ETV Bharat / bharat

History of ropes used in national flag : কোনে যোগান ধৰে লাল কিল্লাৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলনত ব্যৱহৃত ৰছী ? - Uses of Rope

দিল্লীৰ লাল কিল্লাত প্ৰতিবছৰে গণৰাজ্য দিৱস আৰু স্বাধীনতা দিৱস কেন্দ্ৰীয়ভাৱে পালন কৰা হয় । সেই সময়ত দেশৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে উত্তোলন কৰা ৰাষ্ট্ৰীয় পতাকাত বিশেষ ৰছী ব্যৱহাৰ কৰা হয় । সেই ৰছী কোনে আৰু ক'ত প্ৰস্তুত কৰে ?

History of ropes used in national flag
কোনে যোগান ধৰে লাল কিল্লাৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলনত ব্যৱহৃত ৰছী
author img

By

Published : Aug 12, 2023, 2:33 PM IST

নেশ্যনেল ডেস্ক,১২ আগষ্ট : সমাগত স্বাধীনতা দিৱস । সমগ্ৰ দেশে পালন কৰিব এই বিশেষ দিনটো । প্ৰতি বছৰৰ দৰে এইবাৰো প্ৰধানমন্ত্ৰীয়ে লালকিল্লাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব । আমি সকলোৱে জানো যে ৰাষ্ট্ৰপতিয়ে গণৰাজ্য দিৱসত আৰু প্ৰধানমন্ত্ৰীয়ে স্বাধীনতা দিৱসত ৰাজধানী দিল্লীত কেন্দ্ৰীয়ভাৱ আয়োজিত কাৰ্যসূচীত পতাকা উত্তোলন কৰে । কিন্তু আপুনি কেতিয়াবা চিন্তা কৰিছে নে ৰাষ্ট্ৰীয় পতাকাত ব্যৱহৃত ৰছীডাল ক'ৰ পৰা আহে ? ইয়াৰ এক সুকীয়া কাহিনী আছে ।

ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ বাবে ব্যৱহৃত ৰছীডাল গোৰ্খি মাল ধনপত ৰায় জৈন ফাৰ্মে বিনামূলীয়াকৈ প্ৰদান কৰে । এই প্ৰতিষ্ঠান সদৰ বজাৰৰ তেলিৱাড়াৰ কুতুব ৰোডত অৱস্থিত । যেতিয়া পঞ্চম জৰ্জ ১৯১১ চনত ভাৰতলৈ আহিছিল, দিল্লী দৰবাৰ কিংছৱে কেম্পত স্থাপন কৰা হৈছিল । প্ৰতিষ্ঠানটো তেতিয়াৰ পৰাই চলি আছে । প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী নৰেশ চান্দ জৈনে ইটিভি ভাৰতৰ সৈতে ৰছীৰ ঐতিহাসিক বিৱৰণৰ বিষয়ে উল্লেখ কৰিছে । তেওঁ কয় যে ১৯৪৭ চনৰ পৰা স্বাধীনতা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীলৈ আৰু ১৯৫০ চনৰ পৰা গণৰাজ্য দিৱসত ৰাষ্ট্ৰপতিলৈ এই ৰছী প্ৰেৰণ কৰা হয় ।

নৰেশ জৈনে কয় যে ২০০১ চনত যেতিয়া অটল বিহাৰী বাজপেয়ী প্ৰধানমন্ত্ৰী আছিল, প্ৰথমবাৰৰ বাবে স্বাধীনতা দিৱস উপলক্ষে বিনামূলীয়াকৈ এই ৰছী প্ৰদান কৰা হৈছিল । তাৰ পাছত, দেশৰ প্ৰতিগৰাকী প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতিক বিনামূলীয়াকৈ ৰছী প্ৰদান কৰা হয় । নৰেশ জৈনে কয় যে প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতিক বিনামূলীয়াকৈ প্ৰদান কৰা ৰছীডাল নিৰ্মাণৰ বাবে বিশেষ যত্ন লোৱা হয় । কিন্তু এই ৰছীবোৰ কিহৰ দ্বাৰা প্ৰস্তুত কৰা হয় ? জৈনে সুৰক্ষাজনিত কাৰণত এই কথা প্ৰকাশ কৰাৰ পৰা বিৰত থাকে । কিয়নো আন কোনো ব্যৱসায়ীয়ে ৰছী দিব বিচাৰিলেও সুৰক্ষা সংস্থাবোৰে ইয়াক গ্ৰহণ নকৰে ।

তেওঁ জনোৱা মতে এক প্ৰক্ৰিয়া আছে যাৰ অধীনত এই কাম কৰা হয় । তেওঁ কয় যে যেতিয়াৰে পৰা চৰকাৰক বিনামূলীয়াকৈ ৰছী প্ৰদান কৰা হৈ আছে, তেতিয়াৰে পৰা চৰকাৰে এই ৰছী তেওঁলোকক ওভতাই দি আছে ।

নৰেশে বিশ্বাস কৰে যে এয়া এক ৰাষ্ট্ৰীয় ঐতিহ্য, যাক তেওঁলোকে সম্পূৰ্ণৰূপে সুৰক্ষিত কৰি ৰাখিছে । এই ৰছীবোৰ চৰকাৰে অতি সুন্দৰকৈ পেকিং কৰে আৰু ওভতাই পঠিয়ায় । ইয়াৰ পেকেজিঙৰ ওপৰত, যিসকলক উপহাৰ দিয়া হৈছিল তেওঁলোকৰ নাম আৰু বছৰ চৰকাৰী মোহৰ আৰু প্ৰমাণপত্ৰৰ সৈতে লিখা থাকে । ৰছী প্ৰদান কৰাৰ বাবে অনুষ্ঠানটো আয়োজন কৰা সেনাই প্ৰশংসাৰ প্ৰমাণপত্ৰও প্ৰদান কৰে ।

নৰেশে কয় যে এই ৰছীৰ সৈতে এটা বিশেষ অনুভৱ সংলগ্ন হৈ আছে । দেশৰ বাবে কিবা কৰাৰ অনুভৱ হয় । ২০০১ চনৰ পূৰ্বে সেই সময় অনুসৰি হাৰ নিৰ্ধাৰণ কৰি চৰকাৰৰ পৰা ধন লোৱা হৈছিল । নৰেশে কয় যে সেনা বিষয়াসকলে তেওঁৰ পৰা ৰছী গ্ৰহণ কৰে । ৰছীডাল গৈ আহিবলৈ প্ৰায় ২ মাহ সময় লাগে । একে সময়তে, বায়ু সেনাই ফাৰ্মখনলৈ বহু প্ৰকাৰৰ উপহাৰো প্ৰদান কৰে । দিল্লীৰ বেছিভাগ চৰকাৰী প্ৰতিষ্ঠানত, ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিবলৈ এই ফাৰ্মৰ ৰছীয়ে ব্যৱহাৰ কৰা হয় । তেওঁ দিল্লীৰ লেফটেনেণ্ট গভৰ্ণৰক বিনামূলীয়াকৈ এডাল ৰছীও উপহাৰ দিয়ে । লগতে, চৰকাৰী বিদ্যালয়, কাৰ্যালয় আৰু সাধাৰণ ৰাইজৰ বহুলোকক ৰছী প্ৰদান কৰা হয় ।

নৰেশে লগতে ৰয় যে পূৰ্বে প্ৰতিজন ব্যক্তিয়ে ৰছীৰ খাটিয়া ব্যৱহাৰ কৰিছিল । এতিয়া বজাৰত কাঠৰ বিচনা উপলব্ধ । এতিয়া কোনেও ৰছীৰ সেই খাটিয়া ক্ৰয় কৰিব নিবিচাৰে । লাহে লাহে, ৰছীৰ প্ৰৱণতা, উপযোগিতা আৰু চাহিদাও হ্ৰাস পাইছে । কিন্তু আজিও বিভিন্ন ক্ষেত্ৰত, নিৰ্মাণ কাৰ্যত আৰু সেনাবাহিনীৰ মাজত ৰছীৰ চাহিদা আছে । তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে 'হৰ ঘৰ তিৰঙ্গা' অভিযান আৰম্ভ কৰাৰ পাছৰে পৰা আগষ্ট মাহত ৰছীৰ চাহিদা বৃদ্ধি পাইছে ।

নৰেশ জৈনে কয় যে ১৯৯৫ চনত যেতিয়া দিল্লীত কংগ্ৰেছ চৰকাৰ আছিল । তেতিয়া ৰছীক বিক্ৰী কৰৰ পৰা ৰেহাই দিয়া হৈছিল । পূৰ্বে, ৭ শতাংশ কৰ আছিল । এতিয়া জিএছটি আৰোপ কৰা হৈছে । মৰাপাটৰ ৰছীৰ ৫ শতাংশ জিএছটি, আনহাতে পলিপ্ৰপাইলিন ৰছীৰ (প্লাষ্টিক) ১২ শতাংশ জিএছটি । পৰিবহন খণ্ডতো ৰছী বহুত ব্যৱহাৰ কৰা হয় । এতিয়া বেছিভাগ ট্ৰাকতে কণ্টেইনাৰ ব্যৱহাৰ কৰা হয় । যাৰ বাবে ৰছীৰ ব্যৱহাৰ হ্ৰাস পাইছে । বৰ্তমান, গৰু আৰু ম'হক এৰাল দিবলৈ, সামৰিক বাহিনী, ক্ষেত্ৰ, কুঁৱা, কাপোৰ শুকুৱাবলৈ, তম্বু, পেণ্ডেল আদিত ৰছী ব্যৱহাৰ কৰা হয় ।

ৰছী নাৰিকল, বিভিন্ন প্ৰকাৰৰ ঘাঁহ,পলিপ্ৰপাইলিন বা প্লাষ্টিক আৰু কপাহ আদিৰ পৰা প্ৰস্তুত কৰা হয় । ৰাজস্থান, উত্তৰ প্ৰদেশ আৰু ওড়িশাত বিভিন্ন প্ৰকাৰৰ ঘাঁহৰ পৰা আৰু কেৰালাত নাৰিকলৰ ৰছী সৰ্বাধিক উৎপাদিত হয় । কুতুব ৰোড তেলিৱাড়া সদৰ বজাৰ থকা অঞ্চলটো এসময়ত সদৰ কাব্বাদি বজাৰ আছিল । ইয়াতেই ৰছীৰ পাইকাৰী ব্যৱসায়ো আছিল । এটা সময়ত, ইয়াত ২৫০ খন দোকানত ৰছী বিক্ৰী কৰা হৈছিল । এতিয়া মাত্ৰ ৮ ৰ পৰা ১০ খন দোকানহে বাকী আছে । এতিয়া ৰছীৰ কামৰ সৈতে জড়িত ব্যৱসায়ীসকল আন চহৰ বা দিল্লীৰ বাহিৰলৈ স্থানান্তৰিত হৈছে । এই বজাৰত ১ মিঃমিঃৰ পৰা ৪৮ মিঃমিঃলৈ ৰছী উপলব্ধ ।

লগতে পঢ়ক :Delhi Service Bill : আইনত পৰিণত দিল্লী সেৱা বিধেয়ক; ৰাষ্ট্ৰপতিৰ অনুমোদন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.