ETV Bharat / bharat

The Kashmir Files controversy: বাসগৃহত বিজেপি কৰ্মীৰ আক্ৰমণৰ প্ৰতিক্ৰিয়া অৰবিন্দ কেজৰিৱালৰ - দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বাসগৃহত আক্ৰমণ

'দ্য কাশ্মীৰ ফাইলছ' ছবিক লৈ কৰা মন্তব্যৰ বিৰুদ্ধে প্ৰতিবাদ স্বৰূপে বিজেপি যুৱ মৰ্চাই দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বাসগৃহত আক্ৰমণ কৰে । এই আক্ৰমণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কেজৰিৱালে (Arvind Kejriwal reaction on BJP vandalism)। তেওঁৰ মতে যদি দেশৰ আটাইতকৈ ডাঙৰ দলটোৱে গুণ্ডামি কৰে ই সমগ্ৰ দেশতে এটা ভুল বাৰ্তা প্ৰেৰণ কৰিব ।

The Kashmir Files controversy
বাসগৃহত বিজেপি কৰ্মীৰ আক্ৰমণৰ প্ৰতিক্ৰিয়া অৰবিন্দ কেজৰিৱালৰ
author img

By

Published : Mar 31, 2022, 5:28 PM IST

নেশ্যনেল ডেস্ক,৩১ মাৰ্চ : দেশত 'দ্য কাশ্মীৰ ফাইলছ' ছবিক লৈ বিতৰ্ক অব্যাহত আছে (The Kashmir Files controversy)। বিধানসভাত ছবিখনক লৈ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে মন্তব্য কৰাৰ (Delhi CM speech on The Kashmir Files) পাছতে এই বিতৰ্ক আৰু বেছি গভীৰ হৈছে । ছবিখনৰ প্ৰচাৰ চলোৱা বিজেপিয়ে ইতিমধ্যে লক্ষ্য কৰি লৈছে অৰবিন্দ কেজৰিৱালক । অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে বিভিন্ন প্ৰান্তত বিজেপি যুৱ মৰ্চাই প্ৰতিবাদ অব্যাহত ৰাখিছে (BJYM protest against Arvind Kejriwal)।

ইয়াৰ মাজতে বুধবাৰে বিজেপি যুৱ মৰ্চাৰ একাংশ কৰ্মীয়ে অৰবিন্দ কেজৰিৱালৰ বাসগৃহত আক্ৰমণ কৰে (BJYM worker attacked residence of Arvind Kejriwal)। এই আক্ৰমণৰ পাছতে পুনৰ মুখ খুলিছে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে (Arvind Kejriwal reaction on BJP vandalism)। কেজৰিৱালৰ মতে যদি দেশৰ আটাইতকৈ ডাঙৰ দলটোৱে গুণ্ডামি কৰে ই সমগ্ৰ দেশতে এটা ভুল বাৰ্তা প্ৰেৰণ কৰিব । এনে পৰিস্থিতিত দেশৰ উন্নয়ন সম্ভৱ নহয় বুলিও তেওঁ অভিযোগ কৰে ।

এক অনুষ্ঠানত তেওঁ কয় যে অৰবিন্দ কেজৰিৱাল দেশতকৈ ডাঙৰ নহয় । তেওঁ দেশৰ বাবে জীৱন উছৰ্গা কৰিব পাৰে । কিন্তু ভাৰত এনেধৰণৰ গুণ্ডামিৰে নচলে । তেওঁ উদ্বেগ প্ৰকাশ কৰি কয় যদি কেন্দ্ৰত থকা বিজেপিয়ে এনে গুণ্ডামিৰ আশ্ৰয় লয় সেইটোৱে ভুল বাৰ্তা প্ৰেৰণ কৰিব আৰু মানুহে সেইটোকে সঠিক উপায় বুলি ভাবিব ।

ইফালে দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াইও বিজেপিক তীব্ৰ সমালোচনা কৰিছে । তেওঁ অভিযোগ কৰা মতে বিজেপিয়ে কেজৰিৱালক হত্যা কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰিছে । মুখ্যমন্ত্ৰীৰ বাসগৃহত আক্ৰমণ চলোৱা সকলৰ বিৰুদ্ধে দিল্লী আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে । জানিব পৰা মতে আঠজন লোকক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ।

লগতে পঢ়ক :চৰ্তবিহীন ক্ষমা বিচাৰক অৰবিন্দ কেজৰিৱালে : তেজস্বী সূৰ্য

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.