ETV Bharat / bharat

চিকিৎসালয় কৰ্তৃপক্ষৰ হেমাহিঃ পিতৃৰ শেষকৃত্য সম্পন্ন কৰাৰ পৰা বঞ্চিত পুত্ৰ - father's demise and cremation

কৰ'ণাত আক্ৰান্ত পিতৃয়ে চাৰি দিন পূৰ্বেই চিৰবিদায় মাগিলে । কিন্তু পিতৃৰ মৃত্যুৰ পিছতো পুত্ৰই পিতৃৰ বাবে যোগান ধৰি থাকিল খাদ্য, ফলৰ ৰস আৰু কাপোৰকে ধৰি বহু সামগ্ৰী । চিকিৎসালয় কৰ্তৃপক্ষয়ো গ্ৰহণ কৰিলে সকলো সামগ্ৰী । পুত্ৰই উমানেই নাপালে যে, তেওঁৰ পিতৃ এই পৃথিৱীত নাই । কেৱল এয়াই নহয়, চিকিৎসালয় কৰ্তৃপক্ষৰ চূড়ান্ত হেমাহিৰ বাবে পিতৃৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰাৰ পৰাও বঞ্চিত হ'ল পুত্ৰ ।

পিতৃৰ শেষকৃত্য সম্পন্ন কৰাৰ পৰা বঞ্চিত পুত্ৰ

author img

By

Published : Apr 24, 2021, 4:42 PM IST

নেশ্যনেল ডেস্ক, ২৪ এপ্ৰিল: চিকিৎসালয় কৰ্তৃপক্ষৰ দায়িত্বহীনতাৰ বাবে পিতৃৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰাৰ পৰাও বঞ্চিত হ'ল পুত্ৰ । এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত । প্ৰয়াগৰাজৰ এছ আৰ এন ক'ভিড এল ৩ চিকিৎসালয়ত যোৱা ১৩ এপ্ৰিলৰ পৰা চিকিৎসাধীন হৈ আছিল বাচিলালৰ পিতৃ মতিলাল । যোৱা ১৭ এপ্ৰিলতে মতিলালে শেষ নিশ্বাস ত্যাগ কৰে ।

পুত্ৰ বাচিলালে জনোৱা মতে, ৮২ বছৰীয়া মতিলালৰ বাবে তেওঁ ২১ এপ্ৰিললৈকে দৈনিক খাদ্য, ফলৰ ৰস আৰু কাপোৰ চিকিৎসালয়ৰ কৰ্মচাৰীসকলক দি আহিছিল । চিকিৎসালয়ৰ কৰ্মচাৰীসকলেও এই সামগ্ৰীবোৰ সংগ্ৰহ কৰিছিল আৰু কৈছিল যে সেইবোৰ মতিলালক হস্তান্তৰ কৰা হৈছে । কিন্তু ২১ এপ্ৰিলত, বাচিলালক জনোৱা হৈছিল যে, ৰোগীয়ে খাদ্য সামগ্ৰী আৰু কাপোৰ ল'বলৈ অস্বীকাৰ কৰিছে ।

পিতৃৰ শেষকৃত্য সম্পন্ন কৰাৰ পৰা বঞ্চিত পুত্ৰ
পিতৃৰ শেষকৃত্য সম্পন্ন কৰাৰ পৰা বঞ্চিত পুত্ৰ

ইয়াৰ পিছত পিতৃৰে সৈতে কথা পাতিবলৈ অনুমতি দিবলৈ বাচিলালে চিকিৎসালয়ৰ কৰ্মচাৰীসকলক জোৰ দিয়ে । অৱশেষত তেওঁক কোভিড ৱাৰ্ডৰ ভিতৰলৈ লৈ যোৱা হয় । কিন্তু তেওঁ নিজৰ পিতৃৰ ঠাইত আন এজন লোকক দেখি হতবাক হৈ পৰে । এই বিষয়ে চিকিৎসালয়ৰ কৰ্মচাৰীসকলক সোধাত বাচিলালে অৱগত হয় যে, মতিলালৰ স্বাস্থ্যৰ অৱস্থা সংকটজনক হৈ পৰিছিল আৰু যোৱা ১৭ এপ্ৰিলত তেওঁৰ মৃত্যু হয় ।

বাচিলালক তেওঁৰ পিতৃৰ মৃত্যুৰ প্ৰমাণপত্ৰও দিয়া হৈছিল । উক্ত দিনাই আন পৰিচয়বিহীন মৃতদেহৰ সৈতে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হৈছিল মতিলালৰ । কেৱল চিকিৎসালয় প্ৰশাসনৰ অৱহেলাৰ বাবেই ধৰ্মীয় ৰীতি-নীতি অনুসৰি তেওঁ পিতৃৰ শেষকৃত্যৰ ব্যৱস্থা কৰিব নোৱাৰিলে বুলি দুখ প্ৰকাশ কৰিছে বাচিলালে । আনহাতে, চিকিৎসালয় পৰিচালনা বিভাগে দাবী কৰিছে যে, মতিলালৰ মৃত্যুৰ পিছত একে নামৰ আন এজন ৰোগীক ভৰ্তি কৰোৱা হৈছিল চিকিৎসালয়খনত ।

ফলত কৰ্মচাৰীসকলৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি হৈছিল বুলি দায় সৰা মন্তব্য কৰে । এতিয়া, বাচিলালে ন্যায়ৰ দাবী জনাইছে । চিকিৎসালয়ৰ দায়িত্বহীন কৰ্মচাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছে বাচিলালে । এফালে পিতৃৰ বিয়োগৰ শোক, আনফালে পিতৃৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰাৰ পৰা বঞ্চিত হোৱাৰ দুখে দহিছে বাচিলালক ।

লগতে পঢ়ক:বিশাখাপট্টনমত নৌসেনাৰ বাইক ৰেলীৰ সফল সামৰণি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.