নেশ্যনেল ডেস্ক, ২৯ মে': শুকুৰবাৰে জম্মু-কাশ্মীৰ আৰক্ষীয়ে কুলগাম জিলাৰ ফ্ৰিচাল অঞ্চলৰ পৰা সন্ত্ৰাসবাদী সংগঠন হিজব-উল-মুজাহিদ্দীন (এইচএম)ৰ এজন সক্ৰিয় সদস্যক গ্ৰেপ্তাৰ কৰে । লগতে বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰকে ধৰি বহু আপত্তিজনক সামগ্ৰীও উদ্ধাৰ কৰে ।
কুলগামৰ ফৈজলত এইচএমৰ সদস্য আত্মগোপন কৰি থকাৰ তথ্যৰ পাচতে উক্ত অঞ্চলত কুলগাম আৰক্ষীয়ে ৰাষ্ট্ৰায় ৰাইফলছ (আৰ আৰ) আৰি চি আৰ পি এফৰে এক যুটীয়া অভিযান চলাই গ্ৰেপ্তাৰ কৰে দুধৰ্ষ সন্ত্ৰাসবাদীজনক । গ্ৰেপ্তাৰ কৰা সন্ত্ৰাসবাদীজন জাকিৰ ভাট বুলি জানিব পৰা গৈছে ।
কুলগাম জিলাৰে বাসিন্দা আছিল জাকিৰ ভাট । যোৱা আঠ বছৰ ধৰি চোপিয়ানত বাস কৰিছিল সন্ত্ৰাসবাদী জাকিৰ ভাট । এই সন্দৰ্ভত কুলগাম আৰক্ষীয়ে নিজাববীয়াকৈ জাকিৰ ভাটৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰে ।
ইফালে, উক্ত দিনাই চোপিয়ানৰ গানাপোৰা অঞ্চলৰ বাগিচাতো জম্মু-কাশ্মীৰ আৰক্ষীয়ে অভিযান চলায় । উক্ত অঞ্চলতো সন্ত্ৰাসবাদী আত্মগোপন কৰি থকাৰ তথ্য লাভ কৰাৰ পাচতে জম্মু-কাশ্মীৰ আৰক্ষীয়ে ৪৪ আৰ আৰ আৰু ১৪লং বেটেলিয়ন চিআৰপিএফৰ সৈতে এক যুটীয়া অভিযান চলায় ।
সন্ত্ৰাসবাদীকেইজনক আত্মসমৰ্পন কৰিবলৈ আৰক্ষীয়ে বাৰাম্বাৰ কৈছিল যদিও আৰক্ষীকে নিৰ্বিচাৰ গুলীবৰ্ষণ কৰে । তাৰ প্ৰত্যুত্তৰ হিচাপে জম্মু-কাশ্মীৰ আৰক্ষীয়েও গুলীবৰ্ষণ কৰে । ফলত এজন সন্ত্ৰাসবাদী নিহত হয় ।
নিহত সন্ত্ৰাসবাদীজন আৱেন্দ চোপিয়ানৰ বাসিন্দা আইতমাদ আহমেদ দাৰ বুলি চিনাক্ত কৰা হৈছে । সংগঠন লস্কৰ-ঈ-তৈবা (এলইটি)ৰ সদস্য আছিল আইতমাদ আহমেদ দাৰ ।
আৰক্ষীয়ে জনোৱা অনুসৰি, নিহত সন্ত্ৰাসবাদীজন ২৬ মাৰ্চৰ পৰা সংগঠনটোৰ সক্ৰিয় সদস্য আছিল আৰু কেইবাটাও সন্ত্ৰাসবাদী অপৰাধৰ গোচৰৰে জড়িত আছিল । ইফালে, এনকাউণ্টাৰ হোৱা স্থানৰ পৰা .১ এ কে-৫৬ ৰাইফল আৰু বহু আপত্তিজনক সামগ্ৰীৰ লগতে অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰে ।
লগতে পঢ়ক: পতঞ্জলি ব্ৰেণ্ডৰ নামেৰে তেল পেকিং কৰা কাৰখানা জব্দ: ভেজালীকৰণৰ অভিযোগ