ETV Bharat / bharat

Weather Forecast : কাইলৈৰ পৰা অসমত Orange Alert জাৰি

author img

By

Published : Jun 12, 2023, 12:59 PM IST

আগন্তুক পাঁচ দিনলৈ অসমত হ’ব ধাৰাসাৰ বৰষুণ ৷ এই তথ্য সদৰী কৰিছে ভাৰতৰ বতৰ বিজ্ঞান বিভাগে ৷ আনকি গুৱাহাটীস্থিত আই এম ডিৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সোমবাৰে অসমত ‘‘Yellow alert’’ আৰু মঙলবাৰৰ পৰা বৃহস্পতিবাৰলৈ ‘‘Orange Alert’’ জাৰি কৰিছে ।

Weather Forecast
আগন্তুক পাঁচ দিনলৈ অসমত হ’ব ধাৰাসাৰ বৰষুণ

নেশ্যনেল ডেস্ক, ১২ জুন : সাৱধান ৰাজ্যবাসী ৷ আগন্তুক পাঁচদিনত আৰু অধিক বেয়া হ’ব পাৰে অসমৰ পৰিস্থিতি ৷ কিয়নো ভাৰতৰ বতৰ বিজ্ঞান বিভাগে জাৰি কৰা এক সতৰ্কবাণী ৷ ভাৰতৰ বতৰ বিজ্ঞান বিভাগে উল্লেখ কৰা অনুসৰি অসমত আগন্তুক পাঁচ দিনলৈ ধাৰাসাৰ বৰষুণ অহাৰ সম্ভাৱনা আছে ৷ গুৱাহাটীস্থিত আই এম ডিৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সোমবাৰে ‘‘Yellow alert’’ আৰু মঙলবাৰৰ পৰা বৃহস্পতিবাৰলৈ ‘‘Orange Alert’’ জাৰি কৰিছে ।

বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি আগন্তুক পাঁচ দিনৰ ভিতৰত বংগোপ সাগৰৰ পৰা উত্তৰ-পূব ভাৰতত নিম্ন চাপৰ দক্ষিণ বা দক্ষিণ-পশ্চিম দিশৰ পৰা অহা বতাহৰ বাবে ধাৰাষাৰ বৰষুণৰ হোৱাৰ সম্ভাৱনা আছে । আৰ এম চিৰ এক বুলেটিনত কয় যে ইয়াৰ প্ৰভাৱত আগন্তুক পাঁচ দিনৰ ভিতৰত অসমত বজ্ৰপাতৰ সৈতে প্ৰৱল বতাহ-ধুমুহা আৰু ধাৰাষাৰ বৰষুণ অহাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে । বুলেটিনত উল্লেখ কৰা অনুসৰি উত্তৰ-পূবৰ অন্যান্য ৰাজ্য যেনে অৰুণাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰামতো এই বতৰৰ তাৰতম্য ঘটিব ৷

আনহাতে, দেওবাৰে দেশৰ ৰাজধানী দিল্লীত আংশিকভাৱে ডাৱৰীয়া হোৱাৰ লগতে সৰ্বোচ্চ উষ্ণতা স্বাভাৱিকতকৈ এক স্তৰ তলত ৩৮.৫ ডিগ্ৰী চেলছিয়াছত হোৱা দেখা যায় । বতৰ বিজ্ঞান বিভাগৰ এজন বিষয়াই সদৰী কৰে এই তথ্য । ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ পূৰ্বাভাস অনুসৰি সোমবাৰেও দিল্লীত একেধৰণৰ বতৰে বিৰাজ কৰাৰ সম্ভাৱনা আছে ।

আই এম ডিৰ এগৰাকী বিষয়াই কয় যে সোমবাৰে দিনটোত দিল্লীত প্ৰৱল বতাহ হ’ব আৰু সৰ্বোচ্চ আৰু সৰ্বনিম্ন তাপমাত্ৰা ক্ৰমে ৪০ আৰু ২৬ ডিগ্ৰী চেলছিয়াছৰ ওচৰত থকাৰ সম্ভাৱনা আছে। আই এম ডিয়ে জনোৱা মতে, দিনটোৰ সৰ্বনিম্ন তাপমাত্ৰা ২৫.২ ডিগ্ৰী চেলছিয়াছ হ’ব ৷ যিটো ঋতুৰ গড়তকৈ তিনি স্তৰ কম । আগন্তুক কেইদিনমানৰ দিল্লীৰ আকাশ ফৰকাল হৈ থকাৰ লগতে বতৰ কিছু শুকান হৈ থাকিব ৷

বতৰ ৱেবছাইট স্কাইমেটৰ তথ্য অনুসৰি সমগ্ৰ দেশতে যোৱা ২৪ ঘণ্টাৰ ভিতৰত আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ কিছু অঞ্চলত ধাৰাষাৰ বৰষুণৰ হোৱাৰ লগতে আন কিছু অঞ্চলত লঘুৰ পৰা মধ্যমীয়া বৰষুণ হোৱা দেখা গৈছিল । উপকূলীয় অঞ্চল যেনে কৰ্ণাটক, কেৰালা, অৰুণাচল প্ৰদেশ আৰু অসমৰ কিছু অংশৰ ওপৰত লঘুৰ পৰা মধ্যমীয়া বৰষুণ হোৱাৰ লগতে দুই এটা ঠাইত ধাৰাসাৰ বৰষুণ হোৱা পৰিলক্ষিত হয় ।

উত্তৰ-পূব ভাৰত, উপকূলীয় ওড়িশাৰ কিছু অংশ, তামিলনাডুৰ কিছু অংশ, তেলেংগানা, মহাৰাষ্ট্ৰ, হাৰিয়ানা, উত্তৰ-পশ্চিম ৰাজস্থান, পঞ্জাৱ, উত্তৰাখণ্ড, হিমাচল প্ৰদেশ আৰু লক্ষদ্বীপতো লঘুৰ পৰা মধ্যমীয়া বৰষুণ হোৱা দেখা যায় ।

লগতে পঢ়ক : Biparjoy Cyclone : সাৱধান! কিছু মুহূৰ্তৰ পাচতেই বিপৰ্যয়ে ধাৰণ কৰিব কালৰূপ; বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.