ETV Bharat / bharat

Manipur Violence : মণিপুৰৰ হিংসাৰ আঁৰত আছিল ম্যানমাৰৰ অনুপ্ৰৱেশকাৰী !

author img

By

Published : May 10, 2023, 9:17 AM IST

মণিপুৰ হিংসাৰ আঁৰত এক পৰিকল্পিত ষড়যন্ত্ৰ আছে বুলি অভিযোগ কৰিছে দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ অধ্যাপক তথা মণিপুৰী চ'চাইটিৰ সদস্য ভগত অ'ইনামে (JNU professor on Manipur crisis)। মেইটেই সম্প্ৰদায়ক এছটিৰ মৰ্যাদা দিলে কুকিসকল নিযুক্তিৰ পৰা বঞ্চিত হোৱাৰ আশংকা কৰিছে ।

Manipur Violence
মণিপুৰৰ হিংসাৰ আঁৰত আছিল ম্যানমাৰৰ অনুপ্ৰৱেশকাৰী

নেশ্যনেল ডেস্ক,১০ মে' : "মণিপুৰৰ হিংসাত্মক ঘটনাত জড়িত আছিল ম্যানমাৰৰ অবৈধ প্ৰব্ৰজনকাৰী (Myanmar Illegal migrants sparked Manipur violence)। হিংসাত্মক ঘটনা এক পৰিকল্পিত ষড়যন্ত্ৰৰ অধীনত সংঘটিত হৈছিল ।" এই অভিযোগ পিপলছ এলায়েন্স ফ’ৰ পিচ এণ্ড প্ৰগ্ৰেছ মণিপুৰ আৰু দিল্লী মণিপুৰী চ'ছাইটিৰ । জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ অধ্যাপক তথা দিল্লীৰ মণিপুৰী চ'চাইটিৰ সদস্য ভগত অ'ইনামে মঙলবাৰে অভিযোগ কৰি কয় যে ম্যানমাৰৰ পৰা অবৈধভাৱে অহা কুকি সম্প্ৰদায়ৰ লোকসকলেও চৰকাৰী চাকৰি লাভ কৰিছে ।

উল্লেখ্য যে পিপলছ এলায়েন্স ফ’ৰ পিচ এণ্ড প্ৰগ্ৰেছ মণিপুৰ আৰু দিল্লী মণিপুৰী চ'ছাইটিয়ে ৰাজ্যখনৰ মেইটেই সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰে (PAPPM on Manipur violence)। এই সংগঠন দুটাই অভিযোগ কৰিছে যে সমগ্ৰ হিংসাত্মক ঘটনাৰ আঁৰত আছে ম্যানমাৰৰ অনুপ্ৰৱেশকাৰী ।

মণিপুৰী চ'চাইটিৰ সদস্য ভগত অ'ইনামে অভিযোগ কৰা মতে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু সেয়েহে ড্ৰাগছ মাফিয়াসকল এই ঘটনাত সক্ৰিয় হৈ পৰিছে (Drugs Mafia involved in Manipur violence)। মণিপুৰৰ এই হিংসাত ড্ৰাগছ মাফিয়াসকলৰ এক বৃহৎ ভূমিকা আছে বুলি তেওঁ দাবী কৰে ।

কুকি সম্প্ৰদায়ৰ লোকসকলে মণিপুৰৰ নিৰ্বাচনী ৰাজনীতিক প্ৰভাৱিত কৰে বুলি স্বীকাৰ কৰি অ'ইনামে কয় যে ৰাজ্যৰ বাহিৰৰ পৰা অহা কুকিসকলে নিজকে ভোটাৰ হিচাপে পঞ্জীয়ন কৰিছে আৰু আনৰ ওপৰত আধিপত্য বিস্তাৰ কৰিবলৈ চেষ্টা কৰি আছে । সেয়েহে এই হিংসা সংঘটিত হৈছে আৰু এটা নিৰ্দিষ্ট সম্প্ৰদায়ৰ লোকক লক্ষ্য কৰি লোৱা হৈছে । মণিপুৰৰ জনসংখ্যাৰ ৫৩ শতাংশ মেইটেই আৰু ইয়াৰে বেছিভাগ ইম্ফল উপত্যকাত বাস কৰে (Meitei of Manipur)। জনজাতীয় নগা আৰু কুকি জনসংখ্যাৰ আন ৪০ শতাংশ, যিসকল পাহাৰীয়া জিলাত বাস কৰে ।

কুকি সম্প্ৰদায়ৰ লোকৰ মাজত এটা শংকা আছে যে যদি মেইটেই সম্প্ৰদায়ক এছ টিৰ মৰ্যাদা দিয়া হয়, তেন্তে কুকি সম্প্ৰদায়ৰ চাকৰিত নিযুক্তিৰ ক্ষেত্ৰত সমস্যা হ'ব পাৰে । সেয়ে এই হিংসাত্মক ঘটনা সংঘটিত হৈছে বুলি অ'ইনামে অভিযোগ কৰে (Kukis and Meiteis clash)।

উল্লেখ্য যে ৩ মে'ত মণিপুৰত মেইটেই সম্প্ৰদায়ৰ অনুসূচীত জনজাতিৰ (এছটি) মৰ্যাদাৰ দাবীৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ ১০ খন পাহাৰীয়া জিলাত "জনজাতীয় সংহতি মাৰ্চ' আয়োজন কৰাৰ পাছতে হিংসাত্মক ঘটনা সংঘটিত হয় । অ'ইনামে জনোৱা মতে মেইটেই সম্প্ৰদায়ৰ কেইবাজনো লোক হিংসাপীড়িত চুৰাচান্দপুৰ জিলাত আবদ্ধ হৈ আছে ।

চুৰাচান্দপুৰ জিলাত হিংসাত্মক ঘটনাৰ এগৰাকী প্ৰত্যক্ষদৰ্শীয়ে কয় যে হিংসাৰ সময়ত তেওঁলোকক সময়মতে সহায় আগবঢ়োৱা হোৱা নাছিল । যদি চৰকাৰে সময়মতে সহায় কৰিলে হয় আৰু হিংসা নিয়ন্ত্ৰণ কৰিলে হয় তেনেহ'লে ইমান ডাঙৰ ঘটনা সংঘটিত নহ'লহেঁতেন । এয়া ৰাজ্য চৰকাৰৰ বিফলতা বুলিও প্ৰত্যক্ষদৰ্শী মহিলাগৰাকীয়ে অভিযোগ কৰে । মহিলাগৰাকীয়ে দাবী কৰিছে যে এই হিংসাত মেইটেই সম্প্ৰদায়ৰ লোকসকলক লক্ষ্য কৰি লোৱা হৈছিল আৰু তেওঁলোকৰ ঘৰবোৰ ভাঙি পেলোৱা হৈছিল ।

লগতে পঢ়ক :Manipur Violence updates: মণিপুৰৰ হিংসাৰ আঁৰত ম্যানমাৰৰ পিডিএফৰ হাত; মণিপুৰ কংগ্ৰেছৰ সভাপতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.