ETV Bharat / bharat

Home remedy for Remove Tan: প্ৰখৰ ৰ’দৰ বাবে পিঠি ক‘লা পৰিছে নেকি ? ঘৰুৱাভাৱে লওক ছালৰ যতন - পিঠি ক‘লা পৰিলে কি কৰিব

ফেশ্বনৰ এই যুগত বহু মহিলাই বেক ৰিভিলিং ড্ৰেছ পিন্ধিব বিচাৰে, কিন্তু বহুবাৰ ৰ’দৰ উত্তাপৰ বাবে পিঠি ক’লা হৈ পৰাৰ ফলত এনে পোছাক পৰিধান কৰিবলৈ বহু মহিলাই কুণ্ঠাবোধ কৰে ৷ সেয়ে ইয়াৰ বাবে পিঠিৰ টেনিং আঁতৰোৱাটো প্ৰয়োজনীয় ৷ জানো আহক আমি কিদৰে ঘৰতে টেনিং আঁতৰাব পাৰো ৷

How to Remove Tan from the Back Know this home remedy
প্ৰখৰ ৰ’দৰ ফলত পিঠি ক‘লা হৈ পৰিছে নেকি ? এই ঘৰুৱা উপায়বোৰ হ’ব ফলপ্ৰসূ
author img

By

Published : Aug 17, 2023, 1:30 PM IST

যদি আপোনাৰ পিঠিত মলি আৰু ক’লা ৰং জমা হয়, তেন্তে শৰীৰৰ সামগ্ৰিক সৌন্দৰ্যতাত বেয়াকৈ প্ৰভাৱ পৰে ৷ আপুনি নিশ্চয় প্ৰায়ে দেখিছে যে শীতকালেই হওক বা গ্ৰীষ্মকালেই হওক, মহিলা আৰু যুৱতীয়ে বিয়া বা পাৰ্টিত বেকলেছ ড্ৰেছ বা বেক ৰিভিলিং ড্ৰেছ পিন্ধি ভাল পায় ৷ যিয়ে তেওঁলোকৰ সৌন্দৰ্য বৃদ্ধি কৰে, কিন্তু যদি আপোনাৰ পিঠিত অত্যধিক টেনিং বা ক'লা পৰে তেতিয়া এনে সাজ-পোছাক পিন্ধিবলৈ নিশ্চয় দ্বিধাবোধ হ’ব ৷ আপুনি কোনবোৰ ঘৰুৱা উপায় কৰিব পাৰে জানো আহক, যিয়ে আপোনাক এখন সুন্দৰ পিঠি পোৱাত সহায় কৰিব ৷

পিঠিৰ ক’লা ৰং কেনেকৈ আঁতৰাব ?

বেচন আৰু হালধিৰ পেষ্ট লগাব

মুখখন ধুনীয়া কৰিবলৈ আপুনি নিশ্চয় প্ৰায়ে বেচন আৰু হালধিৰ পেষ্ট প্ৰয়োগ কৰে ৷ একেটা প্ৰতিকাৰ আপোনাৰ পিঠিৰ বাবেও উপযোগী হ’ব পাৰে ৷ ইয়াৰ বাবে এটা বাটিত দৈ আৰু বেচন মিহলাই তাৰ পিছত কিছু দৈ দিব ৷ পেষ্ট তৈয়াৰ হ’লে পিঠিত ১৫ৰ পৰা ২০ মিনিট লগাব ৷ যদি আপুনি নিয়মিতভাৱে এই কাম কৰে তেন্তে এসপ্তাহৰ ভিতৰত ইয়াৰ ফলাফল পাব ৷

গ্লিচাৰিন আৰু গাখীৰ মিহলাই লওক

বলীউডৰ চেলিব্ৰিটিৰ দৰে কোমল আৰু চিকচিকিয়া পিঠি পাবলৈ হ’লে গ্লিচাৰিন আৰু গাখীৰৰ সহায় ল’ব পাৰি ৷ ইয়াৰ বাবে এটা বাটিত গাখীৰ ঢালি তাৰ পিছত নেমুৰ ৰস তাত গ্লিচাৰিন মিহলাই লওক ৷ এতিয়া পিঠিত লগাই ১৫ মিনিট ৰাখিব ৷ শেষত কুহুমীয়া পানীৰে ধুই কোমল কাপোৰেৰে পৰিষ্কাৰ কৰক ৷ পিছফালে এক নতুন জিলিকনি দেখা পাবলৈ আৰম্ভ কৰিব ৷

অমিতাৰ সহায় লওক

অমিতা আমাৰ ছালৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয়, যাৰ বাবে ইয়াক বহুতো ছালৰ যত্ন লোৱা সামগ্ৰীত ব্যৱহাৰ কৰা হয় ৷ আপুনি অমিতা থেতেলিয়াই তাত দৈ আৰু অটছৰ গুড়ি ভালদৰে মিহলাই লওক ৷ পেষ্ট তৈয়াৰ হ’লে পিঠিত পাতল হাতেৰে ঘঁহি দিব ৷ কিছু সময় শুকুৱাই থৈ শেষত পিঠিখন পৰিষ্কাৰ পানীৰে ধুব ৷ কিছুদিন এনেকৈ কৰিলে তেতিয়া পিঠিৰ ক’লা ৰং নাইকিয়া হৈ যাব ৷

লগতে পঢ়ক: Amazing Benefits Of Neem: এনেদৰে ব্যৱহাৰ কৰক নিমপাত, শালমইনাৰ পৰা উফিলৈকে নাথাকিব কোনো চিনচাব

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.