ETV Bharat / bharat

Hindu Pilgrims to visit Teri shrine : পাকিস্তানৰ পৰিকল্পনাৰ প্ৰতি অসন্মতি প্ৰকাশ ভাৰতৰ

author img

By

Published : Jan 1, 2022, 1:02 PM IST

ভাৰত, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ডুবাইৰ পৰা অহা ২৫০ জনীয়া হিন্দু তীৰ্থযাত্ৰীৰ এটা দলে তেৰিৰ শতিকা পুৰণি তীৰ্থস্থান পৰিদৰ্শন কৰিবলগীয়া আছিল (Hindu pilgrims to visit Teri shrine) । কিন্তু হিন্দু তীৰ্থযাত্ৰীৰ তেৰি মন্দিৰ দৰ্শন সন্দৰ্ভত পাকিস্তানৰ পৰিকল্পনাৰ প্ৰতি অসন্মতি প্ৰকাশ ভাৰতৰ ।

India rejects Pakistan's plan to invite a select group of Hindu pilgrims to visit Teri shrine
হিন্দু তীৰ্থযাত্ৰীৰ তেৰি মন্দিৰ দৰ্শন সন্দৰ্ভত পাকিস্তানৰ পৰিকল্পনাৰ প্ৰতি অসন্মতি প্ৰকাশ ভাৰতৰ

নেশ্যনেল ডেস্ক, ১ জানুৱাৰী : তেৰি মন্দিৰ দৰ্শনৰ বাবে হিন্দু তীৰ্থযাত্ৰীৰ এটা নিৰ্বাচিত গোটক আমন্ত্ৰণ কৰাৰ পাকিস্তানৰ পৰিকল্পনাৰ প্ৰতি সঁহাৰি নজনালে ভাৰতে । খাইবাৰ পাখতুনখোৱা প্ৰদেশস্থিত তেৰি মন্দিৰ দৰ্শনৰ বাবে তীৰ্থযাত্ৰীৰ নিৰ্বাচিত গোটক আমন্ত্ৰণৰ পাকিস্তানৰ সিদ্ধান্তৰ প্ৰতি অসন্মতি প্ৰকাশ কৰি ভাৰত চৰকে এই সিদ্ধান্ত গ্ৰহণযোগ্য নহয় বুলি স্পষ্ট কৰি দিয়ে (India rejects Pakistan's plan over pilgrims Teri shrine visit) ।

জানিব পৰা মতে, ভাৰত, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ডুবাইৰ পৰা অহা ২৫০ জনীয়া হিন্দু তীৰ্থযাত্ৰীৰ এটা দলে তেৰিৰ শতিকা পুৰণি তীৰ্থস্থান পৰিদৰ্শন কৰিবলগীয়া আছিল(Pilgrims from India to visit Teri temple) । কিন্তু পাকিস্তানে ইয়াৰ মাজৰ একাংশ লোককহে তেৰি মন্দিৰ দৰ্শনৰ বাবে আমন্ত্ৰণ জনোৱাৰ পৰিকল্পনা কৰিছিল ।

উল্লেখ্য যে, ভাৰতৰ শিখ আৰু হিন্দু তীৰ্থযাত্ৰীসকলে দ্বিপাক্ষিক প্ৰট'কলৰ ভিত্তিত প্ৰতি বছৰে পাকিস্তানত তেওঁলোকৰ নিজ নিজ ধৰ্মীয় তীৰ্থস্থান দৰ্শন কৰে । চৰকাৰী সূত্ৰই জানিবলৈ দিয়া মতে, পাকিস্তানে ভাৰতৰ পৰা নিৰ্বাচিত লোকৰ এটা দলক তেৰি মন্দিৰ দৰ্শন কৰিবলৈ আমন্ত্ৰণ জনোৱাৰ পৰিকল্পনা কৰিছিল । কিন্ত এয়া ভাৰতৰ বাবে গ্ৰহণযোগ্য নহয় বুলি সূত্ৰটোৱে প্ৰকাশ কৰে । এতিয়া এই তীৰ্থযাত্ৰা আয়োজন কৰা ভাৰতীয় আয়োজকসকলে নিৰ্বাচন কৰা প্ৰায় ১৬০ জন ভাৰতীয় তীৰ্থযাত্ৰীয়ে শনিবাৰে ৱাঘা-আটাৰী সীমান্তৰে পাকিস্তানলৈ যাব বুলি সূত্ৰটোৱে জানিবলৈ দিছে ।

পূৰ্বৰ দৰেই ভাৰত চৰকাৰে ভাৰতীয় তীৰ্থযাত্ৰীসকলক সকলো ধৰণৰ সহায় আগবঢ়োৱাৰ বাবে সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ বুলিও সূত্ৰটোৱে প্ৰকাশ কৰিছে । উল্লেখ্য যে, পৰমহংসজী মহাৰাজৰ ভক্তিত ১৯২০ চনত এই তেৰি মন্দিৰ নিৰ্মাণ কৰা হৈছিল । ১৯১৯ চনত কাৰাক জিলাৰ তেৰি গাঁৱত তেওঁৰ পৰলোকপ্ৰাপ্তি ঘটে ।

লগতে পঢ়ক: আজি প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব "Pradhan Mantri Kisan Samman Nidhi" ৰ দশম কিস্তি

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.