ETV Bharat / bharat

Indian Mujahideen sleeper cells: দেশত ভিন্ন বেশত ঘূৰি ফুৰিছে ভাৰতীয় মুজাহিদীনৰ চোৰাংচোৱা; তথ্যত প্ৰকাশ - Increased concern over Indian Mujahideen

ভাৰতীয় মুজাহিদীনে শ্লীপাৰ চেলৰ নতুন মডিউল আৰম্ভ কৰাক লৈ উদ্বিগ্নতা বৃদ্ধি ৷ এগৰাকী আইপিএছ বিষয়াৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে ভাৰতীয় মুজাহিদীনৰ এই ভয়ংকৰ ষড়যন্ত্ৰৰ কথা ৷ বিভিন্ন ভেশত দেশৰ কেইবাখনো ৰাজ্যত ভাৰতীয় মুজাহিদীনৰ শ্লীপাৰ চেলৰ সদস্যই কাম কৰি থকা বুলি জানিব পৰা গৈছে (Indian Mujahideen new modules of sleeper cells) ৷

Indian Mujahideen sleeper cells
ভাৰতীয় মুজাহিদীনৰ চোৰাংচোৱা
author img

By

Published : Feb 5, 2023, 7:24 AM IST

নিউজ ডেস্ক, 5 ফেব্ৰুৱাৰী: ইছলামিক উগ্ৰবাদী সংগঠনৰ সদস্যৰ লগতে ইছলামিক ষ্টেটৰ (আই এছ) সদস্যৰ বিৰুদ্ধে দেশজোৰা অভিযানৰ পটভূমিত এজন জ্যেষ্ঠ আইপিএছ বিষয়াই প্ৰস্তুত কৰা প্ৰতিবেদনত দাবী কৰা হৈছে যে ‘ভাৰতীয় মুজাহিদীনে’ বিভিন্ন ঠাইত সন্ত্ৰাসবাদী কাৰ্যকলাপ চলাবলৈ ৰাজ্যসমূহত শ্লীপাৰ চেল মডিউল নিৰ্মাণ কৰি আছে । কেৰালাৰ পৰা ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই সন্ত্ৰাস সম্পৰ্কীয় গোচৰৰ সৈতে জড়িত কেইবাজনো ব্যক্তিক গ্ৰেপ্তাৰ কৰাৰ পিচতে ৰাজ্যখনত চলি থকা আই এছৰ সন্দেহযুক্ত শ্লীপাৰ চেলক লৈ উদ্বেগ সৃষ্টি হৈছে (Indian Mujahideen new modules of sleeper cells)।

"সন্ত্ৰাসবাদী সংগঠন ইণ্ডিয়ান মুজাহিদীনে শ্লীপাৰ চেলৰ নতুন মডিউল বনোৱাৰ ইনপুট আছে । শেহতীয়াকৈ পঞ্জাৱ, হাৰিয়ানা আৰু হিমাচল প্ৰদেশত খালিস্তান সংযোগক লৈ সংঘটিত হোৱা ধাৰাবাহিক কাণ্ডৰ পৰিপ্ৰেক্ষিতত ‘শ্লীপাৰ চেল’ বা পঞ্জাৱ আৰু অন্যান্য ৰাজ্যত বিয়পি পৰা উগ্ৰপন্থী সমৰ্থক উপাদানৰ উপস্থিতিৰ উদ্বেগ নুই কৰিব নোৱাৰি ।” মণিপুৰৰ চোৰাংচোৱা বিভাগৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান আশুতোষ কুমাৰ সিনহাই গৃহ মন্ত্ৰালয়ত দাখিল কৰা প্ৰতিবেদনত এইদৰে কয় (Report on Indian Mujahideen sleeper cell)।

শ্লীপাৰ চেলত গোপন এজেণ্ট থাকে ৷ যাক প্ৰথমে নিজৰ গৃহ দেশ বা ৰাজ্যত বিশেষ প্ৰশিক্ষণ প্ৰদান কৰা হয় আৰু তাৰ পিচত লক্ষ্য নিৰ্ধাৰিত দেশ বা অঞ্চলৰ সংস্কৃতি আৰু সমাজত নিজকে বিলীন কৰিবলৈ নিযুক্ত কৰা হয় । এই শ্লীপাৰ চেল এজেণ্টসকলে বছৰ বছৰ ধৰি ছাত্ৰ বা ব্যৱসায়ীকে ধৰি বিভিন্ন ভেশত মুখহীন (সন্দহে নোহোৱা) মানুহ হিচাপে কটাব পাৰে ৷ তেওঁলোকে যেতিয়ালৈকে তেওঁলোকৰ বহিঃৰাজ্যৰ নিয়ন্ত্ৰকৰ পৰা সন্ত্ৰাসবাদৰ কাৰ্য সংঘটিত কৰিবলৈ বা এনে কাৰ্য সংঘটিত কৰাসকলক সাহায্য প্ৰদান কৰিবলৈ নিৰ্দেশ নাপায়, তেতিয়ালৈকে এইদৰেই ভেশ লৈ থাকে (Islamic terrorist activities in India)।

সিনহাই কয় যে, "এটা শ্লীপাৰ চেলৰ ব্যক্তিগত সদস্যই হয়তো ইজনে সিজনৰ বিষয়েও সচেতন নহ'বও পাৰে, যিটো আৰক্ষীৰ জেৰাৰ সময়ত আনৰ পৰিচয় সুৰক্ষিত কৰাৰ এক অতি গুৰুত্বপূৰ্ণ উপায় । প্ৰতিটো চেলে এটা সন্ত্ৰাসবাদী গোট বা সংগঠনৰ অধীনত কাম কৰে ।" ৰাজ্যখনৰ দুৰ্বল জনসংখ্যাক লক্ষ্য কৰি আই এছৰ কাৰ্যকলাপ চলি অহাৰ কথা উল্লেখ কৰি তেওঁ লগতে কয় যে, শ্লীপাৰ চেলৰ বৃহৎ পৰিসৰৰ প্ৰৱেশে প্ৰকাশ কৰে যে আই এছৰ মতাদৰ্শসমূহ এতিয়া সমগ্ৰ কেৰালাতে নিহিত হৈ আছে আৰু ইয়াৰ বৃদ্ধি নিৰীক্ষণ বা পৰীক্ষা কৰাটো কঠিন (Indian Mujahideen sleeper cell) ।

সিনহাই তেওঁৰ প্ৰতিবেদনত কয় যে, আইছিছৰ শ্লীপাৰ চেলৰ বেছিভাগ সদস্যই ইয়াৰ চাইবাৰ ব্ৰিগেডৰ অংশ, অশুধৰণিযোগ্যভাৱে তত্ত্ব গ্ৰহণ কৰা আৰু ইছলামিক ষ্টেটৰ নেতৃত্বত খিলাফতৰ বাবে যুঁজিবলৈ যিকোনো মুহূৰ্ততে অস্ত্ৰ তুলি ল’ব পাৰে । সিনহাই তেওঁৰ প্ৰতিবেদনত ডি-ৰেডিকেলাইজেচন পদ্ধতিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল ।

"উগ্ৰপন্থীমুক্তকৰণ আৰু উগ্ৰবাদ বিৰোধী প্ৰভাৱ বৃদ্ধি কৰিবলৈ সম্প্ৰদায়ৰ সংযোগৰ প্ৰচেষ্টাসমূহ সম্প্ৰসাৰণ কৰাৰ প্ৰয়োজন । ৰাজহুৱা কৰ্তৃপক্ষ আৰু নিৰাপত্তা সংস্থাসমূহে উগ্ৰবাদৰ দিশত বহুমুখী পদ্ধতি গ্ৰহণ কৰাটো প্ৰয়োজন, যিটো মানৱ জ্ঞানৰ সৈতে বান্ধ খোৱা, নেটৱৰ্ক আৰু স্থানীয় অঞ্চলৰ অগ্ৰগামী আৰু উগ্ৰবাদমুক্তকৰণ কাৰ্যসূচীৰ সৈতে কঠিন বান্ধোন হ’ব ৷

লগতে পঢ়ক: Crackdown Against Child Marriage: বাল্যবিবাহ বিৰোধী অভিযানক সাম্প্ৰদায়িক ৰং দিয়াৰ চেষ্টা আছাদউদ্দিন ওৱেছিৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.