ETV Bharat / bharat

প্ৰধানমন্ত্ৰী মোডী আৰু RSS ৰ বিৰুদ্ধে সৰৱ ইমৰাণ খান

author img

By

Published : Jul 18, 2021, 5:16 PM IST

২৫ জুলাইত নিৰ্ধাৰিত PoK ৰ নিৰ্বাচনৰ প্ৰাকক্ষণত বাগ অঞ্চলত এক জনসভাত উপস্থিত থাকি ইমৰাণ খানে আক্ৰমণ কৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘক । তেওঁৰ মতে বিজেপি আৰু RSS ৰ আদৰ্শই ভাৰতৰ বাবে আটাইতকৈ ডাঙৰ ভাবুকি সৃষ্টি কৰিছে ।

Imran Khan attacks PM Modi  RSS
ভাৰতৰ প্ৰধানমন্ত্ৰী মোডী আৰু RSSৰ বিৰুদ্ধে পুনৰ সৰব ইমৰান খান

নেশ্যনেল ডেস্ক, ১৮ জুলাই : কেন্দ্ৰীয় চৰকাৰে জম্মু-কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ (Article 370) বাতিল কৰাৰ সিদ্ধান্ত লোৱাৰ পৰাই পাকিস্তানৰ সৈতে মত বিৰোধ অব্যাহত আছে ভাৰতৰ । আনকি পাকিস্তানৰ প্ৰধানমন্ত্ৰী তথা নেতাসকলে ভাৰতক বিভিন্ন ধৰণে সমালোচনা কৰা দেখা গৈছে । এইবাৰ পুনৰ পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানে (Imran Khan) আক্ৰমণ কৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী(Narendra Modi) আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘক(RSS) । পাকিস্তান অধিকৃত কাশ্মীৰত (Pakistan-occupied Kashmir) এক নিৰ্বাচনী সভাত অংশ গ্ৰহণ কৰি পাকিস্তানৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে বিভিন্ন ধৰণৰ অভিযোগ উত্থাপন কৰে ভাৰত চৰকাৰৰ বিৰুদ্ধে ।

আনকি খানে নিজকে বিশ্বৰ ভিন্ন প্ৰান্তত থকা সকলো কাশ্মীৰীৰ ব্ৰেণ্ড এম্বেচেডৰ (Brand Ambassador) বুলিও ক'লে । Pok ৰ বাগ অঞ্চলত প্ৰথম নিৰ্বাচন সম্পৰ্কীয় ৰাজহুৱা সভাত ভাষণ দি ইমৰাণ খানে কয় যে, বিজেপি আৰু আৰ এছ এছৰ আদৰ্শই ভাৰতৰ বাবে আটাইতকৈ ডাঙৰ ভাবুকি সৃষ্টি কৰিছে । তেওঁৰ মতে বিজেপি আৰু আৰএছএছয়ে কেৱল মুছলমানসকলক লক্ষ্য কৰা নাই ৷ সমান নাগৰিক হিচাপে বিবেচনা নকৰি শিখ, খ্ৰীষ্টান আৰু অনুসূচীত জাতিসমূহকো লক্ষ্য কৰি লৈছে বিজেপি আৰু আৰএছএছয়ে ।

মোডী চৰকাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি তেওঁ কয় যে অনুচ্ছেদ ৩৭০ বাতিল কৰাৰ পিছত কাশ্মীৰত হিংসা বৃদ্ধি পাইছে । নিজকে সকলো ব্ৰেণ্ড এম্বেচেডৰ বুলি দাবী কৰি তেওঁ কয় যে কাশ্মীৰীসকলৰ ন্যায়সংগত সংগ্ৰামত সদায় কাষত থাকিব পাকিস্তান । কোৰাণৰ উদ্ধৃতি দি পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ সমগ্ৰ বিশ্বৰ কাশ্মীৰীসকলৰ বাবে ৰাষ্ট্ৰদূত আৰু অধিবক্তা হিচাপে কাম কৰি যাব ।

২৫ জুলাইত নিৰ্ধাৰিত pok ৰ নিৰ্বাচনৰ প্ৰাকক্ষণত এই বিস্ফোৰক মন্তব্য কৰে পাকিস্তানৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে । বৰ্ধিত ঋণ আৰু দুৰ্বল অৰ্থনৈতিক অভিলেখৰ মাজতো খানে তেওঁৰ ভাষণত পাকিস্তান তেহৰিক-ই-ইনচাফৰ (PTI) অৰ্থনৈতিক আৰ্হি আৰু চীনে গ্ৰহণ কৰা "মানৱতা প্ৰথম"(humanity first) পদক্ষেপক প্ৰশংসা কৰে । শেহতীয়াকৈ মধ্য-দক্ষিণ এছিয়াৰ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ তাচখন্দত উপস্থিত থকা খানক অনুষ্ঠানটোৰ সময়ত সাংবাদিকে সুধিছিল যে আলোচনা আৰু সন্ত্ৰাস একেলগে চলিব পাৰে নেকি । তেতিয়া তেওঁ কৈছিল যে পাকিস্তানে দীৰ্ঘদিন ধৰি আলোচনাৰ বাবে অপেক্ষা কৰি আছে আৰু পাকিস্তান এখন সভ্য চুবুৰীয়াৰ দৰে আছে ।

লগতে পঢ়ক: ইমৰান খানৰ দলে লাভ কৰিছিল ২.২ বিলিয়ন অবৈধ পুঁজি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.