ETV Bharat / bharat

Priyanka Gandhi vs PM Modi: প্ৰধানমন্ত্ৰী মোদীৰ বিপৰীতে বাৰাণসীৰ জনসাধাৰণে বিচাৰে প্ৰিয়ংকা গান্ধীক; সঞ্জয় ৰাউট

author img

By

Published : Aug 14, 2023, 10:10 AM IST

যদি প্ৰিয়ংকা গান্ধীয়ে বাৰাণসীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰে তেন্তে প্ৰিয়ংকা গান্ধীয়ে জয়লাভ কৰিব বুলি কয় সঞ্জয় ৰাউটে ৷ বাৰাণসীৰ জনসাধাৰণে প্ৰিয়ংকা গান্ধীক বিচাৰে বুলিও দাবী কৰে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে ৷

Priyanka Gandhi vs PM Modi
মোদীৰ বিপৰীতে বাৰাণসীৰ জনসাধাৰণে বিচাৰে প্ৰিয়ংকা গান্ধীক

নেশ্যনেল ডেস্ক, 14 আগষ্ট: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত দেখা গ’ল শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউটক ৷ দেওবাৰে সঞ্জয় ৰাউটে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে যদিহে প্ৰিয়ংকা গান্ধীয়ে বাৰাণসীত প্ৰতিনিধিত্ব কৰে তেন্তে প্ৰিয়ংকা গান্ধী জয়ী হ’ব বুলি দাবী কৰে ৷ কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰতিনিধিত্ব কৰা সমষ্টি বাৰাণসীৰ পৰা আগন্তুক লোকসভা নিৰ্বাচনত প্ৰতিনিধিত্ব আগবঢ়ালে হতচকিত কৰি দিব পৰা নিৰ্বাচনী ফলাফল হ’ব পাৰে বুলিও কয় শিৱসেনাৰ সাংসদগৰাকীয়ে ।

এই সন্দৰ্ভত ৰাউটে কয়, ‘‘ভাৰতৰ ৰাজনৈতিক পৰিস্থিতি দ্ৰুতগতিত সলনি হৈছে আৰু কংগ্ৰেছে জনসাধাৰণৰ পৰা সমৰ্থন লাভ কৰিছে । যদি কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে বাৰাণসী লোকসভা সমষ্টিৰ পৰা যুঁজ দিয়ে, তেন্তে প্ৰধানমন্ত্ৰী মোদীৰ বাবে এই নিৰ্বাচন জিকাটো সিমান সহজ নহ’ব, আৰু প্ৰধানমন্ত্ৰী মোদীৰ বাবে প্ৰিয়ংকা গান্ধী বৃহৎ প্ৰত্যাহ্বান হৈ দেখা দিব পাৰে ।’’

উল্লেখ কৰা প্ৰয়োজন যে, 2014 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে মিত্ৰতা ভংগ কৰাৰ বাবে শিৱসেনাৰ মুৰব্বী উদ্ধৱ থাকৰেক দোষাৰোপ কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু এই ক্ষেত্ৰত মোদীক সমালোচনা কৰিছিল ৰাউটে ।

ৰাউটে লগতে কয়, ‘‘মহাৰাষ্ট্ৰৰ সাংসদসকলৰ বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছিল যে 2014 চনত থাকৰেই মিত্ৰতা ভংগ কৰিছিল । তেওঁ মিছা কথা কৈছে যেনেকৈ মহাৰাষ্ট্ৰৰ সকলোৱে জানে যে তেতিয়াৰ বিজেপি নেতা একনাথ সিন্দে থাকৰেক ফোন কৰি বিজেপিয়ে মিত্ৰতা ভংগ কৰাৰ সিদ্ধান্তৰ বিষয়ে অৱগত কৰিছিল ।’’

লক্ষণীয় বিষয় যে, 2024 চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ বিৰুদ্ধে তীব্ৰ আক্ৰমণাত্মক ৰূপ ধাৰণ কৰিছে I.N.D.I.A. তথা বিৰোধী মিত্ৰজোটে ।

লগতে পঢ়ক:77th Independence Day: 77 সংখ্যক স্বাধীনতা দিৱসৰ পূৰ্ব সন্ধিয়া দেশবাসীক উদ্দেশ্যি ভাষণ প্ৰদান কৰিব ৰাষ্ট্ৰপতিয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.