নিউজ ডেস্ক, 1 জানুৱাৰী: তেলেংগানাৰ হায়দৰাবাদৰ চাদৰঘাটত সংঘটিত হৈছে এক নৃশংস ঘটনা ৷ এজন ব্যক্তিয়ে নিজৰ এবছৰীয়া কন্যাক বিক্ৰী কৰে 70 হাজাৰ টকাত বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হৈছে । শিশুটোৰ মাতৃয়ে চাদাৰঘাট আৰক্ষী চকীত ঘটনাৰ সন্দৰ্ভত অভিযোগ দাখিল কৰাৰ পাছতেই পোহৰলৈ আহে সমগ্ৰ ঘটনা ।
আৰক্ষীয়ে বৃহস্পতিবাৰে এজন ব্যক্তিৰ পৰা শিশুটোক উদ্ধাৰ কৰি মাতৃৰ হাতত অৰ্পণ কৰে ৷ আৰক্ষীয়ে ইতিমধ্যে অভিযুক্ত পিতৃকো আটক কৰি সোধ পোছ অব্যাহত ৰাখিছে ৷ চাদাৰঘাট আৰক্ষী থানাৰ আৰক্ষী বিষয়াই জানিবলৈ দিয়া অনুসৰি শিশুটোৰ পিতৃয়ে অত্যাধিক মদ্যপান কৰে আৰু আৰ্থিক অনাটনৰ বাবে তেওঁ সন্তানক বিক্ৰী কৰাৰ কথা স্বীকাৰ কৰে ৷ চাদাৰঘাট আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা 317 ৰ অধীনত এটা গোচৰ ৰুজু কৰিছে ।
লগতে পঢ়ক : আদমেদাবাদত দৃশ্যমান ভাৰতৰ প্ৰথমটো ৰহস্যময় শিলাস্তম্ভ