ETV Bharat / bharat

COVID-19 : ভাৰতত নতুনকৈ ২৩,৫২৯ জন আক্ৰান্ত

author img

By

Published : Sep 30, 2021, 1:36 PM IST

দেশত পুনৰ ২৪ ঘণ্টাৰ ভিতৰতে ২০ হাজাৰৰো অধিক লোক আক্ৰান্ত হ'ল ক'ভিড-১৯(COVID-19) ত । বৃহস্পতিবাৰে পুৱা ৮ বজাত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে(Union Health Ministry) প্ৰকাশ কৰা তথ্য অনুসৰি, যোৱা ২৪ ঘণ্টাত ভাৰতত নতুনকৈ ২৩,৫২৯ জন মহামাৰীৰ কবলত পৰিছে । বুধবাৰৰ দিনটোত ৩১১ জন কৰ’ণা আক্ৰান্তই প্ৰাণ হেৰুৱাইছে ।

COVID 19 latest update
ভাৰতত নতুনকৈ ২৩,৫২৯ জন কভিড ১৯ত আক্ৰান্ত

নেশ্যনেল ডেস্ক, ৩০ ছেপ্টেম্বৰ : ভাৰতত এতিয়াও অব্যাহত আছে ক'ভিড-১৯(COVID-19) ৰ সংক্ৰমণৰ ভয়াৱহতা । টীকাকৰণ অভিযান অব্যাহত থকাৰ মাজতে দৈনিক ২০ হাজাৰৰো অধিক লোক মহামাৰীৰ কবলত পৰিছে । বৃহস্পতিবাৰে পুৱা ৮ বজাত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে(Union Health Ministry) প্ৰকাশ কৰা তথ্য অনুসৰি, যোৱা ২৪ ঘণ্টাত ভাৰতত নতুনকৈ ২৩,৫২৯ জন মহামাৰীৰ কবলত পৰিছে । বুধবাৰৰ দিনটোত ৩১১ জন লোকৰ মৃত্যু হৈছে ।

আনহাতে, দেশত বৰ্তমান মুঠ সক্ৰিয় আক্ৰান্তৰ ঘটনা হৈছে ২,৭৭,০২০ টা । এতিয়ালৈকে ৪,৪৮,০৬২ জনে প্ৰাণ হেৰুওৱাৰ বিপৰীতে বৰ্তমানলৈকে ৩,৩০,১৪,৮৯৮ জন লোক আৰোগ্য হৈ উঠিছে । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি, যোৱা ২৪ ঘণ্টাত প্ৰায় ২৮,৭১৮ জন লোক আৰোগ্য হৈ উঠিছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

তদুপৰি ২৯ ছেপ্টেম্বৰ পৰ্যন্ত, ৫৬,৮৯,৫৬,৪৩৯ টা নমুনা পৰীক্ষা কৰা হৈছে । ইয়াৰ ভিতৰত বুধবাৰে ১৫,০৬,২৫৪ টা নমুনা পৰীক্ষা কৰা হৈছে ।

উল্লেখ্য় যে, বৰ্তমান দেশৰ ৰাজ্যই ৰাজ্যই টীকাকৰণ অভিযান অব্যাহত আছে । এতিয়াও বহু ৰাজ্যত মহামাৰীৰ সংক্ৰমণ নিয়ন্ত্ৰণৰ বাবে নিৰ্দিষ্ট সময়ৰ বাবে সান্ধ্য আইন বাহাল আছে । মাস্ক পৰিধান কৰাতো বাধ্যতামূলক কৰা হৈছে ।

লগতে পঢ়ক: এণ্টিলিয়া কাণ্ড : শচীন ৱাজেৰ গৃহবন্দীৰ আবেদন খাৰিজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.