ETV Bharat / bharat

Pakistan Crisis : সেনাৰ মুখ্য কাৰ্যালয়ত ইমৰাণ খানৰ সমৰ্থকৰ আক্ৰমণ - Pakistan Crisis

পাকিস্তানৰ পৰিৱেশ অতি ভয়ংকৰ হৈ পৰিছে । দেশখনৰ প্ৰায়বোৰ অঞ্চলতে ইমৰাণ খানৰ সমৰ্থকে প্ৰতিবাদ সাব্যস্ত কৰা দেখা হৈছে (Violent protests in Pakistan)। সেনাৰ মুখ্য কাৰ্যালয়ত আক্ৰমণ প্ৰতিবাদকাৰীৰ । কৰ্পছ কমাণ্ডাৰৰ বাসগৃহতো আক্ৰমণ ।

Pakistan Crisis
সেনাৰ মুখ্য কাৰ্যালয়ত ইমৰাণ খানৰ সমৰ্থকৰ আক্ৰমণ
author img

By

Published : May 10, 2023, 8:32 AM IST

নেশ্যনেল ডেস্ক,১০ মে' : প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানক গ্ৰেপ্তাৰৰ পাছতে অস্থিৰ হৈ পৰিছে পাকিস্তান (Imran Khan arrested)। বহু স্থানত ইমৰাণ খানৰ সমৰ্থকে প্ৰতিবাদ সাব্যস্ত কৰিছে । অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি হৈছে । চৰকাৰী সম্পত্তিও ধ্বংস কৰিছে দুৰ্নীতিৰ গোচৰত গ্ৰেপ্তাৰ হোৱা ইমৰাণ খানৰ সমৰ্থকে । সমৰ্থকসকলে মঙলবাৰে ৰাৱালপিণ্ডিৰ গেৰিছন চহৰত থকা পাকিস্তানী সেনাৰ মুখ্য কাৰ্যালয় আৰু লাহোৰত থকা কৰ্পছ কমাণ্ডাৰৰ বাসগৃহত আক্ৰমণ কৰে ।

ইছলামাবাদ উচ্চ ন্যায়ালয়ত বায়'মেট্ৰিক প্ৰক্ৰিয়াৰ বাবে লাহোৰৰ পৰা ফেডাৰেল ৰাজধানী ইছলামাবাদলৈ ভ্ৰমণ কৰাৰ সময়তে খানক ৰেঞ্জাৰে গ্ৰেপ্তাৰ কৰে । অভিযোগ অনুসৰি অধিবক্তা আৰু খানৰ নিৰাপত্তা কৰ্মীক আক্ৰমণ কৰি ৰেঞ্জাৰসকলে ইমৰাণ খানক গ্ৰেপ্তাৰ কৰে । একাধিক গ্ৰাফ্ট গোচৰত অভিযুক্ত ইমৰাণ খানক আদালতৰ পৰা টানি লৈ যোৱা হৈছিল ।

৭০ বছৰীয়া পাকিস্তান তেহৰিক-ই-ইনচাফৰ অধ্যক্ষগৰাকীক গ্ৰেপ্তাৰ কৰাৰ এদিন পাছতে সেনাই তেওঁক গুপ্তচৰ আই এছ আইৰ এজন জ্যেষ্ঠ বিষয়াৰ বিৰুদ্ধে ভিত্তিহীন অভিযোগ উত্থাপন কৰা বুলি কৈছিল । ইফালে পাকিস্তানৰ মুখ্য চহৰবোৰত খানৰ সমৰ্থকসকলে হিংসাত্মক প্ৰদৰ্শন কৰিবলৈ আৰম্ভ কৰে । কেইবা ঠাইতো প্ৰতিবাদকাৰীসকল অধিক উত্তেজিত হৈ পৰে আৰু আৰক্ষীৰ বাহন জ্বলাই দিয়াৰ লগতে ৰাজহুৱা সম্পত্তি ধ্বংস কৰে ।

উল্লেখ্য যে আভ্যন্তৰীণ মন্ত্ৰালয়ৰ অধীনত কাম কৰা ৰেঞ্জাৰসকলক সাধাৰণতে সেনাৰ বিষয়াসকলে নিৰ্দেশ দিয়ে । যাৰবাবে সেনাৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে ইমৰাণ খানৰ সমৰ্থকসকল । উত্তেজিত সমৰ্থকসকলে প্ৰথমে ৰাৱালপিণ্ডিত থকা সেনাৰ বিশাল মুখ্য কাৰ্যালয়ত প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদকাৰীসকলে কাৰ্যালয়টোৰ মুখ্য দুৱাৰখনো ভাঙি পেলায় (Protesters stormed in Pak Army Headquarters)। প্ৰতিবাদকাৰীসকলে সেনাৰ বিৰুদ্ধে বিভিন্ন প্ৰতিবাদী শ্ল'গান দিয়াও দেখা গৈছে ।

ইফালে লাহোৰত বহু সংখ্যক পিটিআই কৰ্মীয়ে কৰ্পছ কমাণ্ডাৰৰ বাসগৃহত প্ৰৱেশ কৰে আৰু গেট আৰু খিৰিকীৰ কাঁচ ভাঙি পেলায় । অৱশ্যে তাত কৰ্তব্যৰত সেনা জোৱানসকলে ক্ষুব্ধ প্ৰতিবাদকাৰীসকলক কোনো ধৰণৰ বাধা প্ৰদান নকৰে ।

লাহোৰত প্ৰৱেশ আৰু প্ৰস্থান কৰা প্ৰতিটো পথতে প্ৰতিবাদ হোৱা দেখা গৈছে । এনে পৰিস্থিতিত বাকী অংশৰ পৰা একপ্ৰকাৰ প্ৰায় বিচ্ছিন্ন হৈ পৰিছে লাহোৰ । অৱশ্যে তত্বাৱধায়ক পঞ্জাৱ চৰকাৰে আটাইতকৈ জনবহুল প্ৰদেশৰ আইন-শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ৰেঞ্জাৰসকলক মোতায়েন কৰে আৰু ধাৰা ১৪৪ জাৰি কৰে (Section 144 in Pakistan)। গৃহ বিভাগৰ মতে, সমাৱেশৰ ওপৰত নিষেধাজ্ঞা দুদিনৰ বাবে থাকিব ।

পঞ্জাৱ চৰকাৰে পাকিস্তান টেলিকমিউনিকেচন কৰ্তৃপক্ষক প্ৰদেশৰ যিবোৰ অঞ্চলত হিংসাত্মক প্ৰতিবাদ সংঘটিত হৈছে সেই অঞ্চলসমূহত ইণ্টাৰনেট আৰু মোবাইল সেৱা স্থগিত ৰাখিবলৈ অনুৰোধ জনাইছে । পিটিআইৰ বহু সংখ্যক কৰ্মীয়ে ফয়ছালাবাদ চহৰত থকা অভ্যন্তৰীণ মন্ত্ৰী ৰাণা ছানাউল্লাহৰ বাসগৃহতো শিল নিক্ষেপ কৰে । একেদৰে, মুলতান, ঝাং, গুজৰানৱালা, শ্বেখুপুৰা, কাচুৰ, খানৱাল, ভেহাৰী, গুজৰানৱালা, হাফিজাবাদ আৰু গুজৰাট চহৰতো তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ইমৰাণ খানৰ সমৰ্থকসকলে ।

লগতে পঢ়ক:Imran Khan Arrested : পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.