু মুম্বাইত ১৪.২ কিল'গ্ৰাম ওজনৰ ঘৰুৱা গেছ চিলিণ্ডাৰৰ মূল্য হৈছে ৯০০ টকা । কলকাতাবাসীয়ে প্ৰতিটো ঘৰুৱা চিলিণ্ডাৰৰ বাবদ পৰিশোধ কৰিব লাগিব ৯২৬ টকা । চেন্নাইত প্ৰতিটো ঘৰুৱা ব্যৱহাৰ্য ৰন্ধন গেছৰ চিলিণ্ডাৰ ৯১৬ টকাত বিক্ৰী কৰা হৈছে ।
অৱশ্যে, বিহাৰৰ ৰাজধানী পাটনাত বৰ্তমান ৰন্ধন গেছৰ মূল্য যথেষ্ট বৃদ্ধি হৈ আছে । পাটনাত ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য হৈছে ৯৯৮ টকা । আহমেদাবাদত প্ৰতিটো চিলিণ্ডাৰৰ মূল্য ৯০৭ টকা আৰু ভূপালত এই দৰ হৈছে ৯০৬ টকা ।
লগতে পঢ়ক: নৱবৰ্ষৰ উপহাৰ লৈ চৰাইদেউৰ ৰাজপথত উপ আৰক্ষী অধীক্ষক অনিতা কোঁৱৰ