ETV Bharat / bharat

Daily Salt Intake: দিনটোত আমি কিমান পৰিমাণে নিমখ খাব লাগে ? সঠিক পৰিমাণ জানিলে স্তম্ভিত হৈ পৰিব আপুনি

author img

By

Published : Jun 13, 2023, 1:43 PM IST

যদি সঠিক পৰিমাণত নিমখ খোৱা হয় তেন্তে ই স্বাস্থ্যৰ বাবে উপকাৰী । কিন্তু অত্যধিক নিমখ সেৱনে ৰক্তচাপ তথা হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে । নিমখ গ্ৰহণ কৰাৰ প্ৰতি সকলোৱে সাৱধান হোৱাটো উচিত, যাতে দীৰ্ঘদিনলৈ স্বাস্থ্য সুস্থ কৰি ৰাখিব পৰা যায় ।

How much salt is right to eat in a day? You will be shocked to know the right amount, excessive intake is harmful
দিনটোত আমি কিমান পৰিমাণে নিমখ খাব লাগে ? সঠিক পৰিমাণ জানিলে স্তম্ভিত হৈ পৰিব আপুনি

আমাৰ খাদ্য আৰু পানীয়ৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উপাদান হ’ল নিমখ । বেছিভাগ খাদ্যতে নিমখ ব্যৱহাৰ কৰা হয় । নিমখে খাদ্যৰ সোৱাদ বৃদ্ধি কৰাই নহয়, ই শৰীৰৰ বাবেও অতি প্ৰয়োজনীয় । যদি নিমখ সঠিক পৰিমাণত সেৱন কৰা হয়, তেন্তে ই স্বাস্থ্যৰ বাবে বহু উপকাৰ সাধন কৰে, কিন্তু ইয়াৰ অতিমাত্ৰা সেৱনে বহু গুৰুতৰ ৰোগো কঢ়িয়াই আনিব পাৰে ।

বিশ্ব স্বাস্থ্য সংস্থা (WHO)ৰ তথ্য অনুসৰি বিশ্বৰ অধিকাংশ লোকে প্ৰতিদিনে ৯ৰ পৰা ১২ গ্ৰামতকৈ অধিক নিমখ সেৱন কৰে, যিটো স্বাস্থ্যৰ বাবে অতি বিপদজনক । যদি নিমখৰ সেৱন কমি যায়, তেন্তে বিশ্বত প্ৰতি বছৰে ২৫ লাখ লোকৰ মৃত্যু ৰোধ কৰিব পৰা যাব । আজি আমি চিকিৎসকৰ পৰা জানিম যে দৈনিক কিমান চামুচ নিমখ খোৱাটো উচিত ৷

How much salt is right to eat in a day? You will be shocked to know the right amount, excessive intake is harmful
১৫ বছৰৰ তলৰ শিশুৱে প্ৰাপ্তবয়স্কতকৈও কম নিমখ খাব লাগে

চিকিৎসকৰ মতে, সকলো প্ৰাপ্তবয়স্ক লোকে প্ৰতিদিনে ৫ গ্ৰামতকৈ কম অৰ্থাৎ ১ চামুচতকৈ কম নিমখ খাব লাগে । ১৫ বছৰৰ তলৰ শিশুৱে প্ৰাপ্তবয়স্কতকৈও কম নিমখ খাব লাগে । বেছিকৈ নিমখ খালে স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পৰিব পাৰে । অত্যধিক নিমখ সেৱনে উচ্চ ৰক্তচাপ আৰু হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে ।

এনে পৰিস্থিতিত মানুহে নিজৰ নিমখ নিয়ন্ত্ৰণ কৰিব লাগে । জাংক ফুড আৰু জলপানত নিমখৰ পৰিমাণ বেছি থাকে, যিটো পৰিহাৰ কৰাটো লাভদায়ক । খাদ্যত নিমখ কমকৈ দিব লাগে । মহিলাসকল নিমখৰ প্ৰতি অধিক সংবেদনশীল, গতিকে তেওঁলোকে অধিক সাৱধান হোৱাটো উচিত ।

প্ৰাপ্তবয়স্ক লোকে প্ৰতিদিনে ৫ গ্ৰামতকৈ কম নিমখ খাব লাগে

এই কামটো সপ্তাহত এবাৰ কৰক

চিকিৎসকে কয় যে, নিমখৰ ফলত হোৱা ক্ষতি ৰোধ কৰিবলৈ মানুহে সপ্তাহত এবাৰ নিমখবিহীন খাদ্য খাব লাগে । এনে কৰিলে শৰীৰৰ নিমখৰ কোনো ক্ষতি নহ’ব আৰু ইয়াৰ ভাৰসাম্য শৰীৰত থাকিব । জাংক ফুড আৰু প্ৰচেছড ফুড কমকৈ খাব লাগে । জলপানতো নিমখৰ পৰিমাণ বেছি হয় আৰু জলপান পৰিহাৰ কৰিব লাগে । বিশেষকৈ যিসকলে উচ্চ ৰক্তচাপৰ সমস্যাৰ সৈতে যুঁজি আছে, তেওঁলোকে নিমখৰ প্ৰতি সাৱধান হোৱা উচিত । নিমখ নিয়ন্ত্ৰণৰ পিচতো যদি ৰক্তচাপ নিয়ন্ত্ৰণহীন হৈ পৰিছে তেন্তে তৎক্ষণাৎ চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো উচিত ৷

দিনটোত আমি কিমান পৰিমাণে নিমখ খাব লাগে ?

নিমখৰ অপকাৰিতা

চিকিৎসকগৰাকীৰ মতে, ৰক্তচাপ বৃদ্ধি কৰাৰ উপৰিও অধিক পৰিমাণে নিমখ খালে পানী জমা হোৱাৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে । ইয়াৰ ফলত হাত-ভৰি ফুলি উঠিব পাৰে । বেছিকৈ নিমখ সেৱন কৰিলে সঘনাই পিয়াঁহ লাগিব পাৰে । অত্যধিক নিমখ খালে বহু ধৰণৰ কেন্সাৰ, হৃদৰোগকে ধৰি বহুতো গুৰুতৰ ৰোগৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে । অতিমাত্ৰা নিমখ সেৱনৰ লগত বহু ৰোগৰ সম্পৰ্ক আছে । এনে পৰিস্থিতিত সকলোৱে নিমখ কমকৈ খাব লাগে আৰু নিজকে সুস্থ কৰি ৰাখিবলৈ চেষ্টা কৰিব লাগে । অত্যধিক নিমখ আপোনাৰ শৰীৰৰ বাবে বিপদজনক হ’ব পাৰে ।

লগতে পঢ়ক: International Albinism Awareness Day 2023: কি হয় এলবিনিজম ৰোগ ? ইয়াৰ বিষয়ে বিশদভাৱে জানো আহক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.