নেশ্যনেল ডেস্ক, ২৪ এপ্ৰিল: দিল্লীৰ চিকিৎসালয়সমূহত অক্সিজেনৰ অভাৱত হাহাকাৰ কৰিবলগীয়া হৈছে ক'ভিড ৰোগীয়ে । দিল্লীৰ কেইবাখনো ব্যক্তিগত আৰু চৰকাৰী চিকিৎসালয়ত ক'ভিড-১৯ ত আক্ৰান্ত ৰোগীৰ চিকিৎসাত অক্সিজেন কম হোৱাত দিল্লী উচ্চ ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ ৰায়দান কৰিছে । যদি কেন্দ্ৰীয়, ৰাজ্যিক বা স্থানীয় প্ৰশাসনৰ কোনো বিষয়াই অক্সিজেন যোগান ধৰাত বাধা প্ৰদান কৰে তেন্তে সেই ব্যক্তিগৰাকীক ফাঁচী দিয়া হ'ব বুলি কয় দিল্লী উচ্চ ন্যায়ালয়ে । ন্যায়াধীশ বিপিন সংঘী আৰু ৰেখা পল্লীৰ বিচাৰপীঠে এই ৰায়দান ঘোষণা কৰে । গুৰুতৰভাৱে অসুস্থ ক'ভিড ৰোগীসকলৰ অক্সিজেনৰ অভাৱৰ বাবে মহাৰাজা আগ্ৰাসেন চিকিৎসালয়ে আবেদন দাখিল কৰিছিল । উক্ত আবেদনৰ শুনানিত এই ৰায়দান ঘোষণা কৰে । অক্সিজেন যোগান ধৰাত বাধা প্ৰদান কৰা কোনো লোককে ৰেহাই নিদিয়ে বুলি কয় আদালতে ।
আদালতে অক্সিজেন যোগান ধৰাত বাধা প্ৰদান কৰা স্থানীয় প্ৰশাসনৰ বিষয়াসকলৰ বিষয়ে দিল্লী চৰকাৰ তথা কেন্দ্ৰক অৱগত কৰিবলৈ কয় । যাতে তেওঁলোকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব পাৰে । উল্লেখ্য যে, বুধবাৰে কেন্দ্ৰই ৰাষ্ট্ৰীয় ৰাজধানীৰ অক্সিজেন কোটা ৩৭৮ মেট্ৰিক টনৰ পৰা ৪৮০ মেট্ৰিক টনলৈ বৃদ্ধি কৰিছিল ।
লগতে পঢ়ক: বিশাখাপট্টনমত নৌসেনাৰ বাইক ৰেলীৰ সফল সামৰণি