ETV Bharat / bharat

অগ্নি ১ বেলিষ্টিক মিছাইলৰ সফল প্ৰশিক্ষণমূলক উৎক্ষেপণ

author img

By ETV Bharat Assamese Team

Published : Dec 8, 2023, 7:04 AM IST

Updated : Dec 8, 2023, 9:13 AM IST

অগ্নি ১ বেলিষ্টিক মিছাইলৰ সফল প্ৰশিক্ষণমূলক উৎক্ষেপণ । এই অগ্নি-১ হৈছে এক প্ৰমাণিত উচ্চ নিখুঁত ক্ষেপণাস্ত্ৰ ব্যৱস্থা (Training launch of ballistic missile Agni 1) ৷

Training launch of ballistic missile Agni 1
অগ্নি ১ ৰ সফল প্ৰশিক্ষণ

নেশ্যনেল ডেস্ক, ৮ ডিচেম্বৰ : বৃহস্পতিবাৰে ওড়িশা উপকূলৰ এপিজে আব্দুল কালাম দ্বীপৰ পৰা ভাৰতে অতি কম দূৰত্বৰ বেলিষ্টিক মিছাইল অগ্নি-১ ৰ প্ৰশিক্ষণমূলক উৎক্ষেপণ সফলতাৰে সম্পন্ন কৰে । এজন প্ৰতিৰক্ষা বিষয়াই এই সদৰী কৰে এই তথ্য ৷

বিষয়াগৰাকীয়ে কয়, ‘‘অগ্নি-১ হৈছে এক প্ৰমাণিত উচ্চ নিখুঁত ক্ষেপণাস্ত্ৰ ব্যৱস্থা । ষ্ট্ৰেটেজিক ফৰ্চ কমাণ্ডৰ তত্বাৱধানত অনুষ্ঠিত প্ৰশিক্ষণে সকলো কাৰ্যকৰী আৰু কাৰিকৰী পৰিমাপ সফলতাৰে পূৰণ কৰে’’ । যোৱা ১ জুনত একেটা ঘাটিৰ পৰাই শেষবাৰৰ বাবে এই ক্ষেপণাস্ত্ৰৰ সফলতাৰে পৰীক্ষা কৰা হৈছিল। ভাৰতৰ পাৰমাণৱিক ডেলিভাৰী বিকল্পৰ মূল ভেঁটি হৈছে অগ্নি ছিৰিজৰ ক্ষেপণাস্ত্ৰ ।

  • Training launch of Short-Range Ballistic Missile ‘Agni-1’ was carried out successfully from APJ Abdul Kalam Island, Odisha today. 'Agni-1' is a proven very high-precision missile system. The user training launch, carried out under the aegis of the Strategic Forces Command,… pic.twitter.com/JR3PfWn26Z

    — ANI (@ANI) December 7, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

অগ্নি-১ ক্ষেপণাস্ত্ৰই গতানুগতিক আৰু পাৰমাণৱিক উভয় ধৰণৰ ১০০০ কিলোগ্ৰামতকৈ অধিক পেলোডেৰে ৭০০ৰ পৰা ৯০০ কিলোমিটাৰতকৈ অধিক দূৰত্বত শত্ৰুৰ লক্ষ্য ধ্বংস কৰিব পাৰে। যোৱা ডিচেম্বৰ মাহত ভাৰতে পাৰমাণৱিক ক্ষমতাসম্পন্ন বেলিষ্টিক মিছাইল অগ্নি V ৰ সফল পৰীক্ষণ কৰিছিল ৷ যিয়ে ৫০০০ কিলোমিটাৰ দূৰত্বৰ লক্ষ্যত আক্ৰমণ কৰিব পাৰে ।

অগ্নি ১ ৰ পৰা ৪ ক্ষেপণাস্ত্ৰৰ ৰেঞ্জ ৭০০ কিলোমিটাৰৰ পৰা ৩৫০০ কিলোমিটাৰ আৰু ইতিমধ্যে নিয়োগ কৰা হৈছে । এপ্ৰিল মাহত ভাৰতে নিজৰ অভিলাষী বেলিষ্টিক ক্ষেপণাস্ত্ৰ প্ৰতিৰক্ষা কাৰ্যসূচীৰ অংশ হিচাপে বংগ উপসাগৰৰ ওড়িশাৰ উপকূলৰ এখন জাহাজৰ পৰা এণ্ডো-এটম’স্ফেৰিক ইন্টাৰচেপ্টৰ মিছাইলৰ প্ৰথম উৰণ পৰীক্ষা সফলতাৰে সম্পন্ন কৰিছিল ।

সাগৰীয় ক্ষেপণাস্ত্ৰৰ পৰীক্ষাৰ লক্ষ্য হৈছে শত্ৰুতাপূৰ্ণ বেলিষ্টিক ক্ষেপণাস্ত্ৰৰ ভাবুকি নিষ্ক্ৰিয় কৰা । ভাৰতে পৃথিৱীৰ বায়ুমণ্ডলীয় পৰিসৰৰ ভিতৰত আৰু বাহিৰত শত্ৰুতাপূৰ্ণ বেলিষ্টিক ক্ষেপণাস্ত্ৰ আটক কৰাৰ ক্ষমতা গঢ়ি তুলিছে ।

লগতে পঢ়ক : যোৱা চাৰি বছৰত বাঘৰ আক্ৰমণত নিহত ২৯৩ জন লোক; হাতীয়ে প্ৰাণ ল’লে ২৬৫৭ জনৰ

Last Updated : Dec 8, 2023, 9:13 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.