ETV Bharat / bharat

দেশত পুনৰ বৃদ্ধি হৈছে কৰ'ণাত আক্ৰান্তৰ সংখ্যা

স্বাস্থ্য মন্ত্ৰালয়ৰ ৱেবচাইটত প্ৰকাশ কৰা অনুসৰি শুকুৰবাৰে ১৮ হাজাৰ ৩২৭ গৰাকী লোক ক'ভিড-১৯ ত আক্ৰান্ত হৈছে আৰু নতুনকৈ ১০৮ গৰাকীৰ মৃত্যু ঘটিছে ৷ আইচিএমআৰৰ মতে ৫ মাৰ্চলৈ মুঠ ২২ কোটি ৬ লাখ ৯২ হাজাৰ ৬৭৭ টা নমুনাৰ পৰীক্ষা কৰা হৈছে ।

দেশত পুনৰ বৃদ্ধি হৈছে কৰ'ণাত আক্ৰান্তৰ সংখ্যা
দেশত পুনৰ বৃদ্ধি হৈছে কৰ'ণাত আক্ৰান্তৰ সংখ্যা
author img

By

Published : Mar 6, 2021, 12:48 PM IST

নিউজ ডেস্ক,৬ মাৰ্চ: ভাৰতৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, ৩৬ দিনৰ পিছত পুনৰ ভাৰতত কৰ'ণাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি হৈছে । যোৱা ২৪ ঘণ্টাত দেশখনত আক্ৰান্ত হৈছে ১৮ হাজাৰৰ অধিক লোক ৷ ইয়াৰ লগে লগে দেশত মুঠ আক্ৰান্তৰ সংখ্যা হ'লগৈ ১ কোটি ১১ লাখ ৯২ হাজাৰ ৮৮ গৰাকী । সমান্তৰালকৈ বৰ্তমান আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ১ লাখ ৮০ হাজাৰ ৩০৪ গৰাকী লোক ।

স্বাস্থ্য মন্ত্ৰালয়ৰ ৱেবচাইটত প্ৰকাশ কৰা অনুসৰি শুকুৰবাৰে ১৮ হাজাৰ ৩২৭ গৰাকী লোক ক'ভিড-19 ত আক্ৰান্ত হৈছে আৰু নতুনকৈ ১০৮ গৰাকীৰ মৃত্যু ঘটিছে ৷ মৃত্যু হোৱা লোকসকলৰ ভিতৰত ৫৩ গৰাকী মহাৰাষ্ট্ৰৰ, ১৬ গৰাকী কেৰালাৰ আৰু ১১ গৰাকী পঞ্জাৱৰ ।

যোৱা ২৯ জানুৱাৰীত ২৪ ঘণ্টাৰ ভিতৰত ২৯ লাখ ১৮ হাজাৰ ৮৫৫ গৰাকী আক্ৰান্ত হৈছিল ৷ তাৰ পিছৰে পৰা প্ৰতিদিনে ১৮ হাজাৰতকৈ কম সংখ্যক লোক কৰ’ণাত আক্ৰান্ত হৈ আহিছিল । আনহাতে ৰোগৰ পৰা বৰ্তমানলৈ আৰোগ্য লাভ কৰিছে ১ কোটি ৮ লাখ ৫৪ হাজাৰ ১২৮ গৰাকী লোকে । আৰোগ্যৰ হাৰ বৰ্তমান ৯৬.৯৮ শতাংশ আৰু মৃত্যুৰ হাৰ ১.৪১ শতাংশ ।

আইচিএমআৰৰ মতে ৫ মাৰ্চলৈ মুঠ ২২ কোটি ৬ লাখ ৯২ হাজাৰ ৬৭৭ টা নমুনাৰ পৰীক্ষা কৰা হৈছে ৷ কেৱল শুকুৰবাৰৰ দিনটোত ৭ লাখ ৫১ হাজাৰ ৯৩৫ টা নমুনা পৰীক্ষা কৰা হৈছে । দেশত বৰ্তমানলৈ মৃত্যু হোৱা ১ লাখ ৫৭ হাজাৰ ৬৫৬ গৰাকীৰ ভিতৰত কেৱল মহাৰাষ্ট্ৰতে ৫২ হাজাৰ ৩৯৩ গৰাকীৰ মৃত্যু হৈছে । লগতে তামিলনাডুত ১২ হাজাৰ ৫১৩ গৰাকী, কৰ্ণাটকত ১২ হাজাৰ ৩৫৪ গৰাকী, দিল্লীত ১০ হাজাৰ ২৭৫ গৰাকী, পশ্চিমবংগত ৮ হাজাৰ ৭২৯ আৰু অন্ধ্ৰ প্ৰদেশত ৭ হাজাৰ ১৭২ গৰাকী ।

লগতে পঢ়ক: কৰ্ণাটকত একে বিদ্য়ালয়ৰ ১৫ জন শিক্ষাৰ্থীৰ দেহত কোভিড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.