ETV Bharat / bharat

Indian national sentenced to jail in Singapore : ছিংগাপুৰত কলেজীয়া ছাত্ৰীক ধৰ্ষণ, ধৰ্ষণকাৰী ভাৰতীয় যুৱকক ১৬ বছৰৰ কাৰাদণ্ড

author img

By ETV Bharat Assamese Team

Published : Oct 28, 2023, 12:41 PM IST

২০১৯ চনত ছিংগাপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰীগৰাকীক ধৰ্ষণ কৰিছিল । ঘটনাৰ প্ৰায় ৪ বছৰৰ অন্তত অভিযুক্ত ভাৰতীয় যুৱকজনক ১৬ বছৰৰ কাৰাদণ্ড প্ৰদান ।

Indian national sentenced to jail in Singapore
ছিংগাপুৰত কলেজীয়া ছাত্ৰীক ধৰ্ষণ

ইণ্টাৰনেশ্যনেল ডেস্ক,২৮ অক্টোবৰ : ছিংগাপুৰত কলেজীয়া ছাত্ৰীক ধৰ্ষণৰ অভিযোগ ২৬ বছৰীয়া ভাৰতীয় যুৱকৰ বিৰুদ্ধে । ধৰ্ষণৰ অভিযোগত এখন আদালতে যুৱকজনক ১৬ বছৰৰ কাৰাদণ্ড প্ৰদান কৰে । ২০১৯ চনত সংঘটিত হৈছিল চাঞ্চল্যকৰ ধৰ্ষণৰ ঘটনাটো । ভাৰতীয় যুৱকজনৰ বিৰুদ্ধে অপহৰণ আৰু চুৰিৰো অভিযোগ আছে ।

জানিব পৰা মতে বিশ্ববিদ্যালয়ৰ ছাত্ৰীগৰাকীয়ে নিশা বাছ আস্থানলৈ খোজকাঢ়ি গৈ আছিল । সেই সময়তে ছাফাই কৰ্মী হিচাপে থকা ভাৰতীয় যুৱকজনে তেওঁক বনাঞ্চললৈ টানি লৈ গৈছিল । তাৰ পাছতে যুৱতীগৰাকীক প্ৰহাৰ কৰাৰ লগতে যুৱকজনে ধৰ্ষণ কৰে । এই ঘটনাত ভুক্তভোগী যুৱতীগৰাকী গুৰুতৰভাৱে আহত হৈছিল । মুখমণ্ডলৰ আঘাত ইমানে ভয়ংকৰ আছিল যে তেওঁৰ প্ৰেমিকে হাস্পতালত তেওঁক চিনাক্ত কৰিব পৰা নাছিল ।

আৰক্ষীয়ে আদালতক জনোৱা মতে ধৰ্ষণৰ ঘটনাটো ২০১৯ চনৰ ৪ মে'ত সংঘটিত হৈছিল । কিন্তু গোচৰটোৰ শুনানিৰ বাবে আদালতে প্ৰায় ৪ বছৰৰ সময় লয় । কিয়নো অভিযুক্ত চিন্নায়া নামৰ যুৱকজনৰ মানসিক অৱস্থাৰ বাবে কেইবাটাও পৰ্যায়ৰ মানসিক মূল্যাঙ্কনৰ প্ৰয়োজন হৈছিল ।

অধিবক্তাই জনোৱা মতে ধৰ্ষণৰ পাছত ভাৰতীয়মূলৰ যুৱকজনে যুৱতীগৰাকীৰ বেগৰ সামগ্ৰীবোৰ ছেদেলিভেদেলি কৰিছিল । যুৱতীগৰাকীৰ পানীৰ বটলটোৰে পানীও সেৱন কৰিছিল অভিযুক্ত ধৰ্ষণকাৰী যুৱকজনে । আনহাতে যুৱতীগৰাকীৰ শৰীৰত বটলৰ বাকীখিনি পানী ঢালি দিছিল ।

পাছত যুৱকজন ঘটনাস্থলীৰ পৰা পলায়ন কৰে । লগে লগে যুৱতীগৰাকীয়ে বেগৰ পৰা ফোনটো বিচাৰি উলিয়াই আৰু তেওঁৰ বন্ধুৰ সৈতে যোগাযোগ কৰে । খবৰ পোৱাৰ পাছতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ভুক্তভোগী যুৱতীগৰাকীক হাস্পতাললৈ প্ৰেৰণ কৰে ।

ইফালে ধৰ্ষণকাৰী চিন্নায়াক ঘটনাটোৰ পিছদিন অৰ্থাৎ ২০১৯ চনৰ ৫ মে'ত গ্ৰেপ্তাৰ কৰা হৈছিল । বিষয়টোক লৈ দীৰ্ঘদিন বিচাৰ প্ৰক্ৰিয়া চলি আছিল যদিও অৱশেষত ছিংগাপুৰৰ আদালতে অভিযুক্ত চিন্নায়াক দোষী সাব্যস্ত কৰে আৰু ১৬ বছৰৰ কাৰাদণ্ড প্ৰদান কৰে ।

লগতে পঢ়ক :Indian origin elderly man jailed in Singapore : ছিংগাপুৰত ভাৰতীয় মূলৰ বৃদ্ধক কাৰাদণ্ড

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.