ETV Bharat / bharat

চীনৰ সৈন্যৰ সৈতে সাহসিকতাৰে যুঁজিছিল আমাৰ সেনাই : ৰাজনাথ সিং

author img

By

Published : Dec 14, 2020, 10:00 PM IST

ভাৰতীয় সৈন্যই অত্যন্ত সাহসিকতাৰে যুঁজ দিছিল চীনৰ পিপুলছ লিবাৰেশ্যন আৰ্মীৰ সৈতে আৰু তেওঁলোকক উভতি যাবলৈ বাধ্য কৰাইছিল ৷ দেশবাসীৰ বাবে অতি গৌৰৱৰ কাৰণ হোৱা ভাৰতীয় সৈন্যক লৈ আমি গৰ্বিত-এইদৰে কয় প্ৰতিৰক্ষামন্ত্ৰী গৰাকীয়ে ৷

indian-forces-fought-pla-with-utmost-bravery-forced-them-to-go-back-rajanth-on-ladakh-row

নতুন দিল্লী, ১৪ ডিচেম্বৰ : প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে প্ৰকাশ কৰা এক মন্তব্য অনুসৰি পূৱ লাডাখৰ ভাৰত চীন নিয়ন্ত্ৰণ ৰেখাত থকা ভাৰতীয় সেনাবাহিনীয়ে চীনৰ পি এল এৰ আগ্ৰাসনক অতি সাহসিকতাৰে ৰোধ কৰিছিল ৷ চীনা সৈন্যৰ আগ্ৰাসনৰ সময়ত ভাৰতীয় সৈন্যই বাধাৰ প্ৰাচীৰ হিচাপে ঠিয় দিছিল ৷ তেওঁলোকক ভাৰত সীমান্তৰ পৰা আঁতৰি যাবলৈ বাধ্য কৰাইছিল ৷

FICCIৰ উদ্যোগিক শাখাৰ বাৰ্ষিক অধিবেশনত ভাগ লৈ প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথে সিঙে কয় যে, কি ভাৱে ভাৰতীয় সৈন্যই চীনা সৈন্যৰ আগ্ৰাসন ৰোধ কৰিছিল ৷ তেওঁ প্ৰকাশ কৰে ভাৰতৰ হিমালয় সীমান্তৰ অপ্ৰকাশিত আগ্ৰাসন আৰু বিশ্ব কিভাৱে পৰিৱৰ্তিত হৈছে, সীমামূৰীয়া ৰাষ্ট্ৰৰ সৈতে থকা ভাৰতৰ চুক্তিসমূহ কেনেকৈ প্ৰত্যাহ্বান হৈ পৰিছে ৷

ভাৰতীয় সৈন্যই অত্যন্ত সাহসিকতাৰে যুঁজ দিছিল চীনৰ পিপুলছ লিবাৰেশ্যন আৰ্মীৰ সৈতে আৰু তেওঁলোকক উভতি যাবলৈ বাধ্য কৰাইছিল ৷ দেশবাসীৰ বাবে অতি গৌৰৱৰ কাৰণ হোৱা ভাৰতীয় সৈন্যক লৈ আমি গৰ্বিত-এইদৰে কয় প্ৰতিৰক্ষামন্ত্ৰী গৰাকীয়ে ৷

ৰাজনাথ সিঙে লগতে কয় যে, ভাৰতীয় সেনাবাহিনীয়ে প্ৰত্যাহ্বান গ্ৰহণ কৰাৰ ক্ষেত্ৰত অনুকৰণীয় উদাহৰণ দাঙি ধৰিছে ৷ তেওঁ কয় যে, আমাৰ হিমালয় সীমান্তৰ অকাট্য আগ্ৰাসন, বিশ্ব কিধৰণে পৰিৱৰ্তিত হৈছে, পূৰ্বৰ চুক্তিসমূহ কিদৰে প্ৰত্যাহ্বান হৈ পৰিছে, শক্তি বা সংঘাত কেৱল হিমালয়ৰে যে নহয়, ইন্দো প্ৰশান্ত মহাসাগৰলৈকে সোঁৱৰাই দিছে ৷

এই অঞ্চল বা সমগ্ৰ বিশ্বৰ পটভূমিত ভৱিষ্যত কিদৰে অনিশ্চয়তা আহিব পাৰে সেয়া হয়তো আপোনালোকে লাডাখৰ ক্ষেত্ৰত আপোনালোকে অনুভৱ কৰিব পাৰিছে ৷ কিয়নো লাডাখত সশস্ত্ৰ বাহিনীৰ এটা বৃহৎ প্ৰস্তুতি চলিছে ৷ এইদৰে কয় ৰাজনাথ সিঙে ৷

লগতে পঢ়ক : বড়োভূমিৰ ৰাজনীতিত হৰ্চ ট্ৰেডিঙ : বিজেপিত যোগদান কংগ্ৰেছৰ বিজয়ী প্ৰাৰ্থীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.