ETV Bharat / bharat

হিমশীতল উষ্ণতাতো কোকেৰনাগবাসীয়ে ব্যৱহাৰ কৰে বৰফৰ পানী - drinking water

জম্মু-কাশ্মীৰৰ অনন্তনাগৰ কোকেৰনাগ অঞ্চলবাসীৰ মাজত বৰ্তমানো খোৱাপানীক লৈ হাহাকাৰ পৰিস্থিতি ৷ সম্প্ৰতি অঞ্চলবাসীয়ে বৰফ গলাই সেই পানী ব্যৱহাৰ কৰাৰ পথ বাছি লৈছে ৷

Kokernag residents use snow for drinking water
হিমশীতল তাপমাত্ৰা স্বত্বেও কোকেৰনাগবাসীয়ে ব্যৱহাৰ কৰে বৰফৰ পানী
author img

By

Published : Jan 17, 2021, 10:22 PM IST

নেশ্যনেল ডেস্ক,17 জানুৱাৰী : যদিও কাশ্মীৰ বহু জলসম্পদেৰে ভৰপূৰ, কিন্তু তথাপিও কাশ্মীৰত এনে কিছুমান অঞ্চল আছে য’ত এতিয়াও বহু লোকে পানীৰ অভাৱত চট্ফটাবলগীয়া হয় ৷

অনন্তনাগৰ কোকেৰনাগ অঞ্চলবাসীয়ে বৰ্তমানো খোৱাপানীৰ বাবে সংগ্ৰাম চলোৱা পৰিলক্ষিত হয় ৷ কোকেৰনাগৰ চেৰহাৰ এলেকাৰ পানীৰ অভাৱত থকা প্ৰায় 350 টা পৰিয়ালে পানীৰ বাবে এক নতুন পদ্ধতি অৱলম্বন কৰিছে ৷ তেওঁলোকে বৰফ গলাই বৰফৰ পানী ব্যৱহাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

Kokernag residents use snow for drinking water
হিমশীতল তাপমাত্ৰা স্বত্বেও কোকেৰনাগবাসীয়ে ব্যৱহাৰ কৰে বৰফৰ পানী

স্থানীয় লোকৰ অভিযোগ অনুসৰি, তেওঁলোকে বৰ্তমানো খোৱাপানীৰ সুবিধা লাভ কৰা নাই ৷ কোনেও তেওঁলোকৰ এই সমস্যা সমাধানৰ বাবে ঘূৰি নাচায় ৷ পানীৰ অভাৱ এনে এক বিষয় যে, গ্ৰীষ্মকালত পানীৰ টেংকাৰ যোগানৰ সময়ত তেওঁলোকে সেই পানীৰ টেংকাৰত বৰফ থ’বলগীয়া হয় ৷ গাঁও আৰু ইয়াৰ কাষৰীয়া অঞ্চলসমূহত বৰফৰ পৰা খোৱাপানী উলিয়াবৰ বাবে অস্ত্ৰ-শস্ত্ৰ গৰম কৰিবলগীয়া হয় ।

বৰ্তমানো এই এলেকাসমূহ উপক্ষিত হৈ আছে ৷ জনপ্ৰতিনিধি তথা চৰকাৰক অৱগত কৰাৰ পাচতো কেনো গুৰুত্ব নিদিয়াৰ অভিযোগ তুলিছে ভুক্তভোগী লোকসকলে ৷

আনহাতে জল শক্তি বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তা জাভেড আহমেদে ইটিভি ভাৰতক জনায় যে, সেই অঞ্চল বহু উচ্চতাত অৱস্থিত হোৱা হেতুকে পানী টেংকাৰ তাত বহুওৱাটো অতি কঠিন কাম । অৱশ্যে উক্ত অঞ্চলত নিৰন্তৰ পানী যোগান নিশ্চিত কৰাৰ বাবে এক স্থায়ী সমাধান তথা প্ৰকল্পৰ কাম হাতত লোৱা হৈছে । এই প্ৰকল্পটোৰ কাম চলিত বৰ্ষৰ মাৰ্চ মাহৰ পৰা আৰম্ভ হ’ব বুলি তেওঁ জানিবলৈ দিয়ে ৷

লগতে পঢ়ক : টীকাকৰণ অভিযানকলৈ মালদ্বীপৰ ৰাষ্ট্ৰপতিৰ শুভেচ্ছা মোডীক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.