নেশ্যনেল ডেস্ক, 3 নৱেম্বৰ : ভাৰতত বিগত 24 ঘণ্টাত 11,903 টা নতুন ক’ভিড আক্ৰান্তৰ ঘটনা পোহৰলৈ আহিছে ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ প্ৰতিবেদনত বুধবাৰে প্ৰকাশ পাইছে এই তথ্য ৷
ভাৰতত ভাইৰাছবিধত আক্ৰান্ত সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে 1,51,209 গৰাকী ৷ যি 252 দিনৰ ভিতৰত সৰ্বনিম্ন ।
- " class="align-text-top noRightClick twitterSection" data="">
যোৱা 24 ঘণ্টাত 14,159 গৰাকী ব্যক্তিয়ে ভাইৰাছবিধৰ পৰা আৰোগ্য লাভ কৰিছে ৷ দেশত বৰ্তমানলৈকে 3,36,97,740 গৰাকী ব্যক্তিয়ে আৰোগ্য লাভ কৰিছে ৷ সম্প্ৰতি আৰোগ্যৰ হাৰ 98.22 শতাংশ, যি বিগত বৰ্ষৰ মাৰ্চ মাহৰ পিছত সৰ্বাধিক বুলি জনা গৈছে ৷
দৈনিক আক্ৰান্তৰ হাৰ 1.11 শতাংশ হোৱাৰ বিপৰীতে সাপ্তাহিক হাৰ হৈছে 1.18 শতাংশ ৷
মন্ত্ৰালয়ৰ তথ্য অনুসৰি, এতিয়ালৈকে 61.12 কোটি লোকৰ ক’ভিড 19 ৰ পৰীক্ষা সম্পন্ন কৰা হৈছে । দেশত এতিয়ালৈকে 107.29 কোটি লোকক ভেকছিনৰ পালি প্ৰদান কৰা হৈছে ।
লগতে চাওক: পুনৰ প্ৰদূষিত হৈছে দিল্লী: নিম্নগামী ৰাজধানীৰ AQI