ETV Bharat / bharat

India lodges protest with US : ভাৰতীয় কনচুলেটত আক্ৰমণক লৈ উদ্বিগ্ন ভাৰত চৰকাৰ - Indian govt concerned over San Francisco incident

খালিস্তান সমৰ্থকে আমেৰিকাৰ ছান ফ্ৰান্সিস্কোত থকা ভাৰতীয় কনচুলেটত আক্ৰমণ কৰে (Protest at San Francisco Indian Consulate)। এই আক্ৰমণ সন্দৰ্ভত আমেৰিকা প্ৰশাসনৰ নিৰাপত্তা ব্যৱস্থাক লৈ প্ৰশ্ন উত্থাপন কৰিছে ভাৰত চৰকাৰে । নতুন দিল্লীত আমেৰিকা যুক্তৰাষ্ট্ৰৰ চাৰ্জ ডি'এফেয়াৰ্ছৰ সৈতে আলোচনা ।

India lodges protest with US
ভাৰতীয় কনচুলেটত আক্ৰমণক লৈ উদ্বিগ্ন ভাৰত চৰকাৰ
author img

By

Published : Mar 21, 2023, 10:59 AM IST

নেশ্যনেল ডেস্ক,২১ মাৰ্চ : ভাৰতত চলি থকা খালিস্তান সমৰ্থক বিৰোধী অভিযানে বিশ্বজুৰি চৰ্চা লাভ কৰিছে (Khalistan supporters protest)। ইফালে বিদেশতো হৈছে খালিস্তান সমৰ্থকৰ পক্ষত প্ৰতিবাদ । ইয়াৰ মাজতে লণ্ডন আৰু ছান ফ্ৰান্সিস্কোত থকা ভাৰতীয় কনচুলেটত প্ৰতিবাদকাৰীয়ে আক্ৰমণ কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ভাৰতীয় কনচুলেটত আক্ৰমণ আৰু লণ্ডভণ্ড কৰাক লৈ উদ্বিগ্ন হৈছে ভাৰত চৰকাৰ (Protest at San Francisco Indian Consulate)।

প্ৰতিবাদকাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণত ব্যৰ্থ হোৱা স্থানীয় প্ৰশাসনৰ বিৰুদ্ধেও ক্ষোভিত হৈছে ভাৰত চৰকাৰ । ইফালে সমগ্ৰ বিষয়টোক লৈ দিল্লীত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূতৰ সৈতে আলোচনা কৰিছে ভাৰত চৰকাৰৰ প্ৰতিনিধিয়ে । ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক বিজ্ঞপ্তিত কয় যে ভাৰতে নতুন দিল্লীত আমেৰিকা যুক্তৰাষ্ট্ৰৰ চাৰ্জ ডি'এফেয়াৰ্ছৰ সৈতে ছান ফ্ৰান্সিস্কোত ভাৰতৰ কনচুলেট জেনেৰেলৰ সম্পত্তি হানি কৰাৰ সন্দৰ্ভত এক বৈঠকত মিলিত হৈছে আৰু উদ্বেগ প্ৰকাশ কৰিছে (Indian govt concerned over San Francisco incident)।

ইফালে ভাৰতীয় কনচুলেটক সুৰক্ষা প্ৰদান কৰাৰ দায়িত্ব সম্পৰ্কে আমেৰিকা যুক্তৰাষ্ট্ৰৰ চৰকাৰক সোঁৱৰাই দিয়ে ভাৰত চৰকাৰে । একে সময়তে, ভাৰতে আমেৰিকা যুক্তৰাষ্ট্ৰক এনে ধৰণৰ হিংসাত্মক ঘটনাৰ পুনৰাবৃত্তি প্ৰতিহত কৰিবলৈ সকলো প্ৰয়োজনীয় পদক্ষেপ ল'বলৈ আহ্বান জনাইছে । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কোৱা মতে ৱাশ্বিংটন ডিচিৰ ভাৰতীয় দূতাবাসেও ছান ফ্ৰাঞ্চিস্কো আক্ৰমণ সন্দৰ্ভত আমেৰিকা চৰকাৰৰ বিদেশ বিভাগক ভাৰত চৰকাৰৰ উদ্বেগৰ বিষয়ে অৱগত কৰিছে ।

ইয়াৰ পূৰ্বে ব্ৰিটেইনৰ ভাৰতীয় উচ্চায়ুক্তালয়ত খালিস্তান সমৰ্থকে ত্ৰিৰংগা আঁতৰাই দিয়া কাৰ্যকো গৰিহণা দিছিল ভাৰত চৰকাৰে (London Indian High Commission attack)। দিল্লীৰ জ্যেষ্ঠ ইউকে কূটনীতিবিদৰ সন্মুখত চৰকাৰে উদ্বেগ প্ৰকাশ কৰিছিল ।

ইফালে আৰক্ষীয়ে পলাতক ঘোষণা কৰা ৱাৰিছ পঞ্জাৱ ডেৰ মুৰব্বী অমৃতপাল সিঙৰ মুক্তিৰ দাবীত খালিস্তান সমৰ্থকসকলে বিশ্বজুৰি ভাৰত বিৰোধী প্ৰতিবাদ সাব্যস্ত কৰাৰ বিভিন্ন বাতৰি প্ৰকাশ পাইছে । আনহাতে অমৃতপাল সিঙক বিচাৰি আৰক্ষীয়ে চতুৰ্থ দিনাও অভিযান অব্যাহত ৰাখিছে ।

লগতে পঢ়ক :Protest at San Francisco Indian Consulate : ভাৰতীয় কনচুলেটত আক্ৰমণ খালিস্তান সমৰ্থকৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.