নেশ্যনেল ডেস্ক, 25 ডিচেম্বৰ: বিবাহ ! এক সামাজিক বান্ধোন । সামাজিকভাৱে বিবাহৰ যোগেদিহে এজন পুৰুষ আৰু এগৰাকী নাৰীৰ মাজত সম্পৰ্ক স্থাপন হয় । পত্নী গাৰ্হ্যস্থ ধৰ্ম পালনৰ সহধৰ্মিণী । সেইকাৰণে বিবাহিতা পত্নীক সহধৰ্মিণী বুলি কোৱা হয় । কিন্তু এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব যে বিবাহ যদি কেতিয়াবা প্ৰেমিক-প্ৰেমিকাৰ মাজত হয়, আন কেতিয়াবা আকৌ বিবাহ সমাজে বা ঘৰখনেই পছন্দ কৰি দিয়া অৰ্থাৎ এৰেঞ্জ মেৰিজো হয় ৷
ফলত বহু সময়ত দেখা যায় ঘৰখনেই পছন্দ কৰি দিয়া দৰা বা কইনাৰ ইজনৰ সিজনৰ প্ৰতি অসন্তুষ্টি থাকি যায় ৷ এনে বহু উদাহৰণ নথকা নহয় ৷ আজি আমি এই প্ৰতিবেদনত কম এনে এক বিবাহৰ কথা, য’ত বিবাহৰ প্ৰথম ৰাতিয়েই পত্নীক দেখি তীব্ৰ ক্ষোভ আৰু অসন্তুষ্টি প্ৰকাশ কৰিছিল দৰাই ৷ কিন্তু দৰাই এনেকুৱা কি দেখিছিল কইনাৰ মুখতখনত ? যাৰ বাবে দৰাই ক্ষোভ আৰু অসন্তুষ্টি প্ৰকাশ কৰিছিল ৷ সেয়া কম এই প্ৰতিবেদনত ৷
ঘটনা উত্তৰ প্ৰদেশৰ আলিগড়ৰ ৷ পৰিয়ালবৰ্গ তথা আত্মীয় স্বজনৰ পছন্দত ঠিক হৈছিল এখন বিবাহ ৷ বিবাহৰ পূৰ্বে সকলোৱে কইনাক দেখিছিল যদিও কইনাক দেখা নাছিল দৰাই ৷ সামাজিক ৰীতি-নীতি অনুসৰি বিবাহৰ দিন বাৰ ঠিক হ’ল ৷ পিছত আহিল বহু অপেক্ষিত সেই দিনটো ৷ সামাজিক ৰীতি-নীতি অনুসৰি তিনিবাৰ "কবুল হে, কবুল হে, কবুল হে" কৈ দুয়ো আৱদ্ধ হ’ল বিবাহপাশত ৷ সেইখিনিলৈকে সকলো ঠিকেই আছিল ৷ বিবাহৰ পিছতে সাধাৰণতে দৰা যেনেদৰে এক্সাইটেড হয়, সেইদৰে এইজন দৰাও বহুত এক্সাইটেড হৈ আছিল নিজৰ কইনাজনীৰ মুখখন চাবলৈ ৷
কিন্তু কইনাৰ মুখখন চাবলৈ গৈয়ে লাগিল অথন্তৰ ৷ মনত যেনেদৰে কইনাৰ ছবি আঁকি ৰাখিছিল দৰাই, তেনেকুৱা নোলাল কইনা ৷ কাৰণ কইনাৰ গাৰ বৰণ আছি ক’লা ৷ ইয়াৰ পিছতেই আৰম্ভ হয় স্বামীৰ অসন্তুষ্টিৰ বহিঃপ্ৰকাশ ৷ পৰবৰ্তী সময়ত এই অসন্তুষ্টিয়েই কাৰণ হয় তিনি তালাকৰ (Husband gave triple talaq in Aligarh) ৷ অৱশেষত বিয়াৰ ৩ বছৰ পিছত খঙত স্বামীয়ে পত্নীক তিনিবাৰ তালাক-তালাক কৈ ঘৰৰ পৰা বাহিৰ কৰি দিয়ে মহিলাগৰাকীক ।
ইয়াৰ পিছতে বান্নাদেৱী থানাত স্বামীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে ভুক্তভোগী মহিলাগৰাকীয়ে । ভুক্তভোগীৰ অভিযোগ অনুসৰি আৰক্ষীয়ে ৰুজু কৰিছিল তিনি তালাকৰ গোচৰটো । ইফালে গোচৰ ৰুজু কৰা হৈছে যদিও বৰ্তমানলৈকে আৰক্ষীয়ে এই সন্দৰ্ভত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই । সেয়ে ন্যায়ৰ আশাত ভুক্তভোগী মহিলাগৰাকী থানাই থানাই ঘূৰি ফুৰিছে (Triple talaq after marriage in Aligarh) ।
উল্লেখ্য যে, বন্নাদেৱীৰ বাসিন্দা মহিলাগৰাকী ৩ বছৰ পূৰ্বে বিবাহ হৈছিল শৰাই ৰমনৰ সৈতে । বিয়াৰ আগতে দৰা-কইনাৰ পিতৃ ইজনে সিজনৰ নলে-গলে লগা বন্ধু আছিল । বন্ধুৰ ঘৰত কোনো মহিলা নথকাৰ বাবেই নিজৰ ঘৰত খাদ্য বনাই বন্ধুৰ ঘৰলৈ দি পঠিয়াইছিল মহিলাগৰাকীৰ পিতৃয়ে । কিন্তু হঠাৎ ঘটিল এটা অঘটন ৷ এটা দুৰ্ঘটনাত মৃত্যুক সাৱটি লয় মহিলাগৰাকীৰ পিতৃয়ে ৷ আনহাতে, মৃতকৰ ঘনিষ্ঠ বন্ধুজনে নিজৰ কৰ্তব্য পালন কৰি পুত্ৰৰ সৈতে বন্ধুৰ কন্যাৰ বিয়া কৰাই দিয়ে ।
কিন্তু বিবাহৰ পিছত প্ৰথম নিশাই কইনাৰ ক’লা মুখখন দেখি খং উঠিল স্বামীৰ । এই কথাত ক্ষুব্ধ হৈ স্বামীয়ে পত্নীৰ পৰা দূৰত্ব বজাই ৰাখিবলৈ আৰম্ভ কৰে । লাহে লাহে দুয়োৰে মাজৰ দূৰত্ব ইমানেই বাঢ়ি গ’ল যে অৱশেষত বিয়াৰ ৩ বছৰৰ পাছত স্বামীয়ে পত্নীক তিনি তালাক দি ঘৰৰ পৰা উলিয়াই দিয়ে (Husband divorce to wife after marriage in Aligarh) । ৩ বছৰ ধৰি স্বামীগৃহতে আছিল পত্নী ।
থানাত তিনি তালাকৰ গোচৰ ৰুজু কৰিছে ভুক্তভোগীয়ে । কিন্তু, এতিয়ালৈকে আৰক্ষীয়ে অভিযুক্ত স্বামীক আটক কৰিব পৰা নাই । সেয়েহে অতি সোনকালে স্বামীক কৰায়ত্ব কৰি ন্যায় দিবলৈ আহ্বান জনাইছে ভুক্তভোগী মহিলাগৰাকীয়ে ৷
লগতে পঢ়ক: Viral Leave Application : দুদিন পিছত মোৰ মাৰ মৃত্যু হ'ব ! ভাইৰেল ছুটীৰ দৰ্খাস্ত