ETV Bharat / bharat

India surpasses China : জনসংখ্যাৰ ক্ষেত্ৰত মহাশক্তিধৰ চীনক চেৰাই শীৰ্ষত ভাৰত - ভাৰতে মহাশক্তিধৰ চীনক অতিক্ৰম কৰি বিশ্বৰ সৰ্বাধিক

ইতিহাসত প্ৰথমবাৰৰ বাবে ভাৰতে চীনক অতিক্ৰম কৰি বিশ্বৰ সৰ্বাধিক জনবহুল দেশ হিচাপে পৰিগণিত হয় । ১৪২.৮৬ মিলিয়ন জনসংখ্যাৰ ভাৰতীয় ১৪২৫.৭ মিলিয়ন পঞ্জীয়নভুক্ত জনসংখ্যা থকা চীনতকৈ আগবাঢ়ি আছে (Most populated country India)।

world’s most populous country
মহাশক্তিধৰ চীনক চেৰায় শীৰ্ষত ভাৰত
author img

By

Published : Apr 19, 2023, 6:54 PM IST

Updated : Apr 19, 2023, 7:18 PM IST

নেশ্যনেল ডেস্ক, 19 এপ্ৰিল : ৰাষ্ট্ৰসংঘৰ শেহতীয়া তথ্য অনুসৰি ভাৰতে মহাশক্তিধৰ চীনক অতিক্ৰম কৰি বিশ্বৰ সৰ্বাধিক জনবহুল দেশ হিচাপে পৰিগণিত হৈছে । বৰ্তমান ভাৰতৰ জনসংখ্যা ১৪২.৮৬ মিলিয়ন, চীনৰ ১৪২৫.৭ নিযুত জনসংখ্যা । ১৯৫০ চনত ৰাষ্ট্ৰসংঘই জনসংখ্যাৰ তথ্য সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰাৰ পিছত ভাৰতৰ জনসংখ্যা এক বিলিয়নৰো অধিক বৃদ্ধি পাইছে ।

যোৱা বছৰ ১৯৬০ চনৰ পিছত প্ৰথমবাৰৰ বাবে চীনৰ জনসংখ্যা সংকুচিত হৈছিল, কাৰণ চীনৰ জন্মৰ হাৰ হ্ৰাস পাইছিল । ২০১৬ চনত বেইজিঙে ১৯৮০ চনত চীনে জনসংখ্যাৰ আশংকাত জাপি দিয়া কঠোৰ “এক সন্তান নীতি”ৰ অন্ত পেলায় আৰু ২০২১ চনত দম্পতীসকলে তিনিটা পৰ্যন্ত সন্তান জন্ম দিয়াৰ অনুমতি প্ৰদান কৰে (Most populous country in the world)।

ৰাষ্ট্ৰসংঘৰ তথ্য অনুসৰি ২০২৩ চনৰ মাজভাগলৈকে বিশ্বৰ জনসংখ্যা ৮.০৪৫ বিলিয়ন হ’ব । দ্বিতীয় বৃহত্তম মহাদেশ আফ্ৰিকাত ২১০০ চনৰ ভিতৰত জনসংখ্যা ১৪ বিলিয়নৰ পৰা ৩৯ বিলিয়নলৈ বৃদ্ধি পাব বুলি আশা কৰা হৈছে । বিশ্বৰ আঠখন দেশত এক কোটিতকৈ অধিক বাসিন্দা আছে । উল্লেখ্য যে, বাৰ্ধক্যজনিত সমস্যাৰ বাবে জাপানৰ জনসংখ্যাও হ্ৰাস পোৱা পৰিলক্ষিত হৈছে । ২০১১ চনৰ পৰা ২০২১ চনৰ ভিতৰত দ্বীপ দেশখনে ৩০ লাখৰো অধিক বাসিন্দা হেৰুৱাইছে (Most populated country in the world 2023) ।

ৰাষ্ট্ৰসংঘৰ তথ্য অনুসৰি সমগ্ৰ বিশ্বৰ জনসংখ্যা ১০.৪ বিলিয়নৰ শিখৰত উপনীত হ’ব আৰু তাৰ পিছত ২০৯০ চনত হ্ৰাস পাব বুলি ধাৰণা কৰা হৈছে । ভৱিষ্যতৰ জনসংখ্যা বৃদ্ধি ভৱিষ্যতৰ উৰ্বৰতাৰ হাৰৰ ওপৰত অত্যন্ত নিৰ্ভৰশীল । বিশ্ব জনসংখ্যা সম্ভাৱনাই (২০২২) ভৱিষ্যদ্বাণী কৰিছে যে ২০২১ আৰু ২০৫০ চনত প্ৰতিগৰাকী মহিলাৰ বিপৰীতে ক্ৰমে ২.৩ ৰ পৰা ২.১ লৈ হ্ৰাস পাব । কিন্তু শেহতীয়া বছৰবোৰত বিশ্বজুৰি আয়ুস যথেষ্ট বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে (world’s most populous country) ৷

লগতে পঢ়ক : Bilkis Bano case : গুজৰাট চৰকাৰক জবাবদিহি কৰিলে উচ্চতম ন্যায়ালয়ে

Last Updated : Apr 19, 2023, 7:18 PM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.