ETV Bharat / bharat

উত্তৰ-পূৱৰ আঠ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰে বৈঠকত মিলিত হ'ব কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ

author img

By

Published : Jul 24, 2021, 1:16 PM IST

শনিবাৰে উত্তৰ-পূৰ্ৱাঞ্চলৰ আঠখন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ'ব কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ(Union Home Minister Amit Shah) । এই বৈঠকত আন্তঃৰাজ্যিক সীমান্ত সমস্যাকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰাৰ সম্ভাৱনা আছে । ইতিমধ্যে দুদিনীয়া ভ্ৰমণসূচীৰে মেঘালয়ত উপস্থিত হৈছে কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকী ।

Home minister Amit Shah to chair meeting of NE CMs Saturday
উত্তৰ-পূৱৰ ৰাজ্যকেইখনৰ মুখ্যমন্ত্ৰীৰে বৈঠকত মিলিত হ'ব কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ

নেশ্যনেল ডেস্ক, ২৪ জুলাই: দুদিনীয়া ভ্ৰমণসূচীৰে মেঘালয়ত উপস্থিত হ'ল কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ(Union Home Minister Amit Shah) । শনিবাৰে এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ'ব । শুকুৰবাৰে চৰকাৰী বিষয়াসকলে জানিবলৈ দিয়া মতে, কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ সভাপতিত্বত অনুষ্ঠিত হ'বলগীয়া এই বৈঠকত অংশগ্ৰহণ কৰিব উত্তৰ-পূৰ্ৱাঞ্চলৰ আঠখন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলকে ধৰি মুখ্য সচিব আৰু আৰক্ষী প্ৰধানসকলে । এই বৈঠকত আন্তঃৰাজ্যিক সীমান্ত সমস্যাকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰাৰ সম্ভাৱনা আছে ।

উত্তৰ-পূৰ্ৱাঞ্চলৰ ৰাজ্যসমূহৰ ভিতৰত আছে অসম, মেঘালয়, ত্ৰিপুৰা, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, অৰুণাচল প্ৰদেশ আৰু ছিকিম । অৰুণাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ড আৰু মিজোৰামৰ সৈতে দীৰ্ঘ দিন ধৰি অসমৰ সীমা সংঘাত অব্যাহত আছে । অমিত শ্বাহৰ কাৰ্যসূচী সন্দৰ্ভত বিষয়াসকলে কয় যে, তেওঁ শ্বিলঙৰ উপকণ্ঠ অঞ্চল মাওৱিঙত আন্তঃৰাজ্যিক বাছ আস্থান(Inter-State Bus Terminus) আৰু নিউ শ্বিলং টাউনশ্বিপৰ ক্ৰায়'জেনিক প্ৰকল্প উদ্বোধন কৰিব । দেওবাৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ছোহৰা পানী যোগান আঁচনিখনৰো উদ্বোধন কৰিব ।

একেটা দিনতে ৰামকৃষ্ণ মিছনৰ আশ্ৰম ভ্ৰমণ কৰাৰ সম্ভাৱনা আছে । ছোহৰা শ্বিলঙৰ পৰা দক্ষিণ দিশত প্ৰায় ৬৫ কিলোমিটাৰ দূৰত অৱস্থিত । ছোহৰাৰ পৰা বাংলাদেশৰ সমভূমিৰ দৃশ্যমান হয় ।

কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে স্থানীয় সংগঠনসমূহৰ নেতাসকলৰ সৈতে ৩০ মিনিটৰ বৈঠকত মিলিত হৈ তেওঁলোকৰ বিভিন্ন অভিযোগ়ৰ ওপৰতো আলোচনা কৰাৰ সম্ভাৱনা আছে । ইনাৰ লাইন পাৰ্মিট(Inner Line Permit), আন্তঃৰাজ্যিক সীমা বিবাদ, অষ্টম অনুসূচীত খাচী ভাষাৰ অন্তৰ্ভুক্তি আৰু ভাৰতৰ সংবিধানৰ ষষ্ঠ অনুসূচীৰ সংশোধন আদি বিষয়ত তেওঁলোকে কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীৰ আগত কেতবোৰ প্ৰশ্ন উত্থাপন কৰিব বুলি স্থানীয় সংগঠনসমূহৰ এক সূত্ৰই জানিবলৈ দিছে । আনহাতে, কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীৰ ভ্ৰমণৰ বাবে ৰাজ্যখনত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে । আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীক সতৰ্ক হৈ থাকিবলৈ আৰু চহৰখনত টহল বৃদ্ধি কৰিবলৈ নিৰ্দেশ দিয়া হৈছে ।

বিশেষকৈ আন্তঃৰাজ্যিক বাছ আস্থানলৈ আৰু নিউ শ্বিলং টাউনশ্বিপলৈ যোৱা পথবোৰত নিৰাপত্তা কটকটীয়া কৰা হৈছে । কিয়নো, মন্ত্ৰীগৰাকীয়ে উক্ত স্থানত দুটা প্ৰকল্প উদ্বোধন কৰাৰ কথা আছে । নিৰাপত্তা ব্যৱস্থাৰ অংশ হিচাপে হেলিপেডৰ পৰা অনুষ্ঠানস্থলীলৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক লৈ যোৱাত সুবিধা হোৱাকৈ বৃহস্পতিবাৰে এক মকড্ৰিলও কৰা হয় । গৃহ বিভাগৰ এজন জ্যেষ্ঠ বিষয়াই জনোৱা মতে, আইন-শৃংখলাৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ লকডাউন শিথিল কৰা স্বত্বেও জিলা প্ৰশাসনে শনিবাৰে আৰু দেওবাৰে সকলো বজাৰ আৰু ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ ৰখাৰ নিৰ্দেশ দিছে ।

লগতে পঢ়ক:ফোনকল টেপিঙক লৈ ৰাহুল গান্ধীৰ অভিযোগৰ প্ৰত্য়ুত্তৰ বিজেপিৰ মুখপাত্ৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.