ETV Bharat / bharat

Covid-19: দেশত যোৱা ২৪ ঘণ্টাত ক'ভিডত আক্ৰান্তৰ তুলনাত মৃত্যুৰ সংখ্যা বৃদ্ধি - ভাৰতত ক'ভিডত আক্ৰান্ত ৰোগীৰ মৃত্যুৰ সংখ্যা বৃদ্ধি

ভাৰতত ক'ভিডত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি হৈ আছে (Covid cases increase in India)। যোৱা ২৪ ঘণ্টাত আক্ৰান্ত ২,৩৪,২৮১ গৰাকী লোক । এদিনতে মৃত্যু হৈছে ৮৯৩ গৰাকী লোক । আক্ৰান্তৰ সংখ্যা কিছু হ্ৰাস হৈছে যদিও মৃত্যুৰ সংখ্যা বৃদ্ধি হৈছে ।

Covid 19
দেশত যোৱা ২৪ ঘণ্টাত ক'ভিডত আক্ৰান্তৰ তুলনাত মৃত্যুৰ সংখ্যা বৃদ্ধি
author img

By

Published : Jan 30, 2022, 6:54 PM IST

নেশ্যনেল ডেস্ক,৩০ জানুৱাৰী : দেশত অব্যাহত আছে ক'ভিডৰ সংক্ৰমণ (Covid cases increasing in India)। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে দেওবাৰে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত নতুনকৈ ২,৩৪,২৮১ গৰাকী লোক কৰ'ণাত আক্ৰান্ত হৈছে । একে সময়তে ক'ভিডত আক্ৰান্ত হৈ মৃত্যু হৈছে ৮৯৩ গৰাকী লোকৰ (Covid death in India)। এই তথ্যৰ পৰা এটা কথা স্পষ্ট যে আক্ৰান্তৰ সংখ্যা কিছু হ্ৰাস হ'লেও মৃত্যুৰ সংখ্যা বৃদ্ধি পাইছে ।

শনিবাৰে প্ৰকাশ পোৱা তথ্য অনুসৰি ভাৰতত ২,৩৫,৫৩২ গৰাকী লোক নতুনকৈ ক'ভিডত আক্ৰান্ত হৈছিল আৰু মৃত্যু হৈছিল ৮৭১ গৰাকী লোকৰ । চৰকাৰী তথ্য অনুসৰি, দৈনিক আক্ৰান্তৰ হাৰ শনিবাৰে ১৩.৩৯ শতাংশৰ পৰা ১৪.৫০ শতাংশলৈ বৃদ্ধি পাইছে । অৱশ্যে, সাপ্তাহিক আক্ৰান্তৰ হাৰ ১৬.৮৯ শতাংশৰ পৰা সামান্য হ্ৰাস হৈ ১৬.৪০ শতাংশ হৈছে ।

ইফালে ভাৰতত বৰ্তমান ক'ভিডৰ সক্ৰিয় ঘটনা আছে ১৮,৮৪,৯৩৭ টা । এই সংখ্যা মুঠ ঘটনাৰ ৪.৫৯ শতাংশ । যোৱা ২৪ ঘণ্টাত দেশত ক'ভিডৰ পৰা আৰোগ্য লাভ কৰিছে ৩,৫২,৭৮৪ গৰাকী লোকে । ইয়াৰ লগে লগে দেশত আৰোগ্যৰ সংখ্যা ৩,৮৭,১৩,৪৯৪ লৈ বৃদ্ধি হৈছে ।

বৰ্তমান আৰোগ্য হাৰ হৈছে ৯৪.২১ শতাংশ । আনহাতে ভাৰতত ক'ভিডত মৃত্যুৰ সংখ্যা ৪,৯৪,০৯১ লৈ বৃদ্ধি পাইছে । যোৱা ২৪ ঘণ্টাত ক'ভিডৰ ১৬,১৫,৯৯৩ টা নমুনা পৰীক্ষা কৰা হৈছে ।

ইয়াৰ মাজতে এক আশাৰ খবৰ । দেশৰ প্ৰাপ্তবয়স্ক লোকৰ প্ৰায় ৭৫ শতাংশই ক'ভিডৰ সম্পূৰ্ণৰূপে টীকাকৰণ কৰিছে । কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মান্দাৱিয়াই(union health minister mansukh mandaviya) এক টুইটযোগে এই কথা প্ৰকাশ কৰাৰ লগতে সকলো লোককে যিমান সম্ভৱ সোনকালে প্ৰতিষেধক গ্ৰহণ কৰিবলৈ আহ্বান জনায় । তেওঁ উল্লেখ কৰা মতে দেশত এতিয়ালৈকে ১৬৫.৭০ কোটি প্ৰতিষেধকৰ পালি প্ৰদান কৰা হৈছে ।

লগতে পঢ়ক :India covid tally : দেশত হ্ৰাস পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.