ETV Bharat / bharat

PM Modi Independence Day Speech: আছোঁ থাকিম মণিপুৰৰ লগত; স্বাধীনতা দিৱসত প্ৰধানমন্ত্ৰীৰ প্ৰতিশ্ৰুতি - Manipur violence news

মণিপুৰৰ সৈতে দেশবাসী সদায় আছে ৷ শান্তি ঘূৰাই অনা হ’ব মণিপুৰলৈ ৷ স্বাধীনতা দিৱসৰ ভাষণত প্ৰধানমন্ত্ৰী মোদীৰ আশ্বাস ৷

India is with the people of Manipur
PM Modi Independence Day Speech
author img

By

Published : Aug 15, 2023, 8:49 AM IST

নিউজ ডেস্ক, 15 আগষ্ট: আজি দেশৰ 77 সংখ্য স্বাধীনতা দিৱস ৷ দিল্লীৰ লালকিল্লাত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ তাৰ পাচতেই দেশবাসীক উদ্দেশ্যি ভাষণ প্ৰদান কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷ তাৎপৰ্যপূৰ্ণভাৱে প্ৰধানমন্ত্ৰীৰ ভাষণত স্থান লাভ কৰিলে মণিপুৰে ৷ তেওঁ কয় যে চলিত বৰ্ষৰ মে’ মাহৰ পৰা গোষ্ঠী সংঘৰ্ষত জৰ্জৰিত হৈ থকা মণিপুৰৰ জনসাধাৰণৰ সৈতে দেশ থিয় হ’ব । মণিপুৰৰ জনসাধাৰণৰ লগত ভাৰত আছে বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰী মোদীয়ে ।

লগতে মণিপুৰৰ হিংসাত্মক কাৰ্যকলাপ, মহিলাৰ ওপৰত হোৱা অত্যাচাৰৰ ঘটনাৰ কথাও উল্লেখ কৰি সমগ্ৰ দেশ মণিপুৰবাসীৰ সৈতে থিয় দিব বুলি আশ্বাস দিয়ে প্ৰধানমন্ত্ৰীয়ে ।

  • " class="align-text-top noRightClick twitterSection" data="">

"মণিপুৰত হিংসা সমাধানৰ পথ শান্তিৰ জৰিয়তে পোৱা যাব । কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে সমস্যাটো সমাধানৰ বাবে সকলো প্ৰচেষ্টা হাতত লৈছে । আমি আগলৈও কৰি যাম ।" তেওঁ ভাষণত কয় ৷ ৭৭ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে ঐতিহাসিক কীৰ্তিচিহ্ন লালকিল্লাৰ পৰা দিয়া প্ৰথাগত ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে দেশৰ বাবে প্ৰাণ ত্যাগ কৰা স্বাধীনতা সংগ্ৰামীসকলৰ অৱদানৰ কথা স্মৰণ কৰে । "দেশৰ স্বাধীনতাত অৰিহণা যোগোৱা আৰু বলিদান আগবঢ়োৱা সকলোকে মই শ্ৰদ্ধাঞ্জলি জনাইছো ।" বুলি তেওঁ কয় ৷

উল্লেখ্য যে, যোৱা 3 মে’ৰ পৰা নিৰন্তৰভাৱে গোষ্ঠী সংঘৰ্ষই জৰ্জৰিত কৰিছে উত্তৰ-পূৱৰ অন্যতম ৰাজ্য তথা প্ৰকৃতিৰ ৰম্যভূমি মণিপুৰক ৷ মূলতঃ কুকু আৰু মেইটেই সম্প্ৰদায়ৰ মাজত আৰম্ভ হোৱা এই সংঘাতৰ ফলত ধোঁৱা আৰু ছাঁইৰ মাজত বিলীন হৈছে সেউজীয়া মণিপুৰ ৷ তেজৰ নৈ বৈছে বহুকেইটা স্থানত ৷ বৰ্তমানেও প্ৰায় 40 সহস্ৰাধিক লোক গৃহহাৰা হৈ আশ্ৰয় শিবিৰত বাস কৰিব লগীয়া হৈছে ৷ উমি উমি সংঘাতৰ জুইকুৰা এতিয়াও জ্বলিয়েই আছে মণিপুৰত ৷ এই সংঘাতৰ ফলত প্ৰায় ডেৰ শতাধিক লোকে প্ৰাণ হেৰুৱাইছে আৰু আহত হৈছে পাঁচ সহস্ৰাধিক লোকে ৷

হিংসাৰ দাবানলে ছাঁই কৰা এই ৰাজ্যখনৰ জনতাৰ কাষত ঠিয় দিবলৈ কিন্তু আজিও সময় নহ’ল প্ৰধানমন্ত্ৰী মোদীৰ ৷ 3 মে’ৰ পৰাই সমগ্ৰ বিষয় সন্দৰ্ভত আচৰিত ধৰণে মৌনতা অৱলম্বন কৰা দেখা গ’ল প্ৰধামন্ত্ৰীক ৷ যেতিয়া যোৱা 17 জুলাইত দুগৰাকী মহিলাক উলংগভাৱে সমদল কৰোৱাৰ ভিডিঅ’ ভাইৰেল হৈ পৰে, তাৰ পাচত অৰ্থাৎ 79 দিনৰ অন্তত মাত্ৰ কেই ছেকেণ্ড মানৰ বাবে মণিপুৰৰ কথা ক’লে প্ৰধানমন্ত্ৰীয়ে ৷

সদ্য সমাপ্ত সংসদৰ বৰ্ষাকালীন অধিবেশনতো প্ৰধানমন্ত্ৰীয়ে নিজৰ প্ৰায় দুঘন্টা 13 মিনিটজোৰা ভাষণত মাত্ৰ 8 মিনিট সময়হে মণিপুৰৰ প্ৰসংগ উল্লেখ কৰে ৷ সেই একে ধৰণেই স্বাধীনতা আন্দোলনৰ ভাষণতো কেৱল মণিপুৰবাসীৰ লগত থকাৰ প্ৰতিশ্ৰুতি দিয়েই তেওঁ দায়িত্ব সামৰা দেখা গ’ল ৷

লগতে পঢ়ক: 77th Independence Day LIVE Update : ঐতিহাসিক লালকিল্লাত দেশবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰী মোদীৰ ভাষণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.