ETV Bharat / bharat

Suspected omicron casualty: ভাৰতৰ প্ৰথমটো সন্দেহজনক অ'মিক্ৰণত মৃত্যুৰ ঘটনা - মহাৰাষ্ট্ৰত এগৰাকী ক'ভিড আক্ৰান্ত ৰোগীৰ মৃত্যুক লৈ চাঞ্চল্য

মহাৰাষ্ট্ৰত এগৰাকী ক'ভিড আক্ৰান্ত ৰোগীৰ মৃত্যুক লৈ চাঞ্চল্য । মৃত্যুৰ পাছত অহা ফলাফলত লোকজনৰ দেহত অ'মিক্ৰণৰ অৱস্থিতি পোৱা গৈছে । সেয়েহে বহুতে সন্দেহ কৰা মতে এয়া ভাৰতৰ প্ৰথমটো অ'মিক্ৰণত মৃত্যুৰ ঘটনা (Suspected omicron casualty in Pune)। অৱশ্যে চিকিৎসকে লোকজনৰ মৃত্যু হৃদৰোগত হোৱা বুলি দাবী কৰিছে ।

Suspected omicron casualty
ভাৰতৰ প্ৰথমটো সন্দেহজনক অ'মিক্ৰণত মৃত্যুৰ ঘটনা
author img

By

Published : Dec 31, 2021, 6:16 PM IST

নেশ্যনেল ডেস্ক,৩১ ডিচেম্বৰ : দেশত অ'মিক্ৰণৰ সংক্ৰমণ অব্যাহত আছে (Omicron cases in India)। ইয়াৰ মাজতে মহাৰাষ্ট্ৰৰ পুণেৰ পৰা আহিছে এক উদ্বেগজনক খবৰ । অ'মিক্ৰণত আক্ৰান্ত এগৰাকী ব্যক্তিৰ মৃত্যুৰ খবৰ পোৱা গৈছে (Suspected omicron casualty in Pune)।

মহাৰাষ্ট্ৰৰ পিম্প্ৰি চিঞ্চৱাড অঞ্চলৰ ৫২ বছৰীয়া ব্যক্তি গৰাকীৰ ২৮ ডিচেম্বৰত মৃত্যু হয় । বৃহস্পতিবাৰে তেওঁৰ নমুনাৰ ফলাফল অনুসৰি লোকজনৰ দেহত অ'মিক্ৰণৰ অৱস্থিতি পোৱা গৈছে । অৱশ্যে চিকিৎসকসকলে তেওঁৰ মৃত্যুৰ কাৰণ হৃদৰোগ বুলি কৈছে যদিও বহুতে অ'মিক্ৰণৰ বাবে তেওঁৰ মৃত্যু হোৱা বুলি সন্দেহ কৰিছে ।

জানিব পৰা মতে মৃত ব্যক্তিগৰাকী নাইজেৰিয়াৰ পৰা ভাৰতলৈ আহিছিল । প্ৰথম অৱস্থাত তেওঁক ক'ভিডত আক্ৰান্ত পোৱা গৈছিল আৰু অ'মিক্ৰণ নিশ্চিত কৰিবলৈ ৰাষ্ট্ৰীয় ভাইৰোল’জী প্ৰতিষ্ঠানলৈ জিনোম অনুক্ৰমৰ বাবে তেওঁৰ নমুনা প্ৰেৰণ কৰা হৈছিল । কিন্তু বৃহস্পতিবাৰে পৰীক্ষাৰ ফলাফল অহাৰ পূৰ্বেই তেওঁৰ মৃত্যু হয় ।

বিভাগীয় কৰ্তৃপক্ষই জনোৱা মতে লোকজন যোৱা ১৩ বছৰ ধৰি মধুমেহ ৰোগত আৰু হৃদযন্ত্ৰৰ সমস্যাত ভুগি আছিল । সেয়েহে এই ঘটনাটোক ক'ইঞ্চিডেঞ্চ (coincidence) আখ্যা দিছে বিভাগীয় কৰ্তৃপক্ষই । সেয়েহে কৰ্তৃপক্ষই দাবী কৰে যে দেশত অ'মিক্ৰণত আক্ৰান্ত ৰোগীৰ এতিয়ালৈ মৃত্যু হোৱা নাই । আন এগৰাকী স্বাস্থ্য বিশেষজ্ঞৰ মতে আকৌ যিহেতু মৃত্যুৰ পূৰ্বে লোকজন ক'ভিডত আক্ৰান্ত আছিল সেয়ে লোকজন ক'ভিডত মৃত্যু হোৱা বুলি গণ্য কৰিব পাৰি ।

ইফালে মহাৰাষ্ট্ৰত অ'মিক্ৰণ আৰু আন প্ৰকাৰৰ ক'ভিড ৰোগীৰ সংখ্যা বৃদ্ধি হৈছে (Covid cases in Mumbai)। ৰাজ্যখনত বৃহস্পতিবাৰে নতুনকৈ ১৯৮ টা অ'মিক্ৰণৰ নতুন ঘটনা পোহৰলৈ আহিছে । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা মতে মহাৰাষ্ট্ৰত অ'মিক্ৰণ ৰোগীৰ সংখ্যা ৪৫০ লৈ বৃদ্ধি হৈছে ।

ভাৰতৰ ভিতৰতে মহাৰাষ্ট্ৰত সৰ্বাধিক অ'মিক্ৰণ ৰোগী পোৱা গৈছে । মহাৰাষ্ট্ৰৰ পাছতে ৩২০ গৰাকী ৰোগীৰ সৈতে আছে দিল্লী । ভাৰতত অ'মিক্ৰণৰ সংখ্যা ১,২৭০ টালৈ বৃদ্ধি হৈছে । আনহাতে দেশত নতুনকৈ ১৬,৭৬৪ গৰাকী লোক ক'ভিডত আক্ৰান্ত হৈছে ।

লগতে পঢ়ক :অ'মিক্ৰণৰ বিপদাশংকা এতিয়াও অতি বেছি হৈ আছে : Tedros Adhanom Ghebreyesus

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.