ETV Bharat / bharat

Maharashtra Political Crisis : শিৱসেনাৰ মুৰব্বী উদ্ধৱ ঠাকৰেৰ সৈতে কিমানগৰাকী বিধায়ক আছে ?

মহাৰাষ্ট্ৰত শিৱসেনাৰ বিভাজন (Shiv Sena splits in Maharashtra )। গুৱাহাটীত বাহৰ পাতিছে প্ৰায় সংখ্যক শিৱসেনাৰ বিসম্বাদী বিধায়ক । কিন্তু এতিয়াও একাংশ বিধায়কে লগ এৰা নাই শিৱসেনাৰ মুৰব্বী উদ্ধৱ ঠাকৰেৰ ।

author img

By

Published : Jun 23, 2022, 1:11 PM IST

Maharashtra Political Crisis
একাংশ বিধায়কে লগ এৰা নাই শিৱসেনাৰ মুৰব্বী উদ্ধৱ ঠাকৰেৰে

নেশ্যনেল ডেস্ক,২৩ জুন : মহাৰাষ্ট্ৰৰ ৰাজনৈতিক পৰিস্থিতি বৰ্তমান সমগ্ৰ দেশৰে চৰ্চিত বিষয় (Maharashtra political crisis)। ইতিমধ্যে শিৱসেনাৰ ভিতৰচ'ৰাত তীব্ৰ সংকটে দেখা দিছে । দুটা ভাগত বিভক্ত হৈছে শিৱসেনা । প্ৰভাৱশালী নেতা তথা মন্ত্ৰী একনাথ সিন্দেয়ে বিসম্বাদৰ আৰম্ভ কৰাৰ লগে লগে ইতিমধ্যে একাংশ বিধায়ক বিসম্বাদী শিবিৰত যোগ দিছে ।

বহু বিধায়কে সিন্দেৰ পক্ষ লোৱাটোৱে উচিত বুলি ভাবিলে । যাৰ বাবে প্ৰায় বেছিখিনি বিধায়কে ইতিমধ্যে গুৱাহাটীৰ ৰেডিচন ব্লু হোটেলত সিন্দেৰ সৈতে বাহৰ পাতিছে (Shiv Sena MLA at Guwahati)। এতিয়া মুখ্যমন্ত্ৰী তথা শিৱসেনাৰ সভাপতি উদ্ধৱ ঠাকৰেৰে সৈতে আছে মাত্ৰ ১৩ গৰাকী বিধায়ক ।

উল্লেখ্য যে প্ৰথমে সিন্দে আৰু তেওঁৰ কেইগৰাকীমান সতীৰ্থই চুৰাটত উপস্থিত হৈছিল । ইয়াৰ পৰৱৰ্তী সময়ত বিধায়কসকল গুৱাহাটীলৈ ৰাওনা হয় । এতিয়া এজন এজনকৈ নতুন বিধায়কে আহি এই বিসম্বাদী শিবিৰত যোগ দিয়া পৰিলক্ষিত হৈছে । ইফালে এই বিদ্ৰোহে ৰাজ্যখনৰ শাসনাধিষ্ঠ মহা বিকাশ আঘাদীত যথেষ্ট প্ৰভাৱ পেলাইছে । আনহাতে শিৱসেনা বিভাজনৰ পথত আছে বুলিও বহুতে দাবী কৰিছে ।

প্ৰথম অৱস্থাত একনাথ সিন্দেৰ সৈতে আছিল ৩৪ গৰাকী বিধায়ক আছিল । কিন্তু শিৱসেনাৰ সভাত অংশগ্ৰহণ কৰা বিধায়কসকলেও শেহতীয়াকৈ একনাথ সিন্দেৰ শিবিৰত যোগ দিছে । বিদ্ৰোহী বিধায়কসকলৰ ভিতৰত আছে শম্ভুৰাজে দেশাই, আব্দুল সাত্তাৰ, বাচ্চু কাদু, সন্দীপন ভূমাৰে, প্ৰতাপ চাৰানায়েক, সুহাস কান্দে, তানাজী সাৱন্ত, ভাৰত গোগাভালে, যামিনী যাদৱ, অনিল বাবৰ, প্ৰকাশ সুৰভে, বালাজী কল্যাণকাৰ, প্ৰকাশ অবিটকাৰ, সঞ্জয় শিৰসাত, শ্ৰীনিবাস ভানাগা, মহেশ চিন্দে, সঞ্জয় ৰাইমুলকাৰ, বিশ্বনাথ ভোইৰ, সীতাৰাম মোৰে, ৰমেশ বৰ্ণেৰ, চিমানৰাও পাটিল, লাহুজী বাপু পাটিল, মহেন্দ্ৰ দলৱী, প্ৰদীপ জয়ছোৱাল, মহেন্দ্ৰ থৰ্ভে, কিশোৰ পাটিল, জ্ঞানৰাজ চৌগুলে, বালাজী কিনেকাৰ, উদয় সিং ৰাজপুত, ৰাজকুমাৰ পেটেল, লতা সোনৱানে, নীতিন দেশমুখ, গায়কৱান আৰু সঞ্জয় মনদেকৰ ।

কিন্তু বুধবাৰে মাজনিশা শিৱসেনাৰ আৰু ৭ গৰাকী বিধায়কে বিদ্ৰোহত যোগদান কৰাৰ কথা প্ৰকাশ পাইছে । তেওঁলোকৰ ভিতৰত দাদৰ সদা সৰ্বঙ্কৰৰ বিধায়ক আৰু কুৰ্লা সমষ্টিৰ বিধায়ক মংগেশ কুদালকাৰ বৃহস্পতিবাৰে পুৱাই গুৱাহাটীত উপস্থিত হয় । জানিব পৰা মতে বাকী ৫ গৰাকী বিধায়ক ক্ৰমে দাদা ভুছে, উদয় সামন্ত, দীপক কেচৰকাৰ, সঞ্জয় ৰাঠৌৰ আৰু দিলীপ মামা লেণ্ডেও শীঘ্ৰেই গুৱাহাটীত উপস্থিত হ'ব ।

কেৱল কেইগৰাকীমান বিধায়কহে এতিয়া উদ্ধৱ ঠাকৰেৰ সৈতে আছে (MLAs support Shiv Sena Chief Uddhav Thackeray)। শিৱসেনাত বৰ্তমান বাকী থকা বিধায়কসকলক উদ্ধৱ ঠাকৰেৰ ঘনিষ্ঠ বুলি গণ্য কৰা হৈছে । উদ্ধৱ ঠাকৰেৰ সৈতে থকা বিধায়কসকল হৈছে :

১) অজয় চৌধুৰী - শিৱদী

২) ৰমেশ কোৰগাঁওকাৰ - ভাণ্ডুপ পি

৩) সুনীল ৰাউত - বিখৰোলী

৪) ৰবীন্দ্ৰ বৈকাৰ - যোগেশ্বৰী

৫) আদিত্য ঠাকৰে - ৱৰ্লি

৬) প্ৰকাশ ফাটাৰফেকাৰ - চেম্বুৰ

৭) সুনীল প্ৰভু - দিনদোশী

৮) সঞ্জয় পটনিছ - কালিনা

৯) নিতিন দেশমুখ - বালাপুৰ

১০) ৰাজন চালভি - লানজা

১১) বৈভৱ নায়েক - কুদাল

১২) কৈলাস পাটিল - ওচমানাবাদ

১৩) ভাস্কৰ যাদৱ - গুহাগৰ

লগতে পঢ়ক :Maharashtra Political Crisis: উদ্ধৱ ঠাকৰেৰ বিৰুদ্ধে মুম্বাইত ৰুজু গোচৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.