ETV Bharat / bharat

যুদ্ধবিৰতি প্ৰক্ৰিয়া আগবঢ়াই নিয়াৰ বাবে সামৰিক আলোচনাত মিলিত চীন-ভাৰত - সেনা প্ৰধান

বিবাদমান অঞ্চল সমূহত যুদ্ধবিৰতি প্ৰক্ৰিয়া আগবঢ়াই নিয়াৰ বাবে আন এটা পৰ্যায়ৰ সামৰিক আলোচনাত ভাগ লৈছে ভাৰত আৰু চীনে ৷ পূৱ লাডাখৰ হট স্প্ৰিংছ, গোগ্ৰা আৰু ডেপচাঙৰ দৰে বাকী থকা বিবাদমান অঞ্চল সমূহত যুদ্ধবিৰতি প্ৰক্ৰিয়া আগবঢ়াই নিয়াৰ বাবে অনুষ্ঠিত এই আলোচনা চক্ৰ ৷

India and China hold 11th round of military talks; focus on further disengagement in eastern Ladakh
যুদ্ধবিৰতি প্ৰক্ৰিয়া আগবঢ়াই নিয়াৰ বাবে সামৰিক আলোচনাত মিলিত চীন-ভাৰত
author img

By

Published : Apr 9, 2021, 6:30 PM IST

নেছনেল ডেক্স , 9 এপ্ৰিল : ভাৰত আৰু চীনে শুকুৰবাৰে পূৱ লাডাখৰ হট স্প্ৰিংছ, গোগ্ৰা আৰু ডেপচাঙৰ দৰে বাকী থকা বিবাদমান অঞ্চল সমূহত যুদ্ধবিৰতি প্ৰক্ৰিয়া আগবঢ়াই নিয়াৰ বাবে আন এটা পৰ্যায়ৰ সামৰিক আলোচনাত ভাগ লৈছে ৷ সমগ্ৰ প্ৰক্ৰিয়াটোৰ বিষয়ে অৱগত লোকসকলে কয় যে, কৰ্পছ কমাণ্ডাৰ পৰ্যায়ৰ আলোচনাৰ একবিংশতম পৰ্যায়টো ৰাতিপুৱা প্ৰায় ১০:৩০ বজাত পূৱ লাডাখৰ এল.এ.চি.ৰ ভাৰতৰ ফালে থকা চুছুল সীমান্ত এলেকাত আৰম্ভ হৈছিল । সামৰিক আলোচনাচক্ৰটোৰ দশম পৰ্যায়টো অনুষ্ঠিত হৈছিল পাংগং টছ' বা পাংগং হ্ৰদৰ উত্তৰ আৰু দক্ষিণ পাৰৰ পৰা দুয়ো দেশে নিজৰ নিজৰ সৈন্য আৰু অস্ত্ৰ-শস্ত্ৰ প্ৰত্যাহাৰ কৰাৰ দুদিন পিছতে, অৰ্থাৎ ২০ ফেব্ৰুৱাৰীত । উল্লেখযোগ্য যে, প্ৰায় ১৬ ঘণ্টা ধৰি চলিছিল এই আলোচনাচক্ৰ ৷

শুকুৰবাৰৰ আলোচনাৰ বাবে ভাৰতীয় প্ৰতিনিধি দলটোৰ নেতৃত্ব দিছে লেহৰ ১৪ কৰ্পচৰ কমাণ্ডাৰ লেফটেনেণ্ট জেনেৰেল পি.জি.কে. মেননে । ভাৰতে অতি সোনকালে বাকী থকা বিবাদমান অঞ্চল সমূহতো যুদ্ধবিৰতি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ ওপৰত জোৰ দিব ।

ইফালে, মাৰ্চ মাহৰ শেষৰ ফালে, সেনা প্ৰধান জেনেৰেল এম.এম. নাৰাভানে কৈছিল যে ,পাংগং হ্ৰদ অঞ্চলত যুদ্ধবিৰতি হোৱাৰ পিছত ভাৰতৰ প্ৰতি থকা ভাবুকি কেৱল হ্ৰাস হে হৈছে, কিন্তু ই এতিয়াও সম্পূৰ্ণৰূপে আঁতৰি যোৱা নাই ।

যোৱাটো বৰ্ষৰ ৫ মে'ত পাংগং হ্ৰদ অঞ্চলত হোৱা এক হিংসাত্মক সংঘৰ্ষৰ পিছত ভাৰত আৰু চীনা সৈন্যবাহিনীৰ মাজত হোৱা বৰ্ডাৰ ষ্টেণ্ড-অফে সীমান্তত অচলাৱস্থাৰ সূত্ৰপাত কৰে আৰু ইয়াৰ পিছতেই দুয়োপক্ষই ক্ৰমান্বয়ে হাজাৰ হাজাৰ সৈন্যৰ লগতে গধুৰ অস্ত্ৰ-শস্ত্ৰৰ মোতায়েন কৰে ৷ ইয়াৰ ফলস্বৰূপে, কেইবাটাও সামৰিক আৰু কূটনৈতিক আলোচনা অনুষ্ঠিত হয় আৰু অৱশেষত দুয়োপক্ষই যুদ্ধবিৰতিৰ চুক্তি অনুসৰি ফেব্ৰুৱাৰীত পাংগং হ্ৰদৰ উত্তৰ আৰু দক্ষিণ পাৰৰ পৰা সৈন্য আৰু অস্ত্ৰ-শস্ত্ৰৰ প্ৰত্যাহাৰ কৰে । মন কৰিব লগীয়া কথা যে, ভাৰতে দুয়োখন দেশৰ মাজত সামগ্ৰিক সম্পৰ্কৰ উন্নয়নৰ বাবে অত্যাৱশ্যকীয় হিচাপে ডেপচাং, হট স্প্ৰিংছ আৰু গোগ্ৰাকে ধৰি বাকী থকা সমস্যাসমূহৰ সমাধানৰ ওপৰত জোৰ দি আহিছে ।

লগতে পঢ়ক : ২৮ এপ্ৰিলৰ পৰা নিউজিলেণ্ডে ভ্ৰমণৰ নিষধাজ্ঞা প্ৰত্যাহাৰ কৰাৰ সম্ভাৱনা ২৮ এপ্ৰিলৰ পৰা নিউজিলেণ্ডে ভ্ৰমণৰ নিষধাজ্ঞা প্ৰত্যাহাৰ কৰাৰ সম্ভাৱনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.