নেশ্যনেল ডেস্ক,২৯ জুলাই : মণিপুৰত হিংসাত্মক পৰিস্থিতি এতিয়াও অব্যাহত আছে । ইয়াৰ মাজতে শনিবাৰে উত্তৰ-পূবৰ ৰাজ্যখনত উপস্থিত বিৰোধী মিত্ৰজোঁটৰ ইণ্ডিয়া চমুকৈ 'INDIA'ৰ প্ৰতিনিধি দল । দুদিনীয়া ভ্ৰমণৰ অংশ হিচাপে 'INDIA'ৰ ২১ জনীয়া প্ৰতিনিধি দলটো হিংসাপীড়িত মণিপুৰৰ ইম্ফলত উপস্থিত হয় । ৰাজ্যখনত উপস্থিত হৈয়ে বিৰোধী নেতাসকলে কয় যে তেওঁলোকৰ এই ভ্ৰমণৰ উদ্দেশ্য হৈছে জনসাধাৰণৰ দাবীক অগ্ৰাধিকাৰ প্ৰদান কৰা ।
ইম্ফল বিমানবন্দৰত উপস্থিত হোৱাৰ পাছত সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে কয় যে তেওঁলোকে ৰাইজৰ কথা শুনিব বিচাৰে । ৰাইজৰ দাবী তেওঁলোকে সংসদত উত্থাপন কৰিব । সাংসদ গৌৰৱ গগৈৰ মতে মণিপুৰৰ জনসাধাৰণ আৰু তেওঁলোকৰ উদ্বেগক প্ৰতিনিধিত্ব কৰিবলৈ নেতাসকল তাত উপস্থিত হৈছে । নিম্ন সদনৰ কংগ্ৰেছ সাংসদ অধীৰ ৰঞ্জন চৌধুৰীয়ে কয় যে তেওঁলোকে মণিপুৰৰ ৰাজ্যপালৰ ওচৰত কেইবাটাও দাবী উত্থাপন কৰিব ।
বিৰোধীৰ প্ৰতিনিধি দলটোক আদৰণি জনাই মণিপুৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কংগ্ৰেছ নেতা ওক্ৰাম ইবোবি সিঙে কয় যে ৰাজ্যখনত সংঘটিত হিংসাৰ ওপৰত নাকী লগোৱাত ব্যৰ্থ হোৱাৰ বাবে তেওঁলোকে এন বীৰেণ সিঙৰ পদত্যাগৰ দাবী সন্দৰ্ভত আলোচনা কৰিব । তেওঁ জনোৱা মতে বিৰোধী নেতাসকলৰ প্ৰতিনিধি দলটো মণিপুৰত উপস্থিত হোৱাত তেওঁ অত্যন্ত সুখী হৈছে । তেওঁলোকে সাহায্য শিবিৰবোৰ পৰিদৰ্শন কৰিব আৰু প্ৰায় ৩ মাহ ধৰি ঘৰৰ পৰা আঁতৰি থকা লোকসকলক সাক্ষাৎ কৰিব ।
দলটোৰ ভ্ৰমণসূচী অনুসৰি, ইম্ফল বিমানবন্দৰৰ পৰা প্ৰতিনিধি দলটো চুৰাচান্দপুৰ জিলাৰ ফালে ৰাওনা হ'ব । ইয়াৰ পূৰ্বে শনিবাৰে মণিপুৰৰ ৰাজ্যপাল অনুচুয়া উইকীয়ে ভ্ৰমণকাৰী 'INDIA'ৰ নেতাসকলক হিংসাপীড়িত উত্তৰ-পূবত শান্তি আৰু শৃংখলা পুনৰুদ্ধাৰত অৰিহণা যোগাবলৈ আহ্বান জনায় ।
দুয়োখন সদনৰ ২১ জনীয়া বিৰোধী প্ৰতিনিধি দলটোত আছে অধীৰ ৰঞ্জন চৌধুৰী, গৌৰৱ গগৈ, কে সুৰেশ আৰু কংগ্ৰেছৰ ফুলো দেৱী নেতাম; জেডিইউৰ ৰাজীৱ ৰঞ্জন লালন সিং; তৃণমূল কংগ্ৰেছৰ সুস্মিতা দেৱ; ডিএমকেৰ পৰা কানিমোঝি; চিপিআইৰ সন্দোশ কুমাৰ; চিপিআই(এম)ৰ এ এ ৰহিম, আৰজেডিৰ মনোজ কুমাৰ ঝা; এছপিৰ জাভেদ আলী খান; জেএমএমৰ মহুয়া মাঁঝি; এনচিপিৰ পিপি মহম্মদ ফাইজল; জেডিইউৰ অনীল প্ৰসাদ হেগড়ে, আইইউএমএলৰ ইটি মহম্মদ বশীৰ; আৰএছপিৰ এন.কে. প্ৰেমচন্দ্ৰন; আপৰ সুশীল গুপ্তা; শিৱসেনা (ইউবিটি)ৰ অৰবিন্দ সাৱন্ত ; ভিচিকেৰ ডি ৰবিকুমাৰ আৰু থিৰু থল থিৰুমাভালভান আৰু আৰএলডিৰ জয়ন্ত সিং।
লগতে পঢ়ক :Parliament Monsoon Session: মণিপুৰ ভ্ৰমণৰ বাবে সাজু বিৰোধী সাংসদৰ প্ৰতিনিধি দল